নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বড়োভূমিৰ পৰা আঁতৰিল সন্ত্রাসৰ ক’লীয়া ডাৱৰ

বাসুগাঁৱত সন্ত্রাসবাদবিৰোধী দিৱসত অংশগ্রহণ মুখ্যমন্ত্রী ড০ শর্মাৰ

নিয়মীয়া বাৰ্তা ৩১ জুলাইঃ আজিৰ দিনটো একপ্রকাৰে ক’ব গ’লে আমাৰ বাবে অত্যন্ত এটা স্মৰণীয় দিন৷ স্মৰণীয় এইবাবে নহয় যে এজন মানুহে নিজৰ জীৱন বলিদান দিছিল৷ এইবাবে স্মৰণীয় যে তেওঁৰ মৃত্যুৱে আমাৰ সমাজখনক সন্ত্রাসৰ পৰা মুক্ত হৈ শান্তিৰ ফালে আগুৱাই যাবলৈ প্রেৰণা যোগাইছিল৷’ শুকুৰবাৰে নিখিল বডো ছাত্র সন্থাৰ উদ্যোগত চিৰাং জিলাৰ বাসুগাঁও নগৰৰ সমীপৱর্তী গয়বাৰীত প্রয়াত এবছু নেতা জহৌলাও শ্বামলা বসুমতাৰীৰ মৃত্যুতিথি উপলক্ষে আয়োজন কৰা ‘সন্ত্রাসবাদবিৰোধী দিৱস’ত অংশগ্রহণ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এইদৰে মন্তব্য কৰে৷

মুখ্যমন্ত্রী ড০ শর্মাই শুকুৰবাৰে পুৱা ৰাজধানী চহৰ গুৱাহাটীৰ পৰা হেলিকপ্টাৰযোগে আহি গয়বাৰীস্থিত জহৌলাও শ্বামলা বসুমতাৰী উদ্যানত উপস্থিত হৈ প্রয়াত এবছু সভাপতিগৰাকীৰ সমাধি স্থলীত পুষ্পমাল্য অর্পণ কৰি শ্রদ্ধা নিবেদন কৰে৷ পিছত মুখ্যমন্ত্রীয়ে উদ্যান চৌহদত অনুষ্ঠিত স্মৃতিচাৰণ সভাত মুখ্য অতিথি হিচাপে অংশ লয়৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আজিৰ পৰা ২৫ বছৰ আগতেই নিখিল বডো ছাত্র সন্থাৰ সভাপতি শ্বামলা বসুমতাৰীৰ মৃত্যুত আৰু তেওঁৰ বলিদানৰ পৰৱর্তী পর্যায়ত আমাৰ সমগ্র অসমখনতে সন্ত্রাসবাদৰ প্রাসংগিকতা আৰু সন্ত্রাসবাদৰ প্রয়োজনীয়তাৰ ওপৰত এটা প্রশ্ণৰ উদয় হৈছিল৷ আজি ২৫ বছৰ পিছত তেওঁৰ আত্মবলিদানৰ সার্থকতা দেখা পাইছোঁ৷

মুখ্যমন্ত্রী ড০ শর্মাই কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহৰ সদিচ্ছাৰ ফলতে এবছু নেতৃত্বৰ সহযোগত বিটিআৰ শান্তি চুক্তি স্বাক্ষৰিত হৈছে৷ এই চুক্তি স্বাক্ষৰৰ পিছত বডোভূমিলৈ শান্তিৰ পৰিৱেশ ঘূৰাই আনিবলৈ সক্ষম হৈছে৷ তাৰ মাজতে এটা অকণমান চিন্তা আছিল বুলি নিজৰ ভাষণত উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কেইজনমানে ভুল বুজিয়ে হওক নাইবা আনৰ প্রৰোচনাতে হওক পুনৰ বিপথে পৰিচালিত হৈছিল৷ অৱশ্যে জহৌলাও শ্বামলা বসুমতাৰীৰ ২৫সংখ্যক মৃত্যুতিথিৰ প্রাক্ক্ষণত তেওঁলোক পুনৰ আমাৰ মাজলৈ উভতি অহা বাবে নেদেখাজনক ধন্যবাদ জ্ঞাপন কৰে৷ বডোভূমিৰ পৰা সন্ত্রাসৰ ক’লীয়া ডাৱৰ সম্পূর্ণৰূপে আঁতৰি গৈছে বুলি মন্তব্য কৰে মুখ্যমন্ত্রী ড০ শর্মাই৷ বর্তমান সমাজত বন্দুক আৰু গুলীৰ সন্ত্রাসৰ সমান্তৰালভাৱে যুৱপ্রজন্মক নিঃশেষ কৰাৰ উদ্দেশ্যে বৰবিহসদৃশ ড্রাগ্ছ মেলি দি সমাজ জীৱন ধ্বংস কৰিবলৈ এচামে হাত উজান দিছে বুলিও ড০ শর্মাই মন্তব্য কৰে৷ তেওঁ কয় যে ধন ঘটিবলৈ ড্রাগ্ছ সৰবৰাহত জডিত থকা অপৰাধীসকলৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ স্থিতি গ্রহণ কৰাৰ সমান্তৰালভাৱে মানৱ সৰবৰাহত জড়িত সকলকো সাৱধানবাণী শুনাইছে৷

মুখ্যমন্ত্রী ড০ শর্মাই চিৰাং আৰক্ষীয়ে মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰা চিৰাঙৰ ৪২টি শিশু আৰু কিশোৰ–কিশোৰীৰ অভিভাৱকৰ সৈতে মিলিত হোৱাৰ সুযোগ লাভ কৰাত নিজকে ধন্য মানিছে বুলিও মন্তব্য কৰে৷ বাসুগাঁৱৰ গয়বাৰীৰ অনুষ্ঠানৰ পৰা মুখ্যমন্ত্রী ড০ শর্মাই প্রাক্তন এবছু নেতা তথা বর্তমানৰ ইউ পি পি এল দলৰ নেতা ৰণগৌৰা নার্জাৰীৰ ঘৰত উপস্থিত হয়৷ ড০ শর্মাই নার্জাৰীৰ পিতৃ বিয়োগত শোকগ্রস্ত পৰিয়ালৰ সদস্যসকলক সমবেদনা যাচে৷

উল্লেখ্য যে শুকুৰবাৰে নিখিল বড়ো ছাত্র সন্থাৰ উদ্যোগত গয়বাৰীত অনুষ্ঠিত সন্ত্রাসবাদবিৰোধী দিৱসৰ কার্যসূচী অনুসৰি পুৱা ৮.৩০ বজাত এবছুৰ পতাকা উত্তোলন কৰে এবছুৰ সভাপতি দ্বীপেন বড়োৱে৷ সাধাৰণ সম্পাদক খনীন্দ্র বসুমতাৰীয়ে আঁত ধৰা শ্রদ্ধাঞ্জলি অনুষ্ঠানত মন্ত্রীদ্বয় ক্রমে ৰঞ্জিত কুমাৰ দাস, ইউ জি ব্রহ্ম, বিটিআৰপ্রধান প্রমোদ বডো, চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী, প্রয়াত এবছু নেতা জহৌলাও শ্বামলা বসুমতাৰীৰ পত্নী ভানুমতী বসুমতাৰীৰ লগতে বিটিআৰৰ বহুকেইজন ই এম, এম চি এল এ আৰু অন্যান্য বিশিষ্ট অতিথিসকলে জহৌলাও শ্বামলা বসুমতাৰীৰ সমাধিত বন্তি প্রজ্বলন আৰু পুষ্পাঞ্জলি অর্পণ কৰি শ্রদ্ধা নিবেদন কৰে৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি শ্বামলা বসুমতাৰী উদ্যানত গছপুলিও ৰোপণ কৰা হয়৷

You might also like