আন্তর্জাতিক মহাকাশ আস্থানত ৰাছিয়ান মডিউলত হঠাতে জ্বলি উঠিল জুই
নিয়মীয়া বাৰ্তা ৩১ জুলাইঃ আমেৰিকান মহাকাশ গৱেষণা সংস্থা নাছাই সদৰী কৰা অনুসৰি আজি আন্তর্জাতিক মহাকাশ আস্থান (আইএছএছ) হঠাতে অস্থিৰ হৈ পৰে৷ ৰাছিয়াই নতুন প্রেৰণ কৰা এক মডিউলৰ যান্ত্রিক বিজুতি ঘটি হঠাতে জুই জ্বলি উঠাৰ ফলত মহাকাশ আস্থান কেইটামান মিনিটৰ বাবে অস্থিৰ হয়৷ অৱশ্যে মিছন কণ্ড্র’লৰ দায়িত্বত থকা কর্মীসকলে তৎপৰতাৰে এই অস্থিৰতাৰ উপশম ঘটাবলৈ সক্ষম হয়৷
মহাকাশ আস্থানৰ কাম–কাজ ইয়াৰ কিছুসময় পাছত স্বাভাৱিক হৈ পৰে৷ এই ঘটনা সন্দর্ভত এক তদন্ত আৰম্ভ কৰিছে নভোচৰসকলে৷ আমেৰিকা আৰু ৰাছিয়াই উল্লেখ কৰা অনুসৰি মহকাশ আস্থানত থকা সাতগৰাকী নভোচৰ সুকলমে আছে৷ কোনোধৰণৰ বিপর্যয়ৰ আশংকা নাই বুলি নাছাৰ তৰফৰ পৰাও সদৰী কৰা হৈছে৷ নাছাৰ এগৰাকী বিষয়ববীয়াই উল্লেখ কৰা অনুসৰি ৰাছিয়াই প্রেৰণ কৰা নাওকা জেটৰ ইঞ্জিনত হঠাতে জুই জ্বলি উঠিছিল যদিও পাছত সেয়া নিয়ন্ত্রণলৈ আহে৷