অসমত তিনি লক্ষাধিক ড্রাগ্ছ আসক্তঃ গুৱাহাটীত ৫০ হাজাৰে বেজীৰে লয় মাৰাত্মক বৰবিহ
নিয়মীয়া বাৰ্তা, ২৪ আগষ্ট: ড্রাগ্ছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে জোৰদাৰ অভিযান অব্যাহত ৰখাৰ সময়তে নিচামুক্ত অসম গঢ়াৰ বাবে আগবাঢ়ি আহিছে এছ’চিয়েচন অৱ ড্রাগ ৰিহেবিলিটেচন চেণ্টাৰ অৱ আছাম নামৰ সংস্থাটো৷
সোমবাৰে গুৱাহাটী প্রেছ ক্লাবত এখন সংবাদ মেলত সংস্থাটোৰ সম্পাদক সিদ্ধার্থ ভট্টই প্রকাশ কৰা অনুসৰি সম্প্রতি ৰাজ্যত আছে প্রায় ১০০টা ৰিহেবিলিটেচন চেণ্টাৰ৷ এই চেণ্টাৰসমূহত চিকিৎসাধীন হৈ আছে প্রায় ৫ হাজাৰ ড্রাগ্ছ আসক্ত৷ একে সময়তে ৰাজ্যৰ নিচাসক্ত লোকৰ তথ্য প্রকাশ কৰি কয় যে ৰাজ্যত ড্রাগ্ছ সেৱনকাৰীৰ সংখ্যা তিনি লাখৰো অধিক৷ সেইদৰে গুৱাহাটীত ৫০ হাজাৰতকৈও অধিক ড্রাগ্ছ আসক্তই চিৰিঞ্জেৰে গ্রহণ কৰে ড্রাগ্ছ৷
সেয়েহে অসমক নিচামুক্ত ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাই তেওঁ কয়– ‘ড্রাগ্ছৰ প্রতি আসক্তি এই বৃহৎ প্রত্যাহ্বানৰ এক সমাধান সূত্র উলিয়াবৰ বাবে চৰকাৰ আৰু নাগৰিক সমাজৰ বিভিন্ন অংশীদাৰীয়ে যুটীয়াভাৱে কৌশল যুগুত কৰাৰ লগতে সজাগতা বৃদ্ধি কৰিব লাগিব৷ যদিহে আমি অসমক এখন নিচামুক্ত ৰাজ্য হিচাপে গঢ়ি তুলিব বিচাৰো, তেনেহ’লে ড্রাগ্ছৰ বিৰুদ্ধে আমাৰ যুদ্ধ দীঘলীয়া হ’ব আৰু আমি সকলোৱে একত্রিত হৈ যুঁজ আগবঢ়াব লাগিব৷’ ইপিনে, সংবাদ মেলত নিচামুক্তি কেন্দ্রসমূহত নিচাসক্তসকলক কি পদ্ধতিৰে চিকিৎসা প্রদান কৰা হয়, সেই বিষয়েও সবিশেষ তথ্য উল্লেখ কৰে সংস্থাটোৱে৷ আজিৰ সংবাদ মেলত সংস্থাটোৰ সভাপতি দীপক সাহনী উপস্থিত থাকে৷