অসমৰ সীমা সমস্যাক লৈ গভীৰ উদ্বেগ প্ৰকাশ এন পি পি ৰাজ্যিক সমিতিৰ
নিয়মীয়া বাৰ্তা ১০ আগষ্টঃ অসমৰ গেৰুৱা ৰাজনীতিয়ে সাতভনীৰ সীমা সমস্যাৰ সমাধান কেতিয়াও কৰিব নোৱাৰে বুৰঞ্জী বিহীন ৰাজনীতিয়ে সংঘাত তীব্ৰতৰহে কৰিব। এক বিবৃত্তি যোগে প্ৰকাশ কৰিছে এন পি পি অসম ৰাজ্যিক সমিতিয়ে।
প্ৰেছ বিবৃত্তিটোত উল্লেখ কৰিছে যে সীমাক লৈ ৰাজনীতি বহুত হ’ল । স্বাধীনতাৰ পাচৰে পৰা ৰাষ্ট্ৰীয়কূটীল ৰাজনীতিৰ হাতোৰাত সীমা সমস্যা সদায় সমস্যা হৈয়ে ৰ’ল। ফলত ভগ্নী ৰাজ্যকেইখনৰ লগত সংঘাত এক এৰাব নোৱাৰা বিষয় হৈ থাকিল।
লগতে সীমা সমস্যাক লৈ অসমে এন পি পি অসমে উদ্বিগনতা প্ৰকাশ কৰাৰ লগতে খিলঞ্জীয়া ভাই ভনী সকলৰ মাজত বিভেদ সৃষ্টিৰে কোনোধৰণৰ সীমাৰ সংঘাত সৃষ্টি কৰিব বিচৰা অশুভ ৰাজনীতিকৰ প্ৰতি সাৱধান বাণী শুনোৱাৰ লগতে সীমাত সংঘাত সৃষ্টি পোষকতা নকৰি বুৰঞ্জীৰ আধাৰত বুজাপৰা মাধ্যমেৰে সমস্যাটো সমাধান কৰিবলৈ আগভাগ লবলৈ আহ্বান জনাই।
আনহাতে সীমান্ত অঞ্চলসমূহত সন্দেহজনক লোকসকলৰ বসতি স্থাপন তথা অগ্ৰাসনৰ কাৰণে প্ৰকৃত অসমীয়া ভূমিপুত্ৰসকলৰ অসুৰক্ষিত হৈ থকা পৰিলক্ষিত হয়। অসম চৰকাৰে এই বিষয়টো গুৰুত্ব আৰোপ কৰি অতিসোনকালে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ এনপিপি অসম ৰাজ্যিক সমিতিয়ে আহ্বান জনাইছে।