নিয়মীয়া বাৰ্তা, ২৫ আগষ্ট: অপ্রত্যাশিত এক ভয়ংকৰ আক্রমণত গুৰুতৰভাৱে আহত হৈ ডিব্রুগড় ব্রহ্মপুত্র হাস্পতালত সংকটজনক অৱস্থাত জীৱন–মৃত্যুৰে যুঁজি অৱশেষত হাৰ মানিলে মৰিধল মহাবিদ্যালয়ৰ স্নাতক বর্ষৰ ছাত্রী ঢকুৱাখনা নৱ কাঠবাৰী গাঁৱৰ নন্দিতা শইকীয়াই৷
মৰিধল মহাবিদ্যালয়ৰ লাইব্রেৰী বীয়েৰাৰ ৰিণ্টু শর্মাৰ উপর্যুপৰি দাৰ ঘাপত গুৰুতৰভাৱে আহত ঢকুৱাখনা কাঠৰবাৰী গাঁৱৰ নবীন শইকীয়াৰ কন্যা তথা মৰিধল মহাবিদ্যালয়ৰ স্নাতক পঞ্চম ষাণ্মাসিকৰ ছাত্রী নন্দিতাই অতি সংকটজনক অৱস্থাত বিগত চাৰি দিন ধৰি মৃত্যুৰে যুঁজ কৰি আজি শেষ নিশ্বাস ত্যাগ কৰে৷
খবৰ অনুসৰি, নন্দিতা শইকীয়াৰ লগত দীর্ঘদিনৰে পৰা প্রেমৰ সম্পর্ক আছিল ৰিণ্টুৰ৷