নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা টকিঅ’ পেৰালিম্পিকঃ ভাৰতৰ ৫৪গৰাকী খেলুৱৈয়ে অংশ ল’ব ৯টা ইভেণ্টত

নিয়মীয়া বাৰ্তা, ২৪ আগষ্ট:  অলিম্পিকৰ সফল আয়োজনৰ পিছত আজিৰে পৰা টকিঅ’ত আৰম্ভ হ’ব পেৰালিম্পিক৷ বিশেষভাৱে সক্ষম এথলিটসকলে ভাগ ল’বলগীয়া এই প্রতিযোগিতাখন পাঁচ ছেপ্টেম্বৰলৈকে চলিব৷ ক’ৰোনা মহামাৰীৰ বাবে এবছৰলৈ স্থগিত হোৱা এই পেৰালিম্পিকখন কাইলৈৰ পৰা টকিঅ’ৰ ২১খন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ ১৩৬খন দেশৰ ৪ হাজাৰৰো অধিক বিশেষভাৱে সক্ষম এথলিটে ভাগ ল’বলগীয়া প্রতিযোগিতাখনত এইবাৰ ভাৰতে শক্তিশালী দল প্রেৰণ কৰিছে৷ ৫৪জনীয়া ভাৰতীয় দলটোৱে বিশ্ব ক্রীড়াৰ সর্ববৃহৎ প্রতিযোগিতাখনৰ ৯টা ইভেণ্টত অংশগ্রহণ কৰিব৷

মন কৰিবলগীয়া যে পেৰালিম্পিকত প্রথমবাৰৰ বাবে সর্বাধিক ভাৰতীয় খেলুৱৈয়ে অংশগ্রহণ কৰিব৷ ২০১৬ চনৰ ৰি’ পেৰালিম্পিকত ভাৰতে মাত্র ১৯জনীয়া দল প্রেৰণ কৰিছিল৷ টকিঅ’ অলিম্পিকৰ দৰে পেৰালিম্পিকতো দর্শকৰ উপস্থিতি নিষিদ্ধ কৰা হৈছে৷ ক’ৰোনাৰ আতংকৰ বাবে পেৰালিম্পিকৰ আটাইকেইটা ইভেণ্ট বন্ধ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ অৱশ্যে স্কুলীয়া ছাত্র–ছাত্রীসকলক খেল উপভোগৰ বাবে ষ্টেডিয়ামত প্রৱেশ কৰাৰ অনুমতি প্রদান কৰা হৈছে যদিও তেওঁলোকে ক’ভিডৰ সকলো কঠোৰ নীতি–নিয়ম পালন কৰিব লাগিব৷

আজি আৰম্ভ হ’বলগীয়া পেৰালিম্পিকৰ উদ্বোধনী অনুষ্ঠানত সীমিতসংখ্যক লোককহে উপস্থিতিৰ অনুমতি প্রদান কৰিছে আয়োজকে৷ উদ্বোধনী অনুষ্ঠানত পাঁচগৰাকী এথলিট আৰু ৬গৰাকী বিষয়ববীয়াই ভাৰতীয় দলটোক প্রতিনিধিত্ব কৰিব৷

মন কৰিবলগীয়া যে টকিঅ’ পেৰালিম্পিকত প্রথমবাৰলৈ দুখন দেশে ভাগ ল’ব৷ দেশ দুখন হৈছে ভূটান আৰু গয়ানা৷ ইপিনে তালিবানে আফগানিস্তান দখল কৰাৰ পিছত দেশখনৰ এগৰাকীও এথলিটে পেৰালিম্পিকত ভাগ নলয়৷ অৱশ্যে ১৩দিনীয়া প্রতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত আফগানিস্তানৰ জাতীয় পতাকা প্রদর্শন কৰা হ’ব৷ আজিৰ পৰা আৰম্ভ হ’বলগীয়া পেৰালিম্পিক গেমছত ভাৰতে এইবাৰ দহটাৰো অধিক পদক দখল কৰাৰ সম্ভাৱনা আছে৷ তাৰকা জেভলিন থ্র’ৱাৰ দেৱেন্দ্র জাজাৰিয়াৰ ওপৰত দেশবাসীৰ চকু নিবদ্ধ থাকিব৷ ২০০৪ চনৰ এথেন্স পেৰালিম্পিকত স্বর্ণপদক জয় কৰি ইতিহাস ৰচনা কৰা জাজাৰিয়াই ২০১৬ চনত ৰিঅ’ পেৰালিম্পিকত ৬৩.৯৭ মিটাৰ দলিয়াই বিশ্ব অভিলেখ স্থাপন কৰিবলৈ সক্ষম হৈছিল৷ জাজাৰিয়াই টকিঅ’ত স্বর্ণপদক জয় কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশা প্রকাশ কৰিছে৷ ১৯৬৮ চনৰ পৰা পেৰালিম্পিকত ভাগ লোৱা ভাৰতে এতিয়ালৈকে মুঠ ১২টা পদক দখল কৰিবলৈ সক্ষম হৈছে৷

You might also like