অলিম্পিক ২০২০ঃ ব্ৰঞ্জ জয় কৰিলে বজৰং পুনিয়াই
নিয়মীয়া বাৰ্তা ৭ আগষ্টঃ টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক দাখিল কৰিছে পুৰুষ মল্লযুঁজাৰু বজৰং পুনিয়াই। কাজাখস্তানৰ মল্লযুঁজাৰু নিয়াজেবকব দৌলতক পৰাস্ত কৰে।
উল্লেখ্য যে ক’ৰোনাৰ আতংকৰ মাজতে টকিঅ’ত পূর্ণগতিত চলি থকা অলিম্পিকৰ শুকুৰবাৰে অনুষ্ঠিত পুৰুষৰ মল্লযুঁজৰ ৬৫ কেজি ফ্রীষ্টাইলৰ ছেমিফাইনেলত পৰাস্ত হয় বজৰং পুনিয়া৷ ছেমিফাইনেল মেচখনত ভাৰতীয় মল্লযুঁজাৰুগৰাকীয়ে তিনিবাৰৰ বিশ্ব চেম্পিয়ন তথা ৰিঅ’ অলিম্পিকৰ ব্রঞ্জৰ পদক জয়ী আজাৰবাইজানৰ হাজী অলিয়েভৰ হাতত ১২–৫ৰ ব্যৱধানত পৰাস্ত হৈছিল।