নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভৰলু নৈৰ উন্নয়ন পৰিষ্কৰণত ১৪ কোটি আবণ্টন জিএমডিএৰ

নিয়মীয়া বাৰ্তা  ৭ আগষ্টঃ গুৱাহাটী মহানগৰীৰ মাজেৰে বৈ যোৱা ভৰলু নৈৰ উন্নয়ন আৰু পৰিষ্কৰণৰ নামত ৰাজ্য চৰকাৰে কেইবাখনো আঁচনিৰ জৰিয়তে বিগত পাঁচ বছৰত ১৪ কোটিৰো অধিক টকা আবণ্টন দিছে৷ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ এক লিখিত প্রশ্ণৰ উত্তৰত মন্ত্রী অশোক সিংঘলে শুকুৰবাৰে বিধানসভাৰ মজিয়াত এই তথ্য প্রকাশ কৰিছে৷

মন্ত্রী অশোক সিংঘলে প্রদান কৰা তথ্য অনুসৰি, ২০১৬ৰ পৰা ২০২১ চনলৈ ভৰলু নৈৰ উন্নয়নৰ বাবে গুৱাহাটী মহানগৰ উন্নয়ন কর্তৃপক্ষই ভৰলু নৈৰ দুয়োকাষে জোনালীৰ পৰা জি এছ ৰোডলৈ গার্ড ৱাল নির্মাণৰ বাবে ৫৩.৭৯ লাখ টকা মোকলাই দিছে৷

ভৰলু নৈত এএছটিচিৰ চেণ্ড্রেল ডিপোৰ ওচৰত ভৰলু নৈৰ গেছ পৃথকীকৰণৰ বাবে ব্যৱস্থা গ্রহণৰ আঁচনি লোৱা হৈছে৷ পাইলট প্রজেক্ট হিচাপে গ্রহণ কৰা এই প্রকল্পৰ বাবে ২.২৮ কোটি টকা ধার্য কৰা হৈছে৷ ইয়াৰ উপৰি ভৰলু নৈ চাফ–চিকুণৰ বাবে ২০১৫–১৬ বর্ষত ১.০৫ কোটি, ২০১৬–১৭ বর্ষত ১.৭৩ কোটি, ২০১৮–২০ বর্ষত ৫.২০ কোটি টকাৰ আঁচনি লোৱা হৈছিল৷ ইতিমধ্যে আবণ্টিত ধনৰাশি মোকলাই দিয়া হৈছে৷ তদুপৰি ২০১৬–১৭ বর্ষত ভৰলু নৈৰ উন্নয়নৰ বাবে ২.৮২ কোটি টকা আবণ্টন দিয়া হৈছিল বুলি মন্ত্রী সিংঘলে তথ্য প্রকাশ কৰিছে৷

You might also like