নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউডিএফ আঁতৰিলেহে মহাজোঁটত চামিল হ’ব ৰাইজৰ দল

নিয়মীয়া বাৰ্তা ৩০ আগষ্টঃ যিমানেই দিন আগবাঢ়িছে, সিমানেই ৰহস্যময় হৈ পৰিছে ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈ৷ সমষ্টিৰ জনসাধাৰণ বানত ককবকাই থকাৰ সময়ত দিল্লীত অজ্ঞাত অংকত ব্যস্ত হৈ আছে শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকী৷ ৰাজ্যৰ লগতে দেশত বিজেপিবিৰোধী শিবিৰক একত্রিত কৰাৰ বাবেই সম্প্রতি ব্যস্ততাৰ সীমা নথকা দেখুওৱা অখিল গগৈৰ শেহতীয়া দিল্লী ভ্রমণসূচীয়ে স্বাভাৱিকতে ৰহস্যময় কৰি তুলিছে তেওঁৰ কার্যকলাপ৷ বিধায়ক অখিল গগৈয়ে কালি দিল্লীত নির্বাচনী ৰণকৌশল প্রস্তুতত দেশৰ চাণক্য ৰূপে পৰিচিত প্রশান্ত কিশোৰৰ সৈতে এলানি আলোচনাত মিলিত হয়৷ প্রশান্ত কিশোৰৰে হোৱা আলোচনাত তেওঁক তৃণমূল কংগ্রেছত যোগদান কৰি অসম প্রদেশৰ সভাপতিৰ দায়িত্ব লোৱাৰ প্রস্তাৱ দিয়ে৷ কিন্তু গগৈয়ে সেই প্রস্তাৱ প্রত্যাখ্যান কৰে৷ এই সন্দর্ভত গগৈয়ে যুক্তি দিয়ে যে ৰাইজৰ দল হৈছে জাতীয়তাবাদী সম্ভাৱনাপূর্ণ দল৷ সেয়ে তেওঁ তৃণমূল কংগ্রেছত যোগ দি বিলীন হ’লে ৰাইজক প্রতাৰণা কৰা হ’ব৷ ইয়াৰ পৰিৱর্তে তেওঁ সকলো আঞ্চলিক দল, কংগ্রেছ, তৃণমূল কংগ্রেছ একত্রিত হৈ যুঁজ দিয়াৰ পোষকতা কৰে৷

ইপিনে, দেওবাৰৰ দিনটোতো দিল্লীত অখিল গগৈৰ ভূমিকাক লৈ পুনৰ ৰহস্যৰ সৃষ্টি হৈছে৷ সততে সংবাদ মাধ্যমৰ আগত বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰি অহা গগৈয়ে দেওবাৰে দুপৰীয়াৰ ভাগত আচম্বিতে দিল্লীৰ আছাম হাউছত সাক্ষাৎ কৰে মন্ত্রী পীয়ূষ হাজৰিকাক৷ মন্ত্রী হাজৰিকায়ো আছাম হাউছৰ তেওঁৰ কোঠাত বিধায়ক গগৈ অহাৰ কথা স্বীকাৰ কৰি কয় যে তেওঁৰ কাষৰ ৰুমতে অখিল গগৈও আছে৷ ওচৰা–উচৰিকৈ থকাৰ বাবে আজি তেওঁৰ কোঠালৈ বিধায়ক গগৈ আহিছে৷ বিধায়ক গগৈয়ে তেওঁৰ সৈতে সমষ্টিৰ উন্নয়নৰ কামৰ কথা, অসমৰ ভৱিষ্যতৰ দুই–এটা কথা পাতিছে৷ অৱশ্যে তেওঁলোকৰ মাজত কোনো ৰাজনৈতিক কথা–বতৰা হোৱা নাই৷

ইফালে, দিল্লীত সংবাদ মাধ্যমৰ আগত বিধায়ক গগৈয়ে প্রকাশ কৰা অনুসৰি মহাজোঁটৰ পৰা এআইইউডিএফ দল আঁতৰিলেহে ৰাইজৰ দলে মহাজোঁটত অংশগ্রহণ কৰিব৷ কিন্তু এআইইউডিএফ থকালৈকে ৰাইজৰ দলে মহাজোঁটত অংশগ্রহণ নকৰে৷ এই সিদ্ধান্তত ৰাইজৰ দল দৃঢ়৷ সাম্প্রদায়িক ফেচিবাদী শক্তি বিজেপিৰ বিৰুদ্ধাচৰণ কৰিবলৈ গৈ সাম্প্রদায়িক মৌলবাদী এআইইউডিএফ দলৰ সৈতে ৰাইজৰ দল একত্রিত হ’ব নোৱাৰে৷ এই প্রসংগতে তেওঁ আৰু কয় যে এইবাৰ অসমত বিজেপি ক্ষমতালৈ অহাৰ সম্ভাৱনা নাছিল৷ কংগ্রেছ–এআইইউডিএফৰ্ জোঁটবন্ধন আৰু তেওঁ জে’লত থকাৰ বাবেহে এইবাৰ বিজেপি ক্ষমতালৈ আহিব পাৰিলে৷ ২০২৪ চনৰ লোকসভা নির্বাচনত তেওঁ তৃণমূল কংগ্রেছ আৰু কংগ্রেছক একেলগে নির্বাচন খেলাৰ বাবেও আহ্বান জনায়৷ মুঠতে যোৱা দুটা দিনত অখিল গগৈৰ দিল্লীৰ কার্যক্রমণিকাই তেওঁক অধিক ৰহস্যময় কৰি তুলিছে৷

You might also like