নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বর্ণজয়ী নীৰজলৈ উপহাৰৰ বন্যাঃ হাৰিয়ানা চৰকাৰৰ ৬ কোটি–গ্রেড ১ চাকৰি, বিচিচিআইৰ ১ কোটি; মহিন্দ্রাৰ বিলাসী গাড়ী

 নিয়মীয়া বাৰ্তা, ৮ আগষ্টঃ টকিঅ’ অলিম্পিকত স্বর্ণ জয়েৰে ১৩০ কোটি ভাৰতীয়ৰ অযুত সপোন পূৰণ কৰা জেভলিন থ্র’ৱাৰ নীৰজ চোপ্রালৈ উপহাৰৰ বন্যা বৈছে৷ টকিঅ’ৰ ট্রেকত চাঞ্চল্যকৰ প্রদর্শনেৰে দেশলৈ ঐতিহাসিক সোণৰ পদক কঢ়িয়াই অনা ২৩ বছৰীয়া তাৰকাগৰাকীক ৬ কোটিৰ আর্থিক পুৰস্কাৰ আৰু গ্রেড–১ চাকৰি আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে হাৰিয়ানাৰ চৰকাৰে৷

মুখ্যমন্ত্রী মনোহৰ লাল খট্টৰে হাৰিয়ানাৰ সন্তান নীৰজৰ এই সাফল্যত উৎফুল্লিত হৈ খেলুৱৈগৰাকীলৈ বৃহৎ পুৰস্কাৰ ঘোষণা কৰিছে৷

ইফালে আনন্দ মহিন্দ্রাই নীৰজ চোপ্রালৈ এখন ব্রেণ্ড নিউ এক্স ইউ ভি–৭০০ গাড়ী উপহাৰ দিয়াৰ কথা ঘোষণা কৰিছে৷ শনিবাৰে বিয়লি টকিঅ’ৰ ট্রেকত খলকনি তুলি নীৰজ চোপ্রাই দেশবাসীৰ ১২১ বছৰীয়া অপেক্ষাৰ অন্ত পেলাই অলিম্পিকৰ এথলেটিকছত স্বর্ণ জয়ৰ পিছতে প্রখ্যাত উদ্যোগপতিগৰাকীয়ে টুইটাৰত কয় যে নীৰজক দেশলৈ উভতি আহিলেই প্রখ্যাত গাড়ী নির্মাণকাৰী কোম্পানীটোৱে নীৰজক এখন বিলাসী এক্স ইউ ভি–৭০০ গাড়ী আগবঢ়াব৷

ইফালে বি চি চি আয়ে জেভলিন থ্র’ৱাৰগৰাকীক এক কোটি টকাৰে পুৰস্কৃত কৰিব বুলি ঘোষণা কৰিছে৷ ব’ডৰ সচিব জয় শ্বাহে প্রকাশ কৰা অনুসৰি বি চি চি আয়ে অলিম্পিকত ৰূপজয়ীক ৫০ লাখ আৰু ব্রঞ্জৰ পদক জয়ীক ২৫ লাখৰ পুৰস্কাৰ আগবঢ়াব৷

You might also like