দেশ–বিদেশত বসবাস কৰা সকলো ভাৰতীয়ক স্বাধীনতা দিৱসৰ আন্তৰিক শুভকামনা যাচিলোঁ৷ এই দিনটো আমাৰ সকলোৰে বাবে অত্যন্ত উল্লাসৰ দিন৷ চলিত বর্ষৰ স্বাধীনতা দিৱসৰ বিশেষ গুৰুত্ব এয়াই যে এই বর্ষটোত আমি আমাৰ স্বাধীনতাৰ ৭৫সংখ্যক বর্ষপূর্তি উপলক্ষে স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰি আছেছা৷ এই ঐতিহাসিক ক্ষণটোত আপোনালোক সকলোলৈ জনাইছেছা অশেষ শুভেচ্ছা৷ স্বাধীনতা দিৱস আমাৰ বাবে পৰাধীনতাৰ পৰা মুক্তিৰ উৎসৱ৷ বহু প্রজন্মৰ জ্ঞাত তথা অজ্ঞাত স্বতন্ত্রতা সেনানীৰ সংঘর্ষৰ জৰিয়তে আমাৰ স্বাধীনতাৰ সপোন বাস্তৱায়িত হৈছিল৷ তেওঁলোক আটায়ে ত্যাগ আৰু বলিদানৰ অপূর্ব উদাহৰণ দাঙি ধৰিছিল৷ তেওঁলোকৰ শৌর্য আৰু পৰাক্রমৰ ফলতেই আজি আমি স্বাধীনতাৰ উশাহ ল’ব পাৰিছেছা৷ মই সেই সকলো অমৰ সেনানীৰ পৱিত্র স্মৃতিক শ্রদ্ধাৰে সুঁৱৰিছেছা৷ অনেক দেশৰ দৰে আমাৰ দেশেও বিদেশী শাসকৰ অধীনত বহু অন্যায় আৰু অত্যাচাৰ সহ্য কৰিবলগীয়া হৈছিল৷ কিন্তু ভাৰতৰ বিশেষত্ব এয়াই যে গান্ধীজীৰ নেতৃত্বত আমাৰ স্বাধীনতা আন্দোলন সত্য আৰু অহিংসাৰ সিদ্ধান্তৰ ওপৰত প্রতিষ্ঠিত আছিল৷ তেওঁ তথা অন্য সকলো ৰাষ্ট্রনায়কে ভাৰতক ঔপনিৱেশিক শাসনৰ পৰা মুক্ত কৰাৰ পথ প্রদর্শিত কৰিছিল, লগতে ৰাষ্ট্রৰ পুনৰ নির্মাণৰ ৰূপৰেখাও প্রস্তুত কৰিছিল৷ তেওঁ ভাৰতীয় জীৱন–মূল্য আৰু মানৱীয় গৰিমা পুনঃস্থাপিত কৰাৰ বাবে ভৰপূৰ প্রয়াস কৰিছিল৷ আমাৰ গণতন্ত্রৰ বিগত ৭৫ বছৰীয়া পৰিক্রমাত যেতিয়া আমি চকু ফুৰাওঁ, তেতিয়া আমাৰ এয়া গর্ব হয় যে আমি প্রগতিৰ এক দীঘলীয়া পথ অতিক্রম কৰিছেছা৷ গান্ধীজীয়ে আমাক এয়া শিকাইছে যে ভুল দিশত দ্রুত গতিত আগবঢ়াতকৈ শুদ্ধ দিশত ধীৰে আগবঢ়াটো অধিক ভাল৷ অনেক পৰম্পৰাৰে সমৃদ্ধ ভাৰতৰ সবাতোকৈ বৃহৎ আৰু জীৱন্ত গণতন্ত্রৰ অদ্ভুত সাফল্য বিশ্ববাসীয়ে সন্মানেৰে প্রত্যক্ষ কৰে৷
শেহতীয়াকৈ অনুষ্ঠিত হোৱা টকি’ অলিম্পিকত আমাৰ খেলুৱৈসকলে অভাৱনীয় প্রদর্শনেৰে দেশৰ গৌৰৱ বৃদ্ধি কৰিছে৷ ভাৰতে অলিম্পিকৰ খেলত অংশগ্রহণেৰে বিগত ১২১ বছৰত সবাতোকৈ অধিক পদক জয়েৰে ইতিহাস ৰচনা কৰিছে৷ আমাৰ কন্যাসকলে অনেক বাধা অতিক্রম কৰি খেলপথাৰত বিশ্বস্তৰীয় উৎকৃষ্টতা প্রদর্শন কৰিছে৷ ক্রীডাৰ লগতে জীৱনৰ প্রতিটো ক্ষেত্রত মহিলাসকলৰ অংশগ্রহণ আৰু সফলতাত যুগান্তকাৰী পৰিৱর্তন হ’বলৈ ধৰিছে৷ উচ্চ শিক্ষণ প্রতিষ্ঠানৰ পৰা আৰম্ভ কৰি সশস্ত্র বাহিনীলৈ, প্রয়োগশালাৰ পৰা আৰম্ভ কৰি খেলপথাৰলৈ সকলোতে আমাৰ কন্যাসকলে নিজৰ এক অনন্য পৰিচয় দাঙি ধৰিছে৷ কন্যাসকলৰ এই সাফল্যত মই ভৱিষ্যতৰ বিকশিত ভাৰতৰ এক প্রতিচ্ছবি দেখিবলৈ পাইছেছা৷ মই প্রতিগৰাকী অভিভাৱককে আহ্বান জনাইছেছা যে এনে প্রতিভাৱান কন্যাৰ পৰিয়ালৰ পৰা শিক্ষা গ্রহণ কৰক আৰু নিজৰ কন্যাসকলকো আগবাঢ়ি যোৱাৰ সুযোগ প্রদান কৰক৷
যোৱা বর্ষৰ দৰে মহামাৰীৰ ফলত এই বর্ষৰো স্বতন্ত্রতা দিৱস ধুমধামেৰে পালন কৰা নহ’ব৷ কিন্তু আমাৰ হূদয়ত এক ভৰপূৰ উৎসাহে ছানি ধৰিছে৷ যদিও মহামাৰীৰ তীব্রতা হ্রাস পাইছে, তথাপি ক’ৰোনা ভাইৰাছৰ প্রভাৱ এতিয়াও সমাপ্ত হোৱা নাই৷ দ্বিতীয়টো ঢ়ৌত বহু লোকৰ প্রাণ আমি ৰক্ষা কৰিব নোৱাৰিলোঁ আৰু বহু লোকে ভীষণ কষ্টৰ সন্মুখীন হ’বলগীয়া হ’ল, এই কথাত মই ভীষণ দুখ অনুভৱ কৰিছেছা৷ এয়া আছিল অভূতপূর্ব সংকটৰ সময়৷ মই সমগ্র দেশবাসীৰ তৰফৰ পৰা আপোনালোক সকলো পীডিত পৰিয়ালৰ দুখত সমভাগী হৈছেছা৷ ক’ৰোনাৰ দ্বিতীয়টো ঢ়ৌৰ পৰা আমাৰ ৰাজহুৱা স্বাস্থ্য সেৱাৰ বুনিয়াদী আন্তঃগাঁথনিয়ে বৃহৎ চাপৰ সন্মুখীন হৈছে৷ সঁচা কথা এয়াই যে বিকশিত অর্থব্যৱস্থাৰ যিকোনো দেশৰ বুনিয়াদী আন্তঃগাঁথনি এই বৃহৎ সংকটৰ সন্মুখীন সফলতাৰে হ’ব পৰা নাই৷ আমি স্বাস্থ্য ব্যৱস্থাক শক্তিশালী কৰি তোলাৰ বাবে যুদ্ধকালীন গতি প্রয়াস কৰিছেছা৷ এই পর্যন্ত লাভ কৰা অভিজ্ঞতাৰ পৰা এয়াই শিকিব পাৰিছেছা যে এতিয়া আমি নিৰন্তৰে সাৱধানতা পালন কৰাটো আৱশ্যক৷ এই সময়ছোৱাত প্রতিষেধক আমাৰ সকলোৰে বাবে বিজ্ঞানৰ দ্বাৰা প্রদান কৰা সর্বোত্তম সুৰক্ষা কৱচ হিচাপে বিবেচিত হৈছে৷ আমাৰ দেশত চলি থকা বিশ্বৰ সবাতোকৈ বৃহৎ প্রতিষেধক অভিযানৰ অধীনত এই পর্যন্ত ৫০ কোটিতকৈও অধিক দেশবাসীক প্রতিষেধক প্রদান কৰা হৈছে৷ মই সকলো দেশবাসীক প্রট’কলৰ অধীনত শীঘ্রে প্রতিষেধক গ্রহণ কৰিবলৈ আৰু আনকো প্রতিষেধক গ্রহণৰ বাবে আগ্রহান্বিত কৰি তুলিবলৈ আহ্বান জনাইছেছা৷
এই মহামাৰীৰ প্রভাৱ স্বাস্থ্যৰ সমানেই অর্থব্যৱস্থাৰ বাবেও বিনাশকাৰী৷ চৰকাৰে দুখীয়া আৰু নিম্ন মধ্যবিত্ত লোকৰ সৈতে ক্ষুদ্র আৰু মজলীয়া উদ্যোগৰ সমস্যাৰ বিষয়টো চিন্তা কৰিছে৷ চৰকাৰে সেই শ্রমিক আৰু উদ্যমীসকলৰ প্রয়োজনীয়তাৰ প্রতিও সংবেদনশীল, যিসকলে লকডাউন আৰু যাতায়াতৰ বাধ্য–বাধকতাৰ ফলত সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ তেওঁলোকৰ প্রয়োজনীয়তাসমূহৰ্ বিষয়ে অনুধাৱন কৰি চৰকাৰে বিগত বর্ষত বহু পদক্ষেপ গ্রহণ কৰিছে৷ চলিত বর্ষতো চৰকাৰে মে’ আৰু জুন মাহত প্রায় ৮০ কোটি লোকক খাদ্যৰ যোগান ধৰিছে৷
এই সকলো প্রয়াস আত্মনির্ভৰ ভাৰতৰ পৰিকল্পনাৰ অনুৰূপে হ’বলৈ ধৰিছে৷ আমাৰ অর্থব্যৱস্থাত নিহিত বিকাশৰ ক্ষমতাত দৃঢ় বিশ্বাসৰ সৈতে চৰকাৰে প্রতিৰক্ষা, স্বাস্থ্য, নাগৰিক উন্নয়ন, বিদ্যুৎ তথা অন্য ক্ষেত্রসমূহত বিনিয়োগ অধিক সৰল কৰি তুলিছে৷ চৰকাৰৰ দ্বাৰা পৰিৱেশ অনুকূল, শক্তিৰ নৱীকৰণযোগ্য উৎস, বিশেষভাৱে সৌৰশক্তিৰ প্রসাৰৰ বাবে কৰা নতুন প্রয়াসৰ বিশ্বব্যাপী প্রশংসা হ’বলৈ ধৰিছে৷ যেতিয়া ‘ইজ অৱ ডুয়িং বিজনেছ’ৰ মূল্যাংকৰ অগ্রগতি হয়, তেতিয়া ইয়াৰ ইতিবাচক প্রভাৱ সমগ্র দেশবাসীৰ ‘ইজ অৱ লিভিঙ’তো পৰে৷ ইয়াৰ উপৰি জনকল্যাণৰ যোজনাতো বিশেষ গুৰুত্ব প্রদান কৰা হৈছে৷ উদাহৰণস্বৰূপে ৭০,০০০ কোটি টকাৰ ক্রেডিট সংযোজিত সাহায্য যোজনাৰ অধীনত নিজৰ এখন ঘৰ হোৱাৰ সপোন বাস্তৱায়িত হৈছে৷ কৃষিভিত্তিক বিপণনত হোৱা অনেক সংস্কাৰৰ ফলত আমাৰ অন্নদাতা কৃষক এতিয়া অধিক সবলীকৃত হ’ব আৰু তেওঁলোকে নিজৰ উৎপাদিত সামগ্রীৰ উন্নত মূল্য লাভ কৰিব৷ চৰকাৰে প্রত্যেক দেশবাসীৰ ক্ষমতা বিকশিত কৰাৰ বাবে অনেক পদক্ষেপ গ্রহণ কৰিছে, যাৰ কেইটামানৰ বিষয়েহে মই উল্লেখ কৰিছেছা৷
পঁয়সত্তৰ বর্ষ পূর্বে যেতিয়া ভাৰতে স্বাধীনতা লাভ কৰিছিল, তেতিয়া অনেক লোকৰ মনত গণতন্ত্রৰ সফলতা সন্দর্ভত সংশয়ৰ সৃষ্টি হৈছিল৷ তেওঁলোক এই কথাৰ পৰা অনভিজ্ঞ আছিল যে প্রাচীন কালত গণতন্ত্রৰ শিপা এই ভাৰত ভূমিৰ পৰাই পুষ্পিত–পল্লৱিত হৈছিল৷ আধুনিক যুগতো ভাৰত কোনো ভেদভাব নোহোৱাকৈ সকলো বয়স্কক মতাধিকাৰ প্রদান কৰাত অনেক পশ্চিমীয়া দেশতকৈ আগবঢ়া৷ আমাৰ ৰাষ্ট্র নির্মাতাসকলে জনসাধাৰণৰ বিবেকত নিজৰ আস্থা প্রকাশ কৰিছে আৰু ‘আমি ভাৰতৰ লোকে’ নিজৰ দেশক এক শক্তিশালী গণতন্ত্র হিচাপে প্রতিষ্ঠা কৰাত সফল হৈছেছা৷
আমাৰ গণতন্ত্র সংসদীয় প্রণালীৰ ওপৰত প্রতিষ্ঠিত, অর্থাৎ আমাৰ সংসদ হ’ল গণতন্ত্রৰ মন্দিৰ৷ য’ত জনসাধাৰণৰ সেৱাৰ বাবে গুৰুত্বপূর্ণ বিষয়ত তর্ক–বিতর্ক, সংবাদ আৰু সিদ্ধান্ত গ্রহণ কৰাৰ সর্বোচ্চ মঞ্চ আমি লাভ কৰিছেছা৷ এয়া সকলো দেশবাসীৰ বাবে অতিশয় গৌৰৱৰ কথা যে আমাৰ গণতন্ত্রৰ এই মন্দিৰ আসন্ন ভৱিষ্যতত এক নতুন ভৱনত স্থাপিত হ’বলৈ গৈ আছে৷ এই ভৱনে আমাৰ ৰীতি আৰু নীতিৰ অভিব্যক্তি প্রদান কৰিব৷ ইয়াত আমাৰ ঐতিহ্যৰ প্রতি সন্মান প্রদর্শিত হ’ব আৰু লগতে সমকালীন বিশ্বৰ সৈতে খোজত খোজ মিলাই আগবঢ়াৰ কুশলতাৰো প্রদর্শন হ’ব৷ স্বতন্ত্রতাৰ ৭৫সংখ্যক বর্ষৰ পর্বত এই নতুন ভৱনৰ উদ্ঘাটনক বিশ্বৰ সবাতোকৈ বৃহৎ গণতন্ত্রৰ বিকাশ যাত্রাৰ এক ঐতিহাসিক প্রস্থান বিন্দু হিচাপে বিবেচনা কৰা হ’ব৷
চৰকাৰে এই বিশেষ বর্ষটোক স্মৰণীয় কৰি তোলাৰ বাবে বহু যোজনাৰ শুভাৰম্ভ কৰিছে৷ ‘গগনযান অভিযানে’ সেই অভিযানসমূহত অধিক গুৰুত্ব লাভ কৰিছে৷ এই অভিযানৰ অধীনত ভাৰতীয় বায়ুসেনাৰ কিছুসংখ্যক বৈমানিকে বিদেশত প্রশিক্ষণ লাভ কৰি আছে৷ যেতিয়া তেওঁলোকে মহাকাশলৈ যাত্রা কৰিব, তেতিয়া ভাৰতে মানৱযুক্ত মহাকাশ অভিযান সম্পন্ন কৰা বিশ্বৰ চতুর্থ দেশ হিচাপে বিবেচিত হ’ব৷ এইদৰে আমাৰ আকাংক্ষাৰ উৰণ কোনো সীমাতে বন্দী হৈ নৰ’ব৷
তথাপি আমাৰ ভৰি ভূমিৰ সৈতে সংবদ্ধ হৈ আছে৷ আমাৰ অনুভৱ এয়াই যে স্বাধীনতাৰ বাবে প্রাণ আহুতি দিয়া স্বাধীনতা সেনানীৰ সপোনক বাস্তৱায়িত কৰাৰ দিশত আমি অধিক আগুৱাব লাগিব৷ সেই সপোন আমাৰ সংবিধানত, ‘ন্যায়’, ‘স্বতন্ত্রতা’, ‘সমতা’ আৰু ‘বন্ধুত্ব’ এই চাৰিটা সাৰগর্ভসাৰ শব্দৰ দ্বাৰা স্পষ্ট ৰূপত সমাহিত কৰা হৈছে৷ অসমতাৰে ভৰা বিশ্ব ব্যৱস্থাত অধিক সমতাৰ বাবে তথা অন্যায়পূর্ণ পৰিস্থিতিত অধিক ন্যায়ৰ বাবে দৃঢ়তাপূর্বক প্রয়াস কৰাৰ আৱশ্যকতা আছে৷ ন্যায়ৰ ধাৰণা বহু ব্যাপক হৈছে, য’ত আর্থিক আৰু পৰিৱেশৰ সৈতে জডিত ন্যায়ো অন্তর্ভুক্ত আছে৷ সন্মুখৰ পথ সহজ নহয়৷ আমি বহু জটিল আৰু কঠিন পথ অতিক্রম কৰিব লাগিব, কিন্তু আমি সকলোৱে অসাধাৰণ মার্গদর্শন লাভ কৰিছেছা৷ এই মার্গদর্শন বিভিন্ন উৎসৰ পৰা আমি লাভ কৰিছেছা৷ শতিকা পূর্বে ঋষি–মুনিৰ পৰা আৰম্ভ কৰি আধুনিক যুগৰ সন্ত আৰু ৰাষ্ট্রনায়কলৈ মার্গদর্শকৰ এক অত্যন্ত সমৃদ্ধ পৰম্পৰাৰ শক্তি আমাৰ ওচৰত আছে৷ অনৈক্যত ঐক্যৰ ভাৱনাৰ শক্তিৰ ফলত আমি দৃঢ়তাৰে এক ৰাষ্ট্র হিচাপত আগুৱাইছেছা৷
(স্বাধীনতা দিৱসৰ প্রাক্ সন্ধিয়া ৰাষ্ট্রপতিয়ে দেশবাসীক উদ্দেশ্যি দিয়া ভাষণৰ সম্পাদিত ৰূপ)