নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্তর্জাতিক যাত্রীবাহী বিমান সেৱাত নিষেধাজ্ঞা বৃদ্ধি

নিয়মীয়া বাৰ্তা ৩১ জুলাইঃ ক’ভিড মহামাৰীৰ সংক্রমণৰ তৃতীয় জোৱাৰৰ আশংকা কৰি কেন্দ্রীয় চৰকাৰে আন্তর্জাতিক যাত্রীবাহী বিমানৰ উৰণৰ সেৱাৰ ক্ষেত্রত ৩১ আগষ্টলৈকে নিষেধাজ্ঞা বৃদ্ধি কৰিছে৷ অসামৰিক উৰণ বিভাগত সঞ্চালকপ্রধানে এই নিষেধাজ্ঞা জাৰি কৰিছে৷ ৩১ আগষ্টৰ মাজনিশালৈকে নিষেধাজ্ঞা অব্যাহত থাকিব৷ অৱশ্যে কার্গ’ বিমানসমূহৰ ক্ষেত্রত এই নিষেধাজ্ঞা বলৱৎ নহ’ব৷ ইতিমধ্যে অসামৰিক উৰণ সঞ্চালকালয়ে যিবোৰ বিশেষ বিমানৰ সেৱাৰ ক্ষেত্রত অনুমতি প্রদান কৰিছে সেয়া পূর্বৰ দৰে বাহাল থাকিব৷ বর্তমান দেশৰ কেইবাখনো ৰাজ্যত ক’ভিড সংক্রমিত লোকৰ সংখ্যা বৃদ্ধি পাইছে৷

You might also like