নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৃহস্পতিবাৰে আক্রান্ত ১,০৬৭ মৃত্যু ১৭জনৰ

নিয়মীয়া বাৰ্তা, ৬ আগষ্টঃ ৰাজ্যত অব্যাহত আছে ক’ভিডৰ সংক্রমণ৷ বৃহস্পতিবাৰে নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ১,০৬৭জন৷ ইয়াৰে ২০২জন কামৰূপ মহানগৰ জিলাৰ৷ তদুপৰি গোলাঘাটৰ ৭৬জন, লখিমপুৰৰ ৭২জন আৰু শিৱসাগৰৰ ৭০জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে৷ বিগত ২৪ ঘণ্টাত ১,৩১,৮৬২টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ আক্রান্তৰ হাৰ হৈছে ০.৮১ শতাংশ৷

ইপিনে, বৃহস্পতিবাৰে ক’ভিডৰ পৰা সুস্থ হৈছে ১,২৪৯জন লোক৷ সম্প্রতি চিকিৎসাধীন ৰোগীৰ সংখ্যা হৈছে ১০,৬৭৭জন৷ ক’ভিডত আক্রান্ত হৈ আজি মৃত্যুক আঁকোৱালি লৈছে ১৭জন লোকে৷ মৃত্যু হোৱা লোকসকলৰ ভিতৰত সর্বাধিক তিনিজন লোক কামৰূপ মহানগৰ জিলাৰ৷ তদুপৰি বিশ্বনাথ–নলবাৰী দুজনকৈ লোকৰ ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে৷ সেইদৰে বঙাইগাঁও–যোৰহাট–ধুবুৰী এজনকৈ লোকৰ মৃত্যু ঘটিছে৷ বর্তমানলৈকে ৰাজ্যত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ৫,৩৪৩জন৷

You might also like