নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যজুৰি পথ অৱৰোধ মিজোৰামৰ মুখ্যমন্ত্রীৰ পুত্তলিকা দাহ

লাইলাপুৰৰ ঘটনাক লৈ ৰাজ্যজুৰি অব্যাহত প্রতিবাদ

নিয়মীয়া বাৰ্তা ২৯ জুলাইঃ অসম–মিজোৰাম সীমান্তত মিজোৰাম আৰক্ষী আৰু দুর্বৃত্তই অসম আৰক্ষীৰ ওপৰত কৰা আক্রমণৰ ঘটনাৰ প্রতিক্রিয়া অব্যাহত আছে৷ এই ঘটনাক একমুখে গৰিহণা দিয়াৰ লগতে ৰাজ্যজুৰি দল–সংগঠনে অব্যাহত ৰাখিছে প্রতিবাদী কার্যসূচী৷ আজি ৰাজ্যৰ ভিন্ন প্রান্তত কেইবাটাও দল–সংগঠনে মিজো আৰক্ষীক গৰিহণা দিয়াৰ লগতে ৰূপায়ণ কৰে প্রতিবাদী কার্যসূচী৷ অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে ৰাজ্যৰ ভিন্ন প্রান্তত পথ অৱৰোধ কৰাৰ লগতে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ প্রতিমূর্তি দাহ কৰি বিক্ষোভ প্রদর্শন কৰে৷ এই প্রতিবাদী কার্যসূচীৰ জৰিয়তে অসমৰ সীমামূৰীয়া ৰাজ্যসমূহৰ লগত থকা বহুদিনীয়া সমস্যা শীঘ্রে নিষ্পত্তি কৰা, সীমান্ত অঞ্চলত নিয়োজত প্রতিজন অসম আৰক্ষীৰ জোৱানৰ নিৰাপত্তা সুনিশ্চিত কৰা, সীমান্তৱর্তী অঞ্চলত বসবাস কৰা খিলঞ্জীয়া অসমীয়া লোকসকলৰ জীৱন আৰু বাসস্থান সুৰক্ষিত কৰাকে ধৰি কেইবাটাও দাবী উত্থাপন কৰিছে৷

তদুপৰি অসম আৰক্ষীৰ ওপৰত নির্বিচাৰ গুলীচালনা কৰা দুষৃকতিকাৰীক শীঘ্রে গ্রেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্রদান কৰিবলৈও যুৱ–ছাত্র পৰিষদে দাবী উত্থাপন কৰিছে৷ গুৱাহাটীৰ আমবাৰীত কেন্দ্রীয় গৃহমন্ত্রী শ্বাহৰ প্রতিকৃতি দাহ কৰি প্রতিবাদ সাব্যস্ত কৰে কামৰূপ মহানগৰ জিলা সমিতিয়ে৷ মহানগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক প্রদীপ মজুমদাৰৰ নেতৃত্বত ৰূপায়ণ কৰা এই কার্যসূচীত কেন্দ্রীয় সমিতিৰ কার্যনির্বাহক সদস্য সঞ্জীৱ ৰায়চৌধুৰীকে ধৰি বহুসংখ্যক বিষয়ববীয়া উপস্থিত থাকে৷

ইপিনে আম আদমী পার্টীৰ অসম ৰাজ্যিক কমিটীয়ে জনতা ভৱনৰ সন্মুখত প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে৷ হাতে হাতে প্লেকার্ড, বেনাৰ আদি লৈ আম আদমী পার্টীয়ে প্রতিবাদ সাব্যস্ত কৰাৰ লগতে সীমান্তৰ সমস্যা শীঘ্রে সমাধান কৰিবলৈ দাবী উত্থাপন কৰে৷ ইপিনে অসম আৰক্ষীৰ ওপৰত কৰা এই আক্রমণৰ ঘটনাৰ ন্যায়িক তদন্তৰ দাবী উত্থাপন কৰিছে হিন্দু যুৱ–ছাত্র পৰিষদে৷ এক বিবৃতিত পৰিষদৰ কেন্দ্রীয় সভাপতি বলেন বৈশ্য আৰু সাধাৰণ সম্পাদক মাধৱ দাসে কয় যে ন্যায়িক তদন্ত হ’লে সকলো ষড়যন্ত্র পোহৰলৈ আহিব৷ সেই অঞ্চলসমূহৰ পৰা জনজাতীয় লোকসকলক খেদি ৰহিংগ্যাক সংস্থাপন কৰিবলৈ ষড়যন্ত্র চলি আহিছে বুলিও পৰিষদে অভিযোগ উত্থাপন কৰে৷
শিৱসাগৰত প্রতিবাদ
নিয়মীয়া বার্তা, শিৱসাগৰঃ শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলিত কেন্দ্রীয় গৃহমন্ত্রীৰ পুত্তলিকা দাহ কৰি প্রতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ শিৱসাগৰ জিলা সমিতিয়ে৷
তিনিচুকীয়াত গৃহমন্ত্রীৰ পুত্তলিকা দাহ
বিশেষ বার্তা, তিনিচুকীয়াঃ অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ তিনিচুকীয়া জিলা সমিতিয়ে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ প্রতিকৃতি দাহ কৰি প্রতিবাদ সাব্যস্ত কৰে৷ পৰিষদৰ কেন্দ্রীয় সমিতিৰ উপ–সভাপতি কণ গগৈ আৰু যুটীয়া সম্পাদক সুৰজিৎ মৰাণ উপস্থিত থকা এই বিক্ষোভ কার্যসূচীৰ জৰিয়তে শীঘ্রে সীমা সমস্যা সমাধানৰ দাবী উত্থাপন কৰিছে৷
মাজুলীত উত্তাল প্রতিবাদ
নিয়মীয়া বার্তা, বনগাঁওঃ অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ মাজুলী জিলা সমিতিয়ে কেন্দ্রীয় গৃহমন্ত্রীৰ পুত্তলিকা দাহ কৰাৰ লগতে বিভিন্ন দাবীত উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷ এই কার্যসূচীত পূব মাজুলী আঞ্চলিকে সহযোগ কৰাৰ লগতে কমলাবাৰী, দক্ষিণপাট আঞ্চলিকৰ বিষয়ববীয়াসকল উপস্থিত থাকে৷
টেঙাখাতত পথ অৱৰোধ
নিয়মীয়া বার্তা, টেঙাখাতঃ টেঙাখাত আঞ্চলিক জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে ঘাইপথ অৱৰোধ কার্যসূচীৰ জৰিয়তে প্রতিবাদ সাব্যস্ত কৰে৷ মিজো আৰক্ষী মুর্দাবাদ, সীমা সমস্যা সমাধান কৰক আদি শ্লোগানেৰে প্রতিবাদকাৰীসকলে সমগ্র অঞ্চলটোৰ আকাশ–বতাহ কঁপাই তোলে৷
সোণাৰিত উত্তাল প্রতিবাদ
নিয়মীয়া বার্তা, সোণাৰিঃ লাইলাপুৰৰ ঘটনাক লৈ আজি প্রতিবাদত উত্তাল হৈ পৰিল চৰাইদেউ জিলাৰ সদৰ সোণাৰি৷ অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে অমিত শ্বাহৰ পুত্তলিকা দাহ কৰি প্রতিবাদ সাব্যস্ত কৰে৷
টিংখাঙত মিজোৰামৰ মুখ্যমন্ত্রীৰ প্রতিকৃতি দাহ
নিয়মীয়া বার্তা, টিংখাংঃ টিংখাঙৰ ৰাজগড়ত তাই আহোম ছাত্র সন্থাই মিজোৰামৰ মুখ্যমন্ত্রী জ’ৰামথাংগাৰ প্রতিকৃতি দাহ কৰি প্রতিবাদ সাব্যস্ত কৰে৷
কেন্দ্রীয় গৃহমন্ত্রী–মিজোৰামৰ্ মুখ্যমন্ত্রীৰ প্রতিকৃতি দাহ
বিশেষ বার্তা, যোৰহাটঃ অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ যোৰহাট জিলা সমিতিয়ে মিঠাপুখুৰীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু মিজোৰামৰ মুখ্যমন্ত্রী জ’ৰামথাংগাৰ প্রতিকৃতি দাহ কৰি প্রতিবাদ সাব্যস্ত কৰে৷
ডিব্রুগড়ত প্রতিবাদ
বিশেষ বার্তা, ডিব্রুগড়ঃ লাইলাপুৰত সংঘটিত ঘটনাৰ প্রতিবাদ জনাই আজি অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ ডিব্রুগড় জিলা সমিতিয়ে কেন্দ্রীয় গৃহমন্ত্রীৰ পুত্তলিকা দাহ কৰি প্রতিবাদ সাব্যস্ত কৰে৷

You might also like