মধ্যপ্রাচ্যত ডেল্টা প্রকৰণৰ সংক্রমণে সৃষ্টি কৰিব চতুর্থ জোৱাৰ
নিয়মীয়া বাৰ্তা ৩১ জুলাইঃ ক’ভিড–১৯ৰ পৰিৱর্তিত ডেল্টা প্রকৰণে মধ্যপ্রাচ্যত সংক্রমণৰ চতুর্থ জোৱাৰ সৃষ্টি কৰিব পাৰে৷ বিশ্ব স্বাস্থ্য সংস্থা (হু)ই শেহতীয়াকৈ এই সতর্কবাণী কৰিছে৷ মধ্যপ্রাচ্যত ২২খন দেশ তথা স্বায়ত্তশাসিত অঞ্চলৰ ১৫খন দেশত ইতিমধ্যে ডেল্টা প্রকৰণে সংক্রমণৰ সংহাৰ সৃষ্টি কৰিছে৷ মৰক্কোৰ পৰা পাকিস্তানলৈকে এই বৃহৎ অঞ্চলটোত যদি সংক্রমণৰ চতুর্থ জোৱাৰ সৃষ্টি হয়, তেন্তে সেয়া মাৰাত্মক হ’ব বুলিও হুৰ প্রতিবেদনত প্রকাশ পাইছে৷ লক্ষণীয়ভাৱে মধ্যপ্রাচ্যত টিকাকৰণ প্রক্রিয়া অতি মন্থৰ৷