আফ্রিকান ৰাষ্ট্র গিনিত মাৰাত্মক ভাইৰাছ মাৰবার্গত আক্রান্ত হৈ এজনৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ১১ আগষ্টঃ পশ্চিম আফ্রিকান ৰাষ্ট্র গিনিত মাৰাত্মক মাৰবার্গ ভাইৰাছত সংক্রমিত হৈছে এজন লোক৷ উল্লেখনীয় যে ইব’লা সদৃশ এই ভাইৰাছ বিধক আৰম্ভণিতে প্রতিৰোধ কৰিবলৈ বিশ্ব স্বাস্থ্য সংস্থা (হু)ই প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰা উচিত বুলি মন্তব্য কৰিছে৷ বাদুলীৰ পৰা এই ভাইৰাছ বিধৰ সংক্রমণ মানুহৰ শৰীৰলৈ ঘটে বুলি নিশ্চিত কৰিছে গিনিৰ চিকিৎসকসকলে৷ বিশেষকৈ তৰল পদার্থৰ জৰিয়তে মানুহৰ দেহলৈ ভাইৰাছ বিধৰ সংক্রমণ ঘটে৷ গিনিত আক্রান্ত লোকজনৰ ইতিমধ্যে মৃত্যু হৈছে৷ ২০০৫ চনত এই ভাইৰাছ বিধে আংগোলাত বিভীষিকাৰ সৃষ্টি কৰিছিল৷
উল্লেখনীয় যে প্রচণ্ড মূৰৰ বিষ, জ্বৰ, মাংসীপেশীৰ বিষ, তেজ বমি বা হঠাতে শৰীৰৰ বিভিন্ন অংগৰ পৰা ৰক্তক্ষৰণ ঘটে মাৰবার্গত আক্রান্ত হ’লে তাৎক্ষণিকভাৱে চিকিৎসকসকলে মাৰবার্গত আক্রান্ত লোকৰ বাবে কোনোধৰণৰ চিকিৎসা ব্যৱস্থা উদ্ভাৱন কৰিব পৰা নাই৷ কিন্তু অত্যধিক পৰিমাণে পানী খালে মাৰবার্গ ৰোগী জীয়াই থকাৰ সম্ভাৱনা বৃদ্ধি পাব৷ স্মর্তব্য যে গিনি গুৱেকেডু অঞ্চলত এই ভাইৰাছবিধত লোকজন আক্রান্ত হৈছিল৷ একেই অঞ্চলতে ইব’লা ভাইৰাছৰ প্রথম প্রাদুর্ভাৱ ঘটিছিল৷ গিনিত ইতিমধ্যে চিকিৎসকসকলে ইব’লাৰ দৰে ই যাতে সংহাৰ সৃষ্টি কৰিব নোৱাৰে সেই সন্দর্ভত চৰকাৰক তৎপৰতা গ্রহণ কৰিবলৈ আহ্বান জনাইছে৷