নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ প্রদেশৰ প্রাক্তন মুখ্যমন্ত্রী কল্যাণ সিঙৰ ৮৯ বছৰ বয়সত দেহাৱসান

নিয়মীয়া বাৰ্তা, ২২ আগষ্ট: উত্তৰ প্রদেশৰ প্রাক্তন মুখ্যমন্ত্রী, ৰাজস্থানৰ প্রাক্তন ৰাজ্যপাল কল্যাণ সিঙৰ ৮৯ বছৰ বয়সত লক্ষ্ণৌৰ সঞ্জয় গান্ধী পোষ্ট–গেজুৱেট অৱ ইনষ্টিটিউট অৱ মেডিকেল ছায়েঞ্চত শনিবাৰে দেহাৱসান ঘটে৷

যোৱা ৪ জুলাইৰ পৰা আইচিইউত চিকিৎসাধীন হৈ থকা ৰাজনীতিক কল্যাণ সিঙৰ কালি নিশা বিয়োগ ঘটে৷ পৰাধীন ভাৰতৰ আলিগড় জিলাত ১৯৩২ চনত জন্মগ্রহণ কৰা কল্যাণ সিং হিন্দু ৰাষ্ট্রবাদী নেতা, ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ কর্মী ৰূপে সেৱা আগবঢ়োৱা কল্যাণ সিং ভাৰতীয় জনতা পার্টীৰ জ্যেষ্ঠ নেতা৷ দুবাৰৰ সাংসদ কল্যাণ সিং উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী হৈ থকা অৱস্থাত ১৯৯২ চনৰ ডিচেম্বৰত বাবৰি মছজিদ ধ্বংস হৈছিল৷ হিন্দু ৰাষ্ট্রবাদী নেতা আৰু অযোধ্যাত ৰাম মন্দিৰ নির্মাণ আন্দোলনৰ যোদ্ধা কল্যাণ সিং৷

উল্লেখ্য যে ১৯৬৭ চনত প্রথমবাৰৰ উত্তৰ প্রদেশ বিধানসভালৈ নির্বাচিত হয়৷ তেওঁ ভাৰতীয় জনসংঘ, জনতা পার্টী, ৰাষ্ট্রীয় ক্রান্তি পার্টী আৰু ভাৰতীয় জনতা পার্টীৰ সদস্য হিচাপে ৰাজনীতিত জড়িত আছিল৷

You might also like