অসমত খিলঞ্জীয়াৰ স্বার্থ সুৰক্ষিত হ’বই লাগিব
নিয়মীয়া বাৰ্তা, ২২ আগষ্ট: অসমৰ খিলঞ্জীয়া মানুহৰ হাতত মাটিৰ অধিকাৰ সুৰক্ষিত কৰাৰ সকলো পদক্ষেপ ল’বলৈ ৰাজ্য চৰকাৰক দাবী জনাইছে আছু আৰু ৩০টা জনগোষ্ঠীয় সংগঠনে৷ তেওঁলোকৰ স্পষ্ট মত– হৰিশংকৰ ব্রহ্ম কমিটীৰ পৰামর্শৰ আধাৰত খিলঞ্জীয়া মানুহৰ হাতত ভূমিৰ অধিকাৰ নিশ্চিত কৰিব লাগিব৷ জনজাতীয় বেল্ট–ব্লক সুৰক্ষাৰ প্রয়োজনীয় ব্যৱস্থা লোৱাৰ লগতে অসমৰ সকলো জনগোষ্ঠীৰ খিলঞ্জীয়া মানুহৰ হাতত ভূমিৰ অধিকাৰ সুৰক্ষিত হ’ব লাগিব৷
উল্লেখ্য যে শনিবাৰে গুৱাহাটীত আছু আৰু ৩০টা জনগোষ্ঠীয় সংগঠনৰ নেতৃবর্গই ক’ভিডৰ সকলো নিয়ম মানি এক আলোচনা সভাত মিলিত হয়৷ আছুৰ সভাপতি দীপাংক কুমাৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাত ছাত্র সংগঠনটোৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই আলোচনাৰ বিষয়বস্তু দাঙি ধৰাৰ বিপৰীতে মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যই আলোচনা মুকলি কৰে৷ শিক্ষাৰ ওপৰত প্রধানতঃ ছাত্র–ছাত্রীৰ শৈক্ষিক সমস্যাৰ ওপৰত আলোচনা কৰা হয়৷ ছাত্র–ছাত্রীৰ শৈক্ষিক ভৱিষ্যৎ সুৰক্ষিত কৰিবলৈ সকলো ধৰণৰ ফলপ্রসূ পদক্ষেপ গ্রহণৰ বাবে সভাই ৰাজ্য চৰকাৰক দাবী জনাইছে৷
চৰকাৰী আৰু মাতৃভাষা মাধ্যমত শিক্ষানুষ্ঠানৰ সর্বাংগীণ উন্নয়নৰ ব্যৱস্থা ল’ব লাগিব বুলি সভাই স্পষ্টভাৱে মত পোষণ কৰে যে সকলো জনগোষ্ঠীৰ আশা বিকাশৰ ব্যৱস্থা ল’ব লাগিব৷ অসমীয়া মাধ্যম, বড়ো মাধ্যমকে ধৰি সকলো মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠানত শিক্ষকৰ অভাৱ আৰু আন্তঃগাঁথনিকে ধৰি সকলো সমস্যাৰ সমাধান কৰিব লাগিব৷ কাৰিকৰী–কাৰিকৰী বৃত্তিমূলক শিক্ষাৰ শিক্ষানুষ্ঠানৰ ছাত্র–ছাত্রীৰ সমস্যাৰ সমাধান হ’ব লাগিব৷ আকাশ চুব খোজা অসমৰ ছাত্র–ছাত্রীৰ সপোনবোৰ দিঠকত পূৰণ কৰিবলৈ ব্যৱস্থা ল’বই লাগিব চৰকাৰে৷ সভাই শেহতীয়াকৈ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছত নামভর্তিক লৈ ছাত্র–ছাত্রীসকলে সন্মুখীন হোৱা সমস্যাৰ বিষয়েও আলোচনা কৰে৷ ছাত্র–ছাত্রীসকলক উচ্চ শিক্ষাৰ সুবিধা প্রদান কৰিবলৈ অসম চৰকাৰক প্রয়োজনীয় ব্যৱস্থা লোৱাৰ লগতে শিক্ষানুষ্ঠানৰ আসন বৃদ্ধিকে ধৰি সকলো ব্যৱস্থাৰে শিক্ষার্থীক উচ্চ শিক্ষাৰ সুবিধা দিয়াৰ দাবী জনাইছে সভাই৷
অসম–মিজোৰাম সীমান্তত উদ্ভৱ হোৱা শেহতীয়া পৰিস্থিতি আৰু সময়ে সময়ে অসম–নাগালেণ্ড, অসম–মিজোৰাম, অসম–ৰুণাচল প্রদেশ সীমান্তত সৃষ্টি হোৱা পৰিস্থিতিত গভীৰ উদ্বেগ প্রকাশ কৰি কেন্দ্রীয় চৰকাৰ তথা উত্তৰ–পূর্বাঞ্চলৰ সকলো ৰাজ্য চৰকাৰক আলোচনাৰে ইয়াৰ স্থায়ী সমাধান কৰিবলৈ সভাই দাবী জনাইছে৷ সভাই অতি স্পষ্ট আৰু দৃঢ়তাৰে কয়– অসমৰ ভূখণ্ড সুৰক্ষিত হৈ থাকিবই লাগিব৷ অসমৰ সীমান্তত বসবাস কৰা ৰাইজৰ জীৱন–সম্পত্তিৰ নিৰাপত্তা ৰাজ্য চৰকাৰে প্রদান কৰিবই লাগিব৷ কেন্দ্রীয় চৰকাৰে উত্তৰ–পূর্বাঞ্চলৰ সাতোখন ৰাজ্যক ভৌগোলিকভাৱে ভাগ কৰিলে যদিও আন্তঃৰাজ্যিক সীমান্ত নিৰূপণ নকৰিলে৷ কেন্দ্র, অসম আৰু উত্তৰ–পূর্বাঞ্চলৰ সকলো ৰাজ্যত একে দলৰ চৰকাৰ থকাৰ সময়ত সমস্যাটোৰ স্থায়ী সমাধান কৰাৰ বাবে সভাই দাবী উত্থাপন কৰিছে৷ একে সময়তে সীমান্তত বসবাস কৰা উভয় পক্ষৰ ৰাইজক শান্তিৰ পৰিৱেশ বাহাল ৰাখিবলৈও আহ্বান জনাইছে সভাই৷
শনিবাৰে অসম চুক্তিৰ ৬নং দফা সম্পর্কত কেন্দ্রীয় চৰকাৰে গঠন কৰা উচ্চস্তৰীয় সমিতিৰ প্রতিবেদনৰ ওপৰতো আলোচনা কৰা হয়৷ বিষয়টো ক্ষিপ্রতাৰে আগুৱাই নিবলৈ সভাই মত প্রকাশ কৰে৷ উল্লেখ্য যে এই আলোচনাত নিখিল বড়ো ছাত্র সন্থাৰ সভাপতি দ্বীপেন বড়ো, টি এম পি কেৰ সাধাৰণ সম্পাদক তিলক দলে, নিখিল ৰাভা ছাত্র সন্থাৰ সভাপতি নৃপেন খান্না, সদৌ অসম চুতীয়া ছাত্র সন্থাৰ সভাপতি মহেন বৰা, অসম চাহ জনজাতি ছাত্র সন্থাৰ সাধাৰণ সম্পাদক অনন্ত সোণা, সদৌ অসম আদিবাসী ছাত্র সন্থাৰ সাধাৰণ সম্পাদক যোছেফ মিঞ্জ, কার্বি ছাত্র সন্থাৰ সভাপতি ছেমচন টেৰণ, সদৌ গোর্খা ছাত্র সন্থাৰ সভাপতি অর্জুন ছেত্রী, সদৌ মৰাণ ছাত্র সন্থাৰ উপ–সভাপতি পলিন্দ্র বৰা, সদৌ অসম শৰণীয়া কছাৰী ছাত্র সন্থাৰ সাধাৰণ সম্পাদক দীপজ্যোতি শৰণীয়া, উত্তৰ কাছাৰ খিলঞ্জীয়া ছাত্র সংগঠনৰ সভাপতি ডেভিদ কেভিয়ন, সদৌ ডিমাচা ছাত্র সন্থাৰ সভাপতি নবীন দেউৰী, সদৌ অসম নাথ যোগী ছাত্র সন্থাৰ সভাপতি অৰবিন্দ নাথ, সদৌ অসম বর্মন কছাৰী ছাত্র সন্থাৰ সভাপতি সঞ্জীৱ বর্মন, সদৌ অসম হাজং ছাত্র সন্থাৰ সভাপতি সঞ্জীৱ হাজং আৰু সদৌ অসম গৰিয়া–মৰিয়া দেশী জাতীয় পৰিষদৰ সভাপতি শ্বাহনৱাজ হুছেইনে সভাত বিভিন্ন বিষয়ৰ ওপৰত মত আগবঢ়ায়৷ সেইদৰে আলোচনাত আছুৰ উপদেষ্টাদ্বয় প্রকাশ চন্দ্র দাস, উদ্দীপজ্যোতি গগৈ, উপ–সভাপতি জয়ন্ত ভট্টাচার্য, উৎপল শর্মা, সহকাৰী সাধাৰণ সম্পাদক ধর্মেশ্বৰ দাস, শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা, সাংগঠনিক সম্পাদক ৰাইফুদ্দিন আহমেদ, দিব্যজ্যোতি মেধি আদিয়েও অংশ লয়৷