নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশজুৰি ৯৯.৩৭ শতাংশ উত্তীর্ণৰ হাৰ

চিবিএছইৰ দ্বাদশ শ্রেণীৰ ফলাফল

 নিয়মীয়া বাৰ্তা ৩১ জুলাইঃ ক’ভিড–১৯সৃষ্ট পৰিস্থিতিৰ ফলত পৰীক্ষা বাতিল কৰাৰ পাছত নতুন মূল্যায়ন পদ্ধতিৰে আজি চি বি এছ ইৰ দ্বাদশ শ্রেণীৰ ফলাফল ঘোষণা কৰা হয়৷ পূর্বৰ দৰে এইবেলি চি বি এছ ইৰ দ্বাদশ শ্রেণীৰ ফলাফলত মেধাৱীৰ তালিকা প্রকাশ হোৱা নাই৷ আজি বিয়লি দুই বজাত ঘোষিত ফলাফল অনুসৰি দেশৰ উত্তীর্ণৰ হাৰ ৯৯.৩৭ শতাংশ৷ ঘোষিত ফলাফলত ছাত্রক চেৰ পেলাইছে ছাত্রীয়ে৷ ছাত্রৰ তুলনাত ছাত্রীয়ে ০.৫৪ শতাংশ অধিক উত্তীর্ণ হৈছে৷ ত্রিবান্দ্রমত সর্বাধিক ৯৯.৮৯ শতাংশৰ বিপৰীতে উত্তৰ–পূর্বাঞ্চলৰ গুৱাহাটী মণ্ডলত উত্তীর্ণৰ হাৰ ৯৯.৩১ শতাংশ৷ মুঠ প্রায় ১৪ লাখ পৰীক্ষার্থীৰ ভিতৰত ১২.৯৬ লাখ পৰীক্ষার্থী উত্তীর্ণ হোৱাৰ বিপৰীতে ৬,১৪৯জন শিক্ষার্থীয়ে কম্পাৰমেণ্টেল লাভ কৰে৷ অর্থাৎ কম্পাৰমেণ্ট লাভ কৰা শিক্ষার্থীৰ হাৰ ০.৪৭ শতাংশ৷

চি বি এছ ইৰ দ্বাদশ শ্রেণীৰ ফলাফলত কেন্দ্রীয় বিদ্যালয়সমূহৰ ফলাফল ১০০ শতাংশ৷ ইয়াৰ ভিতৰত জৱাহৰ নৱোদয় বিদ্যালয়ৰ ৯৯.৯৪ শতাংশ উত্তীর্ণৰ হাৰ৷ দেশৰ ১৬টা মণ্ডলৰ ভিতৰত ত্রিবান্দ্রমত সর্বাধিক উত্তীর্ণৰ হাৰ ৯৯.৮৯ শতাংশ৷ বাংগালুৰু ৯৯.৮৩ শতাংশ, চেন্নাই ৯৯.৭৭ শতাংশ, দিল্লীত পশ্চিম ৯৯.৮৪ শতাংশ, দিল্লী পূব ৯৯.৮৪ শতাংশ, পঞ্চকুলা ৯৯.৫৪ শতাংশ, চণ্ডীগড় ৯৯.৪৭ শতাংশ, ভূপাল ৯৯.৩৪ শতাংশ, ভুবনেশ্বৰ ৯৯.৫৫ শতাংশ, পুনে ৯৯.৩৫ শতাংশ, আজমেৰ ৯৯.২৯ শতাংশ, নইদা ৯৯.০২ শতাংশ, গুৱাহাটী ৯৯.৩১ শতাংশ, ডেৰাডুন ৯৮.৬৪ শতাংশ, প্রয়াগৰাজ ৯৮.৫৯ শতাংশ আৰু পাটনাত উত্তীর্ণৰ হাৰ ৯৮.৯১ শতাংশ৷

ঘোষিত ফলাফলত ৯৫ শতাংশতকৈ অধিক নম্বৰ লাভ কৰিছে ৫.৩৭ শতাংশই৷ অর্থাৎ ৭০,০০৪জনে ৯৫ শতাংশৰ ওপৰত নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ আনপিনে ৯০ শতাংশতকৈ অধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ১,৫০,১৫২জনে৷ আজি চি বি এছ ইৰ দ্বাদশ শ্রেণীৰ উত্তীর্ণ পৰীক্ষার্থীসকলক টুইটাৰযোগে অভিনন্দন জনাইছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ টুইটাৰত প্রধানমন্ত্রীগৰাকীয়্ কয়– ‘চি বি এছ ইৰ দ্বাদশ শ্রেণীৰ পৰীক্ষাত সফলতাৰে উত্তীর্ণ মোৰ যুৱ বন্ধুসকলক অভিনন্দন৷ এক উজ্জ্বল, সুখী আৰু সুস্থ ভৱিষ্যতৰ শুভকামনা জনাইছোঁ৷ যিসকলে অধিক পৰিশ্রম কৰিলে অধিক ভাল ফলাফল দেখুৱাব পাৰিম বুলি বিশ্বাস কৰে, তেওঁলোকক মই ক’ব বিচাৰোঁ যে আপোনালোকৰ অভিজ্ঞতাৰ পৰাই শিকক আৰু মোৰ মূৰ দাঙি এক উজ্জ্বল আৰু সুযোগ সন্ধানী ভৱিষ্যতৰ বাবে আগবাঢ়ি যাওক৷ আপোনালোক প্রত্যেকেই প্রতিভাৰ শক্তিশালী ভাণ্ডাৰ৷ সদায় মোৰ শুভেচ্ছা থাকিব৷’ আনপিনে কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানেও টুইটাৰযোগে দ্বাদশ শ্রেণীৰ পৰীক্ষাত উত্তীর্ণ শিক্ষার্থীসকলক অভিনন্দন জ্ঞাপন কৰে৷ উল্লেখ্য যে কাইলৈ চি বি এছ ইৰ দশম শ্রেণীৰ ফলাফল ঘোষণা কৰিব৷

You might also like