যশস্বী কলা নির্দেশক ফটিক বৰুৱাৰ দেহাৱসান
নিয়মীয়া বাৰ্তা, ২৪ আগষ্ট: অসমীয়া ছবি জগতৰ যশস্বী কলা নির্দেশক ফটিক বৰুৱা আৰু নাই৷ আজি গুৱাহাটীৰ হেল্থ চিটী হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট কলা নির্দেশকগৰাকীয়ে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭১ বছৰ৷ তেওঁৰ বিয়োগৰ লগে লগে অসমীয়া ছবি জগতৰ কলা নির্দেশনা আৰু ব্যৱস্থাপনাৰ ক্ষেত্রখনত সৃষ্টি হ’ল বিশাল শূন্যতা৷ প্রতিখন ছবিতে কঠোৰ পৰিশ্রমেৰে কলা নির্দেশনা কৰি ৰাজ্যৰ গৰিষ্ঠসংখ্যক পৰিচালক আৰু প্রযোজকৰ প্রশংসা বুটলিবলৈ সক্ষম হৈছিল প্রয়াত ফটিক বৰুৱাই৷ দুৰাৰোগ্য ৰোগত আক্রান্ত কলা নির্দেশকগৰাকী যোৱা বৃহস্পতিবাৰে হঠাৎ অসুস্থ হৈ পৰাত তেওঁক হেল্থ চিটী হাস্পতালত ভর্তি কৰোৱা হৈছিল৷ আজি পুৱাৰে পৰা তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে আৰু পুৱা ৯ বাজি ৪৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে৷
১৯৫০ চনৰ ২ এপ্রিলত জন্মগ্রহণ কৰা ফটিক বৰুৱাই ১৯৭৫ চনত বনজুই নামৰ ছবিখনৰ জৰিয়তে ভৰি থৈছিল অসমীয়া ছবি জগতত৷ এই ছবিখনত সহঃ প্রযোজক আৰু কলা নির্দেশক হিচাপে তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল৷ ইয়াৰ পাছত বিশিষ্ট কলা নির্দেশকগৰাকীয়ে আৰু উভতি চাবলগীয়া হোৱা নাছিল৷ এখনৰ পাছত আন এখন ছবিত দক্ষতাৰে কৰি গৈছিল কলা নির্দেশনাৰ কাম৷ অসমীয়া ভাষাৰ উপৰি হিন্দী আৰু বাংলা ভাষাৰ ছবি, টিভি ধাৰাবাহিক আৰু তথ্যচিত্রত তেওঁ কাম কৰিছিল৷ প্রায় ৮৯খন ছবি তথা ধাৰাবাহিক আৰু তথ্যচিত্রত তেওঁ কাম কৰিছিল৷ ইয়াৰে প্রায় ৮১খন ছবি৷ কলা নির্দেশনাৰ উপৰি প্রডাকচন ডিজেইনাৰ, লাইন প্রডিউচাৰ, প্রডাকচন কণ্ড্র’লাৰ আৰু কার্যবাহী প্রযোজক হিচাপেও তেওঁ কাম কৰিছিল৷
যশস্বী পৰিচালক প্রয়াত ড০ ভবেন্দ্র নাথ শইকীয়া, জাহ্ণু বৰুৱা, মঞ্জু বৰা, সাত্ব্ন্না বৰদলৈ, বিদ্যুৎ চক্রৱর্তী, সঞ্জীৱ হাজৰিকাকে ধৰি অধিকাংশ খ্যাতনামা পৰিচালকৰ ছবিত তেওঁ কাম কৰিছিল৷ বিগত সময়ছোৱাত তেওঁ আগবঢ়োৱা বৰঙণিৰ বাবে কেইবাটাও সন্মানেৰে সন্মানিতও হৈছিল৷ হালধীয়া চৰায়ে বাওধান খায় নামৰ ছবিখনৰ বাবে তেওঁ ই আই এম পি এৰ সর্বশ্রেষ্ঠ কলা নির্দেশকৰ বঁটা লাভ কৰিছিল৷ ২০০৩ চনত মুনলাইট মিডিয়া কণ্ড্রিবিউচন বঁটাৰ উপৰি তেওঁ দুবাৰকৈ ৰাজ্যিক চলচ্চিত্র বঁটাও লাভ কৰিছে৷ মৎস্যগন্ধা ছবিৰ বাবে ২০০৫ চনত আৰু অজেয় ছবিৰ বাবে ২০১৫ চনত তেওঁ সর্বশ্রেষ্ঠ কলা নির্দেশনা ৰাজ্যিক চলচ্চিত্র বঁটা লাভ কৰিছিল৷ সেইদৰে গুণ গুণ গানে গানে ছবিৰ বাবে প্রাগ চিনে এৱার্ডত সর্বশ্রেষ্ঠ কলা নির্দেশকৰ বঁটা লাভ কৰিছিল প্রয়াত বৰুৱাই৷ তদুপৰি জীৱনৰাম মুংগী দেৱী, গোৱেংকা স্মাৰক বঁটাৰে তেওঁক জীৱনজোৰা সাধনাৰ সন্মান প্রদান কৰা হৈছিল৷ মৃত্যুৰ সময়লৈকে তেওঁ ছবিত কাম কৰি আহিছিল৷
তদুপৰি কেইবাখনো নতুনকৈ নির্মাণ কৰিবলগীয়া ছবিৰ বাবে তেওঁ কলা নির্দেশক হিচাপে চুক্তিবদ্ধও হৈছিল৷ ইতিমধ্যে উক্ত ছবিকেইখনত নির্মাতাৰ সৈতে শ্বুটিংস্থলী পৰিদর্শনকে ধৰি বহুসংখ্যক কামত তেওঁ আগভাগ লৈছিল৷ তেওঁৰ মৃত্যুৰ লগে লগে অসমীয়া ছবি জগতৰ কলা নির্দেশনাৰ ক্ষেত্রখনত অনন্য ৰূপ প্রদান কৰা এগৰাকী ৰূপকাৰ নোহোৱা হ’ল৷ উল্লেখ্য যে আজি তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অসমৰ সাংস্কৃতিক মহলত শোকৰ ছাঁ পৰে৷ বিশিষ্ট ছবি নির্মাতা জাহ্ণু বৰা, মঞ্জু বৰা, পৰিচালক ৰাজেশ ভূঞা, বিশিষ্ট চিকিৎসক ডাঃ হিতেশ বৰুৱা, গৰিমা শইকীয়া গার্গ, ছবি নির্মাতা ৰঞ্জিত দাস, প্রাক্তন আৰক্ষী সঞ্চালকপ্রধান দিলীপ বৰাকে ধৰি বহুসংখ্যক বিশিষ্ট ব্যক্তিয়ে তেওঁৰ দক্ষিণ গাঁৱৰ আমাৰ পথত থকা বাসগৃহত উপস্থিত হৈ শেষ শ্রদ্ধা জ্ঞাপন কৰে৷
দিনৰ প্রায় ৩.৩০ বজাত তেওঁৰ নশ্বৰ দেহ এখন পুষ্পসজ্জিত বাহনেৰে লৈ অহা হয় জ্যোতি চিত্রবনলৈ৷ ইয়াতো বহুসংখ্যক বিশিষ্ট ব্যক্তিয়ে প্রয়াত কলা নির্দেশকগৰাকীলৈ শেষ শ্রদ্ধা জ্ঞাপন কৰে৷ ইয়াৰ পাছতে ওদালবাক্রা শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়৷ মৃত্যুৰ সময়ত তেওঁ পত্নী লিলি হাজৰিকা, পুত্র খঞ্জন বৰুৱা আৰু কন্যা চন্দ্রমা বৰুৱাৰ লগতে অসংখ্য গুণমুগ্ধ আৰু আত্মীয়–স্বজনক ইহসংসাৰত এৰি থৈ যায়৷ প্রয়াত কলা নির্দেশকগৰাকীলৈ শেষ শ্রদ্ধা জ্ঞাপন কৰি বিশিষ্ট ছবি নির্মাতা ৰঞ্জিত দাসে কয় যে তেওঁৰ প্রথম ছবি পাপৰিৰ জৰিয়তে প্রয়াত বৰুৱাৰ সৈতে একেলগে কাম কৰাৰ সুযোগ লাভ কৰিছে৷ প্রয়াত কলা নির্দেশকগৰাকী আছিল অত্যন্ত সক্রিয় আৰু কঠোৰ পৰিশ্রমী৷ কলা নির্দেশক ফটিক বৰুৱাৰ বিয়োগত গভীৰ শোক প্রকাশ কৰিছে সদৌ অসম শিল্পী সমাজৰ কার্যবাহী সভাপতি প্রাঞ্জল শইকীয়া আৰু সম্পাদক দুলাল দাসে৷