নিয়মীয়া বাৰ্তা ১৩ আগষ্টঃ সংসদৰ বর্ষাকালীন অধিৱেশনৰ ৰাজ্যসভাৰ মজিয়াত বিৰোধীৰ অশোভনীয় আচৰণক লৈ তীব্র বিতর্ক সৃষ্টি হৈছে৷ উচ্চ সংসদৰ মজিয়াত কংগ্রেছসহ বিৰোধীৰ সাংসদে মেজত উঠি হুলস্থূলীয়া পৰিস্থিতি সৃষ্টি কৰা সময়ত মার্শ্বালে বিৰোধী সাংসদক বাধা দিয়াৰ বাবেই বিৰোধী সাংসদে মার্শ্বালে প্রহাৰ কৰা বুলি অভিযোগ তোলে৷ বিৰোধীৰ এই অভিযোগ উচ্চ সংসদৰ চিচি টিভিত বিপৰীত ৰূপে ধৰাত পৰাত এই লৈ শাসকীয় বিজেপি আৰু বিৰোধী কংগ্রেছৰ মাজত তীব্র বাক্যুদ্ধ চলিছে৷
বিৰোধীয়ে অভিযোগ তোলাৰ বিপৰীত চিচি টিভি ফুটেজত মার্শ্বালক বিৰোধীৰ সাংসদে ঢকিওৱাটো স্পষ্ট হৈ পৰাৰ পিছতে শাসকীয় বিজেপিয়ে কংগ্রেছক কঠোৰ ভাষাৰে সমালোচনা কৰিছে৷ কেন্দ্রীয় চৰকাৰে কংগ্রেছসহ বিৰোধীয়ে সদনৰ মজিয়াত নৈৰাজ্য সৃষ্টি কৰাটোৱে প্রধান এজেণ্ডা বুলি গৰিহণা দিছে৷
উল্লেখ্য যে কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে ৰাজ্যসভাৰ মজিয়াত মার্শ্বালে বিৰোধী সাংসদক প্রহাৰ কৰা ঘটনাটোক ‘গণতন্ত্রৰ হত্যা’ আখ্যা দি বিজেপি চৰকাৰক আক্রমণৰ লক্ষ্য কৰি লৈছিল৷ ইয়াৰ বিপৰীতে চিচি টিভি ফুটেজত বিপৰীত ছবি এখন প্রতিফলিত হোৱাত কংগ্রেছ নেতা ৰাহুল গান্ধীক কঠোৰ ভাষাৰে সমালোচনা কৰিছে কেন্দ্রীয় চৰকাৰে৷
মন কৰিবলগীয়া যে কালি উচ্চ সদনৰ মজিয়াত মার্শ্বালে বিৰোধী সাংসদক প্রহাৰ কৰা বুলি ৰাজ্যসভাত বিৰোধী দলপতি কংগ্রেছৰ মল্লিকার্জুন খার্গেই প্রতিনিধি দল এটা লৈ এই ঘটনা সন্দর্ভত উপ–ৰাষ্ট্রপতি এম ভেংকায়া নাইডুক সাক্ষাৎ কৰি স্মাৰক–পত্র প্রদান কৰে৷ প্রতিনিধি দলটোৱে ৰাজ্যসভাৰ সভাপতি তথা উপ–ৰাষ্ট্রপতি নাইডুক উক্ত ঘটনা সন্দর্ভত বিতং ব্যাখ্যা আগবঢ়ায়৷ ১০টা বিৰোধী দলৰ প্রতিনিধিয়ে উপ–ৰাষ্ট্রপতিগৰাকী এই ঘটনাক আশ্চর্যজনক আৰু অভাৱনীয় বুলি উল্লেখ কৰি সদনৰ মর্যাদাক হানি কৰা বুলি প্রকাশ কৰে৷ প্রতিনিধি দলটোৱে আনকি মহিলা সাংসদক মার্শ্বালে প্রহাৰ কৰা বুলিও গুৰুতৰ অভিযোগ তোলে৷
কংগ্রেছসহ বিৰোধীৰ এই অভিযোগ চিচি টিভি ফুটেজত মিছা প্রমাণিত হোৱাৰ পিছত কেন্দ্রীয় মন্ত্রী অনুৰাগ ঠাকুৰে কংগ্রেছসহ বিৰোধীক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ কেন্দ্রীয় মন্ত্রীগৰাকীয়ে বিৰোধী সাংসদৰ ৰাজ্যসভাৰ মজিয়াত অশোভনীয় আচৰণ কৰাৰ বাবে ক্ষমা খোজাৰ দাবী জনায়৷ তেওঁ এই সন্দর্ভত মিছা অভিযোগেৰে বিৰোধীয়ে ঘঁৰিয়ালৰ চকুপানী টোকাৰ বিপৰীতে দেশবাসীক ক্ষমা খুজিবলৈ দাবী জনায়৷