নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অলিম্পিক চেম্পিয়ন নীৰজৰ লক্ষ্য ৯০ মিটাৰ

নিয়মীয়া বাৰ্তা, ৯ আগষ্টঃ  টকিঅ’ৰ ট্রেকত খলকনি তুলি দেশলৈ অলিম্পিকৰ স্বর্ণপদক কঢ়িয়াই অনা তাৰকা জেভলিন থ্র’ৱাৰ নীৰজ চোপ্রাৰ পৰৱর্তী লক্ষ্য হ’ল ৯০ মিটাৰৰ সীমা অতিক্রম কৰা৷ টকিঅ’ অলিম্পিকত ঐতিহাসিক প্রদর্শনৰ পিছত হাৰিয়ানাৰ ২৩ বছৰীয়া খেলুৱৈগৰাকীয়ে কয় যে অলিম্পিকত সোণৰ পদক জয়ৰ পিছত তেওঁ অনাগত ইভেণ্টসমূহত অধিক আত্মবিশ্বাসেৰে ট্রেকত নামিব পাৰিব আৰু ৯০ মিটাৰৰ সীমা অতিক্রম কৰিব বিচাৰিব৷

উল্লেখ্য যে হাৰিয়ানাৰ পানীপথৰ এগৰাকী সাধাৰণ কৃষকৰ সন্তান নীৰজে শনিবাৰে টকি’ অলিম্পিকৰ জেভলিন থ্র’ৰ ফাইনেলত ৮৭.৫৮ মিটাৰ থ্র’ কৰি দেশলৈ ঐতিহাসিক স্বর্ণপদক কঢ়িয়াই আনে৷ ফাইনেলত তেওঁ কোনো চাপ নোলোৱাকৈ খেলা বুলি উল্লেখ কৰি তাৰকা জেভলিন থ্র’ৱাৰগৰাকীয়ে কয় যে এইসকল প্রতিদ্বন্দ্বীৰ বিৰুদ্ধে ইয়াৰ পূর্বেও কেইবাবাৰো খেলিছে৷

সেয়ে ফাইনেলত চাপ লোৱাৰ পৰিৱর্তে নিজৰ প্রদর্শন উন্নত কৰাৰ ওপৰতহে মনোনিৱেশ কৰিছিল৷ এই সাফল্য অর্জনৰ ক্ষেত্রত সহায় আগবঢ়োৱা প্রতিগৰাকী প্রশিক্ষক আৰু বিষয়ববীয়াক নীৰজ চোপ্রাই ধন্যবাদ জ্ঞাপন কৰে৷ জেভলিন থ্র’ৰ আদিপাঠ গ্রহণ কৰা শৈশৱৰ প্রশিক্ষক জাইভীৰ চৌধাৰীৰ কথাও তেওঁ কৃতজ্ঞতাৰে স্মৰণ কৰে৷

You might also like