নিয়মীয়া বাৰ্তা ৩১ আগষ্টঃ বেদখল গুৰুজনাৰ জন্মস্থান বটদ্রৱাৰ বাবে একপ্রকাৰৰ মহাব্যাধিস্বৰূপ হৈ পৰিছে৷ এইবাৰ বেদখল চলিছে জগতগুৰুজনাৰ নামত ১৯৫০ চনতে বটদ্রৱাৰ শিক্ষাব্রতী মহৎলোকসকলৰ প্রচেষ্টাত বটদ্রৱাৰ সত্র এলেকাত প্রতিষ্ঠা লাভ কৰা অঞ্চলটোৰ গৰিমাময় ইতিহাসৰ অন্যতম সাক্ষীস্বৰূপ শ্রীশ্রীশংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নামত আবণ্টিত ভূমিখণ্ডৰ ওপৰত৷ ভাৰতবর্ষই স্বাধীনতা লাভ কৰাৰ পাছত অনগ্রসৰ হৈ থকা বৃহত্তৰ অঞ্চলটোৰ কেন্দ্রস্থান তথা গুৰুজনাৰ ওপজা ভূমি বটদ্রৱাত প্রতিষ্ঠিত এই শিক্ষানুষ্ঠানখনৰ আছে এক গৌৰৱময় পৰিক্রমা৷ বহুকেইজন ছাত্রই সুখ্যাতিৰে উত্তীর্ণ হৈ বৃহত্তৰ অঞ্চলটোৰ সমাজ জীৱনৰ গুৰিব’ঠা ধৰি বিদ্যালয়ৰ শৈক্ষিক ইতিহাস উজলাই ৰাখিছে৷ চল্লিশৰ দশকত বটদ্রৱা থানৰ ভকত–বৈষ্ণৱৰ ভূমি শ্রম অর্থৰ দানেৰে প্রতিষ্ঠা লাভ কৰা শিক্ষানুষ্ঠানখনৰ ভেটিত গঢ়ি উঠিছে গুৰুজনাৰ ওপজা ভূমিৰ শৈক্ষিক বুনিয়াদ৷
জ্ঞানৰ জেউতি বিলোৱা এই ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানৰ নামত ১৯৬০ চনত বটদ্রৱা মৌজাৰ ধূপগুৰি কিচামতত ৩৩৯ দাগ নম্বৰৰ চাৰি বিঘা চাৰি কঠা দহ লেচা, ৩৪০ দাগ নম্বৰ ষোল্ল বিঘা চাৰি কঠা দহ লেচা সর্বমুঠ একৈশ বিঘা চাৰি কঠা ভূমি আবণ্টন দিছিল অসম চৰকাৰৰ ৰাজহ বিভাগে৷ ধিং–বটদ্রৱা সংযোগী গডকাপ্ঢানী পথৰ কাষত ধূপগুৰিত অৱস্থিত এই ভূমিত বিগত বিশ বছৰৰ পৰা চলি আহিছে বেদখল৷ একাংশ দুষৃকতিকাৰীয়ে বিদ্যালয়ৰ ভূমি বেদখল কৰি মীনপালনৰ বাবে পুখুৰী খন্দাৰ লগতে ঘৰ–দুৱাৰ সাজি গঢ়ি তুলিছে বস্তি এলেকা৷ কেৱল সেয়ে নহয়, ধর্মীয় গোডামিৰ অত্যধিক আৱেগসৃষ্ট পৰিৱেশ ৰচনাৰ হেতু এইসকল লোকে জ্ঞানৰ জেউতি বিলোৱা বিদ্যা মন্দিৰৰ ভূমিত সাজিছে কবৰস্থান আৰু ধর্মীয় মাদ্রাছা৷
য’ত গুৰুজনাৰ নামত প্রতিষ্ঠিত বিদ্যালয়ৰ ভূমিখণ্ডতে ধর্মীয় মৌলবাদৰ শিক্ষা দিয়া হয়৷ দুষৃকতিকাৰীৰ অবৈধ দখলৰ পৰা সাৰি যোৱা নাই চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ ভূমি৷ উল্লেখ্য যে গুৰুজনাৰ জন্মস্থান বটদ্রৱাৰ প্রাক্তন সৈনিকৰ ভূমি, কৃষি বীজ পামৰ ভূমি, বটদ্রৱা থানৰ বৰহিছা কিচামতৰ ভূমি, ভেটিয়নীৰ জামাইবস্তি, ঐতিহাসিক শান্তিজান জলপৃষ্ঠ, শান্তিজান বজাৰত থকা বটদ্রৱা থানৰ ভূমি, কোবাইকটা সত্র, ৰামপুৰ সত্র আৰু বালিসত্রকে ধৰি বৃহত্তৰ অঞ্চলটোৰ দুহাজাৰ বিঘাৰো অধিক চৰকাৰী ভূমিৰ অবাধ বেদখল পূর্বৰ পৰা চলি আহিছিল৷ এই বৃহৎ পৰিমাণৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে সময়ে সময়ে শ্রীশ্রীবটদ্রৱা থান পৰিচালনা সমিতিয়ে দাবী জনাই আহিছে যদিও ধিং ৰাজহ চক্র বিষয়াগৰাকীৰ লগতে স্থানীয় একাংশ মণ্ডল–কাননগোৰ নিজৰ সান্দহ খোৱা বালি তল যোৱাৰ ভয়ত আওকণীয়া মনোভাব গ্রহণ কৰি থকা বাবেই বটদ্রৱাৰ বৃহত্তৰ অঞ্চলসমূহৰ চৰকাৰী ভূমিখণ্ড আজিকোপতি বেদখলমুক্ত হোৱা নাই বুলি সচেতন মহলে সংবাদ মাধ্যমক অৱগত কৰিছে৷
আনহাতে বটদ্রৱা শ্রীশ্রীশংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় কর্তৃপক্ষৰ হৈ অধ্যক্ষ অনিল শইকীয়াই সংবাদ মাধ্যমৰ জৰিয়তে বটদ্রৱা শংকৰদেৱ উচ্চতৰ বিদ্যালয়ৰ নামত থকা ভূমিৰ সকলো বেদখল উচ্ছেদ কৰি বিদ্যালয়খনক চমজাই দিবলৈ অনুৰোধ জনাইছে৷ বিষয়টোৰ সন্দর্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ হস্তক্ষেপো কামনা কৰিছে বিদ্যালয় কর্তৃপক্ষই৷ ইফালে গুৰুজনাৰ নামত প্রতিষ্ঠিত বিদ্যালয়ৰ ভূমিত কবৰস্থান আৰু মাদ্রাছা স্থাপন কৰা বিষয়টো সন্দর্ভত প্রতিক্রিয়া ব্যক্ত কৰিছে বটদ্রৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্রমোহন বৰুৱা, শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক গুণমণি কলিতা, শিক্ষক বদন কলিতা, সমাজকর্মী সুৰুজ হাজৰিকা, বিপিন বৰা, ৰাজু বৰুৱা প্রমুখ্যে বিভিন্নজনে৷ তেনে এখন ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানৰ নামত আবণ্টিত ভূমিখণ্ডত চলি থকা সকলো বেদখল উচ্ছেদ কৰি বিদ্যালয়ক চমজাই দিবলৈ অনুৰোধ জনাইছে৷ বিষয়টো সন্দর্ভত অসমৰ মুখ্যমন্ত্রী আৰু ৰাজহ মন্ত্রীৰ তৎকালীন হস্তক্ষেপ কামনা কৰিছে বিদ্যালয়ৰ শিক্ষক আৰু অঞ্চলৰ সচেতন সমাজে৷