ৰাজ্যৰ ৭৫ শতাংশ দুর্ঘটনাই সংঘটিত হয় অত্যধিক গতিবেগৰ বাবেঃ মন্ত্রী পাটোৱাৰী
নিয়মীয়া বাৰ্তা ১৪ আগষ্টঃ ৰাজ্যৰ ৰাষ্ট্রীয় ঘাইপথসমূহত শেহতীয়াকৈ ইণ্টাৰচেপ্টৰ ব্যৱহাৰেৰে নির্ধাৰিত গতিবেগৰ নিয়ম ভংগ কৰা চালকলৈ ই–চালান প্রেৰণ কৰা প্রক্রিয়াই সৃষ্টি কৰিছে তীব্র প্রতিক্রিয়া৷
পৰিবহণ বিভাগে সজাগতা সৃষ্টি নকৰাকৈয়ে ৰাজ্যত ই–চালান প্রদান কৰাক লৈ একাংশ চালকৰ মাজত হাহাকাৰ সৃষ্টি হোৱাৰ পাছত শুকুৰবাৰে প্রতিক্রিয়া প্রকাশ কৰিছে বিভাগীয় মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে৷
অসম বিধানসভা অধিৱেশনত অংশগ্রহণৰ পাছত সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে ২০২০–২১ বর্ষত ৰাজ্যত ৭ হাজাৰ দুর্ঘটনা সংঘটিত হৈছে৷ এই দুর্ঘটনাসমূহত প্রায় তিনি হাজাৰ লোকৰ মৃত্যু ঘটিছে৷ ক’ভিডৰ সংক্রমণৰ বাবে সান্ধ্য আইন–লকডাউন আদি ঘোষণা কৰাৰ পাছতো ৰাজ্যত দুর্ঘটনাৰ সংখ্যাই ৭ হাজাৰৰ ঘৰ অতিক্রম কৰিছে৷ এই দুর্ঘটনাসমূহৰ পর্যালোচনাৰ অন্তত পোহৰলৈ অহা তথ্য অনুসৰি বিগত বর্ষত সংঘটিত দুর্ঘটনাৰ ৭৫ শতাংশৰে অত্যধিক গতিবেগেই কাৰণ৷
সেয়েহে এই ব্যৱস্থা গ্রহণ কৰা হৈছে বুলি মন্তব্য কৰি তেওঁ কয়– ‘ৰাষ্ট্রীয় ঘাইপথসমূহত ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণ আৰু ৰাজ্যিক পথসমূহত লোকনির্মাণ বিভাগে গতিবেগ নির্ধাৰণ কৰি দিয়ে৷ ২০২০ চনত যান–বাহন আইন সংশোধন কৰা হৈছে৷ এই সংশোধন অনুসৰি অত্যধিক গতিবেগৰ বাবে পূর্বে ৪০০ টকাৰ ঠাইত জৰিমনা ২,০০০ টকালৈ বৃদ্ধি কৰা হৈছে৷ ভাৰতবর্ষৰ প্রায় আটাইবোৰ ৰাজ্যত অত্যধিক গতিবেগৰ বাবে জৰিমনা লোৱাৰ ব্যৱস্থা আছে৷ আমি ইণ্টাৰচেপ্টৰৰ জৰিয়তে ৰাজ্যত নির্ধাৰিত গতিবেগৰ নিয়ম ভংগ কৰাসকলক ই–চালানৰ জৰিয়তে জৰিমনা প্রদান কৰা হৈছে৷’