বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ প্ৰতিকৃতি দাহৰে কাঠ-শিলৰ অবৈধ বেহা মাৰ্ঘেৰিটা সমষ্টিত বন্ধৰ দাবীত লিডুত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ
ছেপ্টেম্বৰ পৰা ধাৰাবাহিক আন্দোলন!
নিয়মীয়া বাৰ্তা , ১৯ আগষ্টঃ– আজি অসম জাতীয়তাবাদী জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এক উত্তাল প্ৰতিবাদ মাৰ্ঘেৰিটা লিডুত অঃজাঃযুঃছাঃপৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে মাৰ্ঘেৰিটা মহকুমাত চলি থকা অবৈধ শিল, কাঠৰ চোৰাং বেহা বন্ধ কৰাৰ দাবীত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। লিডু কলেজ তিনিআলিত অসমৰ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। পৰিষদে অভিযোগ উত্থাপন কৰি কয় যে ডিগবৈ বন সংমণ্ডলৰ কমিছন ৰাজৰ বাবে দৈনিক লিডু মাৰ্ঘেৰিটাৰ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে অবৈধ শিল, কাঠৰ চোৰাং গাড়ী সৰবৰাহ হৈ আছে। পৰিষদে বিভিন্ন সময়ত এই অবৈধ বেহাৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰি আহিছো যদিও বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ নজিৰ নাই বৰং শিল, কাঠৰ অবৈধ ভাৱে সৰবৰাহ হৈয়ে আছে।
অজাযুছাপ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে আজিৰ কাৰ্যসূচী জৰিয়তে অভিযোগ কৰি কয় যে জনৈক ৰঞ্জন, গুনিন, খান, ভাইকন, দত্ত আদি কাঠ চোৰৰ চৰ্দাৰ নেতৃত্বত মাৰ্ঘেৰিটাৰ ঘাইপথেৰে চোৰাং কাঠৰ বেহা অব্যাহত আছে। লগতে জনৈক প্ৰভু চাহ, জয়ছোৱালকে ধৰি বহু শিল ব্যৱসায়ীয়ে ভুৱা টি পি চলানৰ সহায়ত অসম চৰকাৰক ৰাজহ ফাঁকিৰে অবৈধ শিলৰ ৰমৰমীয়া বেহা চলাই আছে। আজিৰ কাৰ্যসূচীত অজাযুছাপ তিনিচুকীয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক কাঞ্চন বৰা উপস্থিত থাকি অভিযোগ কৰি কয় যে ডিগবৈৰ বন সংমণ্ডল প্ৰাধীকাৰি বিষয়া টি ৰঞ্জিত আৰু লেখাপানী আৰু জাগুন বন আঞ্চলিক বিষয়াৰ কমিছন ৰাজৰ বাবে মাৰ্ঘেৰিটা সমষ্টিৰ সংৰক্ষিত বনাঞ্চল সমূহ ধ্বংস দিশলৈ গতি কৰিছে। অপ্ৰিয় হলেও সত্য যে এই বিভাগীয় বিষয়া সকলক মেনেজ কৰি অসম অৰুণাচল সীমান্তৰ বনাঞ্চল সমূহৰ মূল্যৱান গছ কাটি অৰুণাচলৰ বিভিন্ন কাঠ মিলত বীম আকাৰত কাটি অসমৰ বিভিন্ন ঠাইৰ লগতে বহিঃ ৰাজ্য লৈ একেখন টিপিৰে ট্ৰাকেৰে কেইবাবাৰো কাঠৰ অবৈধ সৰবৰাহ কৰি আহিছ কাঠ চোৰ সমূহে। গতিকে উল্লিখিত কাঠ আৰু শিল মাফিয়াৰ বিৰুদ্ধে অসমৰ মুখ্য মন্ত্ৰীয়ে তদন্তৰ আওতালৈ আনি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি মাৰ্ঘেৰিটা সমষ্টিৰ সংৰক্ষিত বনাঞ্চল সমূহ সুৰক্ষিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰে।
আজিৰ প্ৰতিবাদী কাৰ্যসূচীত বন মন্ত্ৰী মুৰ্দাবাদ, ডিগবৈৰ ডি এফ অ, মুৰ্দাবাদ চোৰাং কাঠ, শিলৰ অবৈধ বেহা বন্ধ কৰক, চোৰাং কাঠ, শিল মাফিয়া সকলৰ লগত মিতিৰালি বন্ধ কৰক, ডি এফ অৰ কমিছন ৰাজ বন্ধ কৰক শ্ল গান দি প্ৰতিবাদ শ্ল’গানেৰে মাৰ্ঘেৰিটাৰ লিডুৰ আকাশ বতাহ কঁপাই তুলি প্ৰতিবাদ সাব্যস্ত কৰে। আজিৰ প্ৰতিবাদ পাছত চৰকাৰ প্ৰশাসনে কাঠ মাফিয়া আৰু শিলৰ অবৈধ বেহাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে অহা ছেপ্টেম্বৰ মাহৰ পৰা ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি ঘোষণা কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতি ৰাহুল মালাকাৰ আৰু সম্পাদক বিমল সিঙে। এইক্ষেত্ৰত বন বিভাগ আৰু প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা সেইয়া অতি লক্ষণীয় হ’ব।