নিয়মীয়া বাৰ্তা, ২৪ আগষ্ট: কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে সোমবাৰে ৬ লাখ কোটি টকা নেচনেল মনিটাইজেচন পাইপলাইন মুকলি কৰে৷ কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে মুকলি কৰা নেচনেল মনিটাইজেচন পাইপলাইন অনুসৰি ২০২২ চনৰ পৰা ২০২৫ চনলৈকে ৬ লাখ কোটি টকাৰ সম্পত্তি ব্যক্তিগত খণ্ডক লীজত দিব৷ এই লীজত দিয়া সম্পত্তিসমূহৰ ভিতৰত ৰে’লৱে, বিদ্যুৎ, পথ আদিও সন্নিৱিষ্ট হৈ আছে৷
মন কৰিবলগীয়া যে কেন্দ্রীয় বিত্তমন্ত্রীগৰাকীয়ে এই লীজত দিবলগীয়া সম্পত্তিসমূহ অব্যৱহূত সম্পত্তি হ’ব৷ কেন্দ্রীয় চৰকাৰৰ অব্যৱহূত সম্পত্তিসমূহ ব্যক্তিগত খণ্ডক লীজত দিলেও ইয়াৰ অধিকাৰ চৰকাৰৰ হাতত থাকিব৷ ব্যক্তিগত খণ্ডই চৰকাৰৰ সৈতে চুক্তি অনুসৰি লীজত লোৱাৰ পিছত সময় উকলি গ’লে অনিবার্যভাৱে সম্পত্তিসমূহ চৰকাৰক ওভতাই দিব লাগিব৷
তদুপৰি মন্ত্রীগৰাকীয়ে কয় যে অব্যৱহূত সম্পত্তিবোৰ সঠিকভাৱে ব্যৱহাৰ কৰি সেইবোৰৰ আন্তঃগাঁথনি সংসাধন কৰা হ’ব৷ আন্তঃগাঁথনি নির্মাণত এই ধনসমূহ বিনিয়োগ কৰা হ’ব৷
উল্লেখ্য যে মনিটাইজেচন পাইপলাইনৰ অধীনত লীজত দিয়া সম্পত্তিবোৰৰ ভূমি বিক্রী কৰা নহয়৷ ২০২১–২২ বিত্তীয় বর্ষৰ বাজেটত ঘোষণা কৰা মর্মে বিত্তমন্ত্রীগৰাকীয়ে নেচনেল মনিটাইজেচন পাইপলাইন আনুষ্ঠানিকভাৱে মুকলি কৰে৷