নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাভলীনাক শুভেচ্ছা পৰেশ বৰুৱাৰ

নিয়মীয়া বাৰ্তা, ৬ আগষ্টঃ টকিঅ’ অলিম্পিকত মহিলাৰ ৬৯ কেজি বক্সিং ইভেণ্টত ব্রঞ্জৰ পদক দখলেৰে অসমলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোহাঁইলৈ শুভেচ্ছা জ্ঞাপন কৰিছে আলফা (স্বাধীন)–এ৷ লগতে সশস্ত্র সংগঠনটোৱে প্রতিভাৱান বক্সাৰগৰাকীৰ পিতৃ–মাতৃকো অভিনন্দন জনাইছে৷

কাকতলৈ প্রেৰণ কৰা এক ই–মেইলত আলফা (স্বাধীন)ৰ উপ–সভাপতি তথা সেনাধ্যক্ষ পৰেশ বৰুৱাই বক্সিঙৰ দৰে অতি সংশয়পূর্ণ ক্রীড়াত অংশগ্রহণ কৰি লাভলীনাই আগতেই নিজৰ সাহস আৰু দৃঢ়তাৰ প্রমাণ দি থৈছে বুলি উল্লেখ কৰি কয়– এই দৃঢ়তা–সাধনাৰ ফল আজি লাভ কৰি অলিম্পিকৰ বুৰঞ্জীত অসমৰ নাম খোদিত কৰিলে৷ তেওঁৰ এই সফলতাৰ যাত্রা অব্যাহত থকাটো আমি কামনা কৰোঁ৷ ই–মেইলটোত আলফা (স্বাধীন)ৰ শীর্ষ নেতাজনে কয়– লাভলীনাৰ এই সফলতাৰ আঁৰত পিতৃ–মাতৃৰ অপৰিসীম সাহস, ত্যাগ আৰু অনুপ্রেৰণা অসমৰ অভিভাৱকসকলৰ বাবে আদর্শ হোৱা উচিত বুলি আমি ভাবোঁ৷ অভিভাৱকসকলে নিজৰ সন্তানক কেৱল ডাক্তৰ, ইঞ্জিনীয়াৰ বা প্রশাসনিক বিষয়া হোৱা অথবা সহজে ধন ঘটা শলিয়া দৌৰত আবদ্ধ নাৰাখি ক্রীড়াৰ ক্ষেত্রতো মনোনিৱেশ কৰাওক৷ এটা জাতিৰ আত্মসন্মানক বিশ্ববাসীৰ ওচৰত জিলিকাই ৰখাত ক্রীড়াৰ ভূমিকা অপৰিসীম হোৱাৰ লগতে নতুন প্রজন্ম বিপথগামী হোৱাৰ পৰাও ৰক্ষা পৰে৷ গতিকে আমি লাভলীনা তথা তেওঁৰ পৰিয়াল অসমবাসীৰ বাবে আদর্শ হোৱাৰ কামনা কৰিলোঁ৷ ক্রীড়াৰ ক্ষেত্রত পশ্চিমা দক্ষিণ পূব এছিয়া ক্রীড়া প্রতিভাৰ প্রাকৃতিক উৎস৷

সীমিত আন্তগাঁথনিৰ সুবিধাৰে ক্রীড়াৰ এই উর্বৰা ভূমিয়ে সময়ে সময়ে ইয়াক প্রমাণ কৰি আহিছে৷ বিভিন্ন আন্তঃৰাষ্ট্রীয় পর্যায়ত নিজৰ নাম খোদিত কৰা নাগালেণ্ডৰ প্রখ্যাত ফুটবল খেলুৱৈ টালিমেৰণ আও, এছিয়ান গেমছৰ পদকপ্রাপ্ত মণিপুৰৰ হকী খেলুৱৈ নীল কমল সিংহ, টিকেন্দৰজিৎ সিংহ আৰু থৈবা সিংহ৷ এছিয়ান গেমছ ১৯৬৬ চনত ৮০০ মিটাৰ দৌৰত স্বর্ণ পদকপ্রাপ্ত অসমৰ বিশিষ্ট প্রবীণ দৌৰবিদ ভোগেশ্বৰ বৰুৱা, অলিম্পিক আৰু এছিয়ান গেমছৰ পদকপ্রাপ্ত মণিপুৰৰ মহিলা বক্সাৰ মেৰীকম, অলিম্পিক আৰু এছিয়ান গেমছত প্রতিভা প্রদর্শন কৰা অসমৰ বক্সাৰ শিৱ থাপা, অংশুমিতা বড়ো, মণিপুৰৰ মহিলা হকী খেলুৱৈ সুশীলা চানুৰ উপৰি ২০১৮ চনত ফিনলেণ্ডত অনুষ্ঠিত ২০ অনূর্ধ্বৰ বিশ্ব চেম্পিয়নশ্বিপত হিমা দাসে ৪০০ মিটাৰ দৌৰত এটা স্বর্ণ পদক, যোৱা এছিয়ান গেমছত ৪০০ মিটাৰ দৌৰত এটা ৰূপৰ পদক বুটলিবলৈ সক্ষম হোৱাৰ উপৰি ×৪০০ ৰিলেত স্বর্ণপদক আঁজুৰি অনাৰ উপৰি বিশ্বৰ বিভিন্ন দৌৰ ক্রীড়া সমাৰোহত পদক বুটলিবলৈ সক্ষম হয়৷

ইয়াৰ বিপৰীতে চলিত টকিঅ’ অলিম্পিকত মহিলা হকীত অংশগ্রহণ কৰিছে মিজোৰামৰ লালৰেম চিয়ামীয়ে, মণিপুৰৰ জুডু খেলুৱৈ সুশীলাৰ বিপৰীতে মণিপুৰৰ ভাৰ উত্তোলক মীৰাবাঈ চানু আৰু অসমৰ বক্সাৰ লাভলীনা বৰগোহাঁয়ে ক্রমে ৰূপ আৰু ব্রঞ্জৰ পদত আঁজুৰি আনিবলৈ সক্ষম হয়৷ কিন্তু পৰিতাপৰ বিষয় যে পশ্চিমা দক্ষিণ পূব এছিয়া ক্রীড়া প্রতিভাৰে পৰিপূর্ণ হৈ থকাৰ বিপৰীতে প্রয়োজনীয় আন্তগাঁথনিৰ অভাৱত এতিয়াও বহু প্রতিভাই আশা কৰা মতে উপকৃত হৈ উঠিব পৰা নাই৷ আন্তগাঁথনিৰ ক্ষেত্রত মণিপুৰ আৰু মিজোৰাম অসমতকৈ আগবাঢ়ি গৈছে৷ গতিকে ক্রীড়া সংগঠক তথা সংশ্লিষ্ট সকলোকে ক্রীড়াৰ আন্তগাঁথনি উন্নত কৰাত মনোনিৱেশ কৰিবলৈ আহ্বান জনালোঁ৷ এইটো হৈ উঠিলে অলিম্পিকত সোণৰ পদক আঁজুৰি আনিবলৈ অসমৰ বেছি সময় নালাগিব৷

You might also like