নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনুজ্ঞাপত্র অবিহনে অস্বাস্থ্যকৰ পৰিৱেশত বিক্রীঃ ৮০খন মাছ–মাংসৰ দোকান উচ্ছেদ জিএমচিৰ

নিয়মীয়া বাৰ্তা, ২৬ আগষ্ট: গুৱাহাটী পৌৰ নিগমৰ নির্দেশনা উলংঘাৰে জনস্বাস্থ্যৰ প্রতি ভাবুকি সৃষ্টি কৰি ব্যৱসায় চলাই আহিছে একাংশ অসাধু লোকে৷ অস্বাস্থ্যকৰ পৰিৱেশত মুকলিকৈ মাছ–মাংসৰ ব্যৱসায় চলাই অহা লোকসকলক স্বাস্থ্যকৰ পৰিৱেশত প্রয়োজনীয় অনুমতিসাপেক্ষে ব্যৱসায় কৰিবলৈ পৌৰ নিগমে নির্দেশনা জাৰি কৰিছিল৷ কিন্তু পৌৰ নিগম কর্তৃপক্ষৰ নীতি–নির্দেশনা উলংঘাৰে মহানগৰীৰ বিভিন্ন স্থানৰ পদপথত একাংশ অসাধু লোকে জনস্বাস্থ্যৰ প্রতি ভাবুকি সৃষ্টি কৰি ব্যৱসায় চলাই আহিছে৷

পৌৰ নিগমৰ নির্দেশনা উলংঘাৰে অনুজ্ঞাপত্র অবিহনে অস্বাস্থ্যকৰ পৰিৱেশত পদপথত ব্যৱসায় চলাই অহা লোকসকলৰ বিৰুদ্ধে বুধবাৰে পৌৰ নিগমৰ পশুপালন বিভাগৰ এটা দলে অভিযান চলায়৷ অভিযানকাৰী দলটোৱে কাহিলিপাৰা কলনী বজাৰ, লালগণেশ, ওদালবাক্রা, জ্যোতিকুছি, সাউকুছি, লখৰা, গড়চক চাৰিআলি, গণেশপাৰা, ধীৰেনপাৰা আদি অঞ্চলত অভিযান চলাই অস্বাস্থ্যকৰ পৰিৱেশত মাছ–মাংস বিক্রী কৰা ৮০খন ব্যৱসায়িক প্রতিষ্ঠান উচ্ছেদ কৰে৷

পৌৰ নিগমৰ অভিযানকাৰী দলটোৱে ২০০ কেজি মাছ আৰু ১২ কেজি মাংস জব্দ কৰে৷

লক্ষণীয় যে গুৱাহাটী মহানগৰীত মাছ–মাংসৰ ব্যৱসায় চলোৱা ব্যৱসায়ীসকলক পৌৰ নিগমৰ অনুজ্ঞাপত্র লৈ ব্যৱসায় চলাবলৈ শেহতীয়াকৈ নির্দেশনা জাৰি কৰিছিল৷ ইয়াৰ উপৰি অস্বাস্থ্যকৰ পৰিৱেশত খোলাকৈ মাছ–মাংস বিক্রী কৰাৰ ক্ষেত্রত নিষেধাজ্ঞা জাৰি কৰিছিল৷ কিন্তু পৌৰ নিগমৰ নির্দেশনা উলংঘাৰে একাংশ অসাধু লোকে অস্বাস্থ্যকৰ পৰিৱেশত মাছ–মাংস বিক্রী কৰি আহিছে৷ পৌৰ নিগমৰ নির্দেশনা উলংঘাৰে ব্যৱসায় চলাই অহা ব্যৱসায়ীসকলৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান পৌৰ নিগমে চলাই আহিব বুলি জানিবলৈ দিছে৷

এই অভিযানত অস্বাস্থ্যকৰ পৰিৱেশত মাছ–মাংস বিক্রী কৰাৰ অভিযোগত অভিযানকাৰী দলটোৱে দুহাজাৰ টকা জৰিমনা বিহে৷ জব্দকৃত মাছ–মাংসখিনি বৰাগাঁও ডাম্পিং গ্রাউণ্ডত নষ্ট কৰি পেলায়৷

You might also like