চিৰাঙৰ চিদলীত বজ্ৰপাতত ২জন নিহত
নিয়মীয়া বাৰ্তা,১১ আগষ্ট: চিৰাং জিলাৰ চিদলীত যোৱা নিশা বজ্ৰপাতত দুজন লোকৰ লগতে এটা গৰুৰ মৃত্যু হৈছে। প্ৰাপ্ত খবৰ মতে চিদলী থানাৰ অন্তৰ্গত দীপু আঠিয়াবাৰী গাঁৱত নিশা শুই থকা অৱস্থাত বজ্ৰপাতৰ ফলত অকালতে মৃত্যু মুখত পৰা দুজন একেটা পৰিয়ালৰ আইতাক আৰু নাতি ল’ৰা বুলি জানিব পৰা গৈছে। আজি পুৱাৰ ভাগত একাংশ লোকে গাঁওখনৰ বাসিন্দা তথা প্ৰয়াত ভাদু চৰেণৰ পত্নী সুৰুয মনি মুৰ্মু (৫৭) আৰু তেওঁৰে নাতি ল’ৰা তথা প্ৰয়াত যুগল মুৰ্মুৰ পুত্ৰ মংগল মুৰ্মুক (১৩) বিচনাত মৃত অৱস্থাত প্ৰত্যক্ষ কৰি চিদলী আৰক্ষীক খবৰ দিয়ে।
চিদলী আৰক্ষী ঘটনাস্থলত উপস্থিত হৈ গাঁৱৰ বাসিন্দা সকলক সোধাপোছা কৰি তদন্ত আৰম্ভ কৰে। আৰক্ষীৰ প্ৰাথমিক তদন্তত দুয়োজন শুই থকা অৱস্থাত যোৱা নিশাৰ বজ্ৰপাতৰ ফলত মৃত্যু হোৱা বুলি সন্দেহ কৰে। বজ্ৰপাতত পৰিয়ালটোৰ গোহালিৰ গৰু এটাৰো মৃত্যু হয় । আইতাক আৰু নাতি ল’ৰাৰ মৃত্যুৰ প্ৰকৃত কাৰণ নিশ্চিত কৰিবলৈ আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ বাবে নিজৰ জিম্মাত লৈ জিলা সদৰস্থিত জে এছ বি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আইতাকৰ সৈতে নাতি ল’ৰা জনৰ অকাল মৃত্যুত গাঁও খনত শোকৰ ছাঁ পৰে।