নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাহ জনগোষ্ঠী–আদিবাসীক নতুন দিগন্তলৈ নিয়াৰ প্রয়াস

নেতৃস্থানীয় ব্যক্তিবৃন্দৰে গুৱাহাটীত মুখ্যমন্ত্রী ড০ শর্মাৰ ৪.২০ ঘণ্টাৰ বৈঠকত সিদ্ধান্ত

নিয়মীয়া বাৰ্তা ৩১ আগষ্টঃ ৰাজ্যখনত বসবাস কৰা চাহ জনগোষ্ঠী আৰু আদিবাসীসকলৰ আর্থ–সামাজিক আৰু সর্বাংগীণ উন্নয়নৰ ক্ষেত্রত চৰকাৰে গ্রহণ কৰিবলগীয়া পদক্ষেপসমূহৰ ৰূপৰেখা প্রস্তুতৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সোমবাৰে জনগোষ্ঠীটোৰ বিশিষ্ট বুদ্ধিজীৱী, শিক্ষাবিদ, সমাজকর্মী তথা নেতৃস্থানীয় ব্যক্তিসকলৰ সৈতে মত বিনিময় কৰে৷ খানাপাৰাৰ অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত ‘হামদেৰ মনেৰ কথা’ শীর্ষক বিশেষ অনুষ্ঠানত জনগোষ্ঠীটোৰ প্রতিনিধিসকলে তেওঁলোকৰ বিভিন্ন সমস্যাৰ বিষয়ে অৱগত কৰে৷ স্বাধীনতাৰ পাছত পোনপ্রথমবাৰৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাৰ উদ্যোগত জনগোষ্ঠীটোৰ বিভিন্ন সমস্যা আৰু আশা–আকাংক্ষা সম্পর্কত অৱগত হোৱাৰ বাবে ৰাজ্য চৰকাৰে এই পদক্ষেপ গ্রহণ কৰে৷

চাৰি ঘণ্টা ২০ মিনিটজুৰি চলা এই মত বিনিময় অনুষ্ঠানৰ অন্তত মুখ্যমন্ত্রী ড০ শর্মাই সংবাদ মাধ্যমৰ আগত কয় যে চাহ জনগোষ্ঠী আৰু আদিবাসীসকলৰ মনৰ কথা শুনি তেওঁলোকক নতুন দিগন্তলৈ লৈ যোৱাৰ প্রয়াস আৰু প্রচেষ্টা চলোৱাৰ বাবেই আজিৰ এই অনুষ্ঠানৰ আয়োজন কৰা হয়৷ প্রতিনিধিসকলৰ মতামত শুনাৰ পাছত জনগোষ্ঠীটোৰ বিকাশৰ বাবে চৰকাৰক পৰামর্শ দিবলৈ স্বাস্থ্য, শিক্ষা, দক্ষতা, সংস্কৃতি, সাহিত্য, ক্রীড়া আৰু নিয়োগ সম্পর্কত সাতখন উপ–সমিতি গঠনৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷ উপ–সমিতিসমূহে অহা ডিচেম্বৰৰ ভিতৰত চৰকাৰক প্রতিবেদন দাখিল কৰিব৷ সেই প্রতিবেদন অনুসৰি পৰৱর্তী বাজেটসমূহত আঁচনি ৰূপায়ণ কৰা হ’ব৷ তাৰ জৰিয়তে জনগোষ্ঠীটোক নতুন দিগন্তলৈ লৈ যোৱাৰ প্রয়াস আৰু প্রচেষ্টা চলোৱা হ’ব৷

উল্লেখ্য যে স্বাস্থ্য, শিক্ষা, দক্ষতা উন্নয়ন, সাহিত্য–সংস্কৃতি, ক্রীড়া, নিয়োগ ইত্যাদিৰ উত্তৰণৰ দিশত পৰামর্শ আগবঢ়াবলগীয়া উপ–সমিতি সাতখনে জনগোষ্ঠীটোৰ সর্বাংগীণ বিকাশৰ বাবে চাহ জনজাতি অধ্যুষিত এলেকাৰ আন্তঃগাঁথনি উন্নয়ন, জনগোষ্ঠীটোৰ লোকসকলৰ বংশানুক্রমিক বৃত্তিৰ বিকল্প আৰু অতিৰিক্ত জীৱিকাৰ পথ অন্বেষণ, উপযুক্ত শিক্ষা ব্যৱস্থা, স্বাস্থ্যৰ আন্তঃগাঁথনি, ভাষা, সাংস্কৃতিক উপাদান আৰু ঐতিহ্য সংৰক্ষণ আদি বিভিন্ন দিশৰ ওপৰত হ্রস্বম্যাদী, মজলীয়া আৰু দীর্ঘম্যাদী কর্মসূচীও গ্রহণ কৰিব৷ বিষয়ৰ লগত সম্পর্কিত সংশ্লিষ্ট চৰকাৰী বিভাগৰ এগৰাকী বিষয়াক সমিতিৰ সদস্য সচিব হিচাপে নিয়োগ কৰিব৷ মন কৰিবলগীয়া যে স্বাধীনতাৰ পাছত পোনপ্রথমবাৰৰ বাবে জনগোষ্ঠীটোৰ প্রতিনিধিসকলৰ সৈতে মত বিনিময়ৰ বাবে আয়োজন কৰা এই অনুষ্ঠানত মুখ্যমন্ত্রী ড০ শর্মাক চাহ জনগোষ্ঠীয় পৰম্পৰাৰে আদৰি অনা হয়৷

অনুষ্ঠানত অংশগ্রহণকাৰীসকল্ উদ্দেশ্যি প্রদান কৰা বক্তব্যত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বৃহত্তৰ অসমীয়া সমাজখনৰ অবিচ্ছেদ্য অংগ চাহ জনগোষ্ঠীক সকলো দিশৰ পৰা আগুৱাই নিয়াৰ উদ্দেশ্যে বিগত পাঁচ বছৰত বিজেপি মিত্রজোঁটৰ চৰকাৰে বহুখিনি পদক্ষেপ গ্রহণ কৰিছিল যদিও এতিয়াও এই দিশত যথেষ্টখিনি কৰণীয় আছে৷ সেয়েহে জনগোষ্ঠীটোৰ বিশিষ্ট নাগৰিকসকলৰ পৰা তেওঁলোকৰ মনৰ কথা শুনি এই দিশত যথোপযুক্ত কর্মসূচী যুগুতোৱাৰ বাবে আজি এই অনুষ্ঠানৰ আয়োজন কৰা হয়৷ প্রতিনিধিসকলক খোলা মনেৰে তেওঁলোকক মনৰ ভাব প্রকাশ কৰাৰ লগতে চৰকাৰৰ কৰণীয় সন্দর্ভত যাৱতীয় দিহা–পৰামর্শ আগবঢ়াবলৈ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আজিৰ এই আলোচনা এই দিশত মাথোঁ এক পাতনিহে৷ পৰৱর্তী ছমাহ কাল ধৰি চৰকাৰে এই আলোচনা অব্যাহত ৰাখিব৷

এই মত বিনিময় অনুষ্ঠানত প্রাক্তন কেন্দ্রীয় মন্ত্রী পৱন সিং ঘাটোৱাৰ, বিধানসভাৰ প্রাক্তন অধ্যক্ষ পৃথিৱী মাঝি, ড০ ভবেন তাঁতী, ড০ ধ্রুৱজ্যোতি কুর্মী, দুলামী হেৰেনছ, ড০ কমল কুমাৰ তাঁতী, সুশীল চন্দ্র কুর্মী, ৱিলফ্রেড তপ্ণ, ভগীৰথ কৰণ, অৰুণ কাৱাৰ, মনোমতী কুর্মী, ভৰত তাঁতী, অনিল তাঁতী, ৰেণু গোৱালা, দীপাৱলী কুর্মী, মাচি তপ্ণ, বহ্ণি কুমাৰ টেলেঙা, ভদ্র ৰাজোৱাৰ, নকুল চাওৰা, মাণিকলাল মাহাতো, অশোক কুর্মী আদিকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে নিজৰ মনৰ ভাব প্রকাশ কৰি জনগোষ্ঠীটোৰ উন্নয়নৰ বাবে বিভিন্ন দিহা–পৰামর্শ আগবঢ়ায়৷

নিজৰ বক্তব্যত তেওঁলোকে স্বাধীনতাৰ পাছৰ সাতোটা দশকত পোনপ্রথমবাৰৰ বাবে তেওঁলোকৰ মনৰ কথা শুনিবলৈ আগ্রহ প্রকাশ কৰাৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে৷ আজিৰ এই অনুষ্ঠানত কেন্দ্রীয় খাদ্য সংসাধন দপ্তৰৰ ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলীয়ে ভাষণত মুখ্যমন্ত্রী ড০ শর্মাৰ এনে প্রচেষ্টাৰ শলাগ লয়৷ চাহ জনজাতি উন্নয়ন বিভাগৰ মন্ত্রী সঞ্জয় কিষাণে আদৰণী ভাষণ প্রদান কৰা আজিৰ এই অনুষ্ঠানত কৃষিমন্ত্রী অতুল বৰা, উদ্যোগ মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত, শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, জলসিঞ্চন মন্ত্রী অশোক সিংঘলকে ধৰি জনগোষ্ঠীটোৰ বহুকেইগৰাকী বিধায়ক, প্রাক্তন মন্ত্রী–সাংসদ–বিধায়্, চাহ জনগোষ্ঠীৰ বিভিন্ন সংগঠনৰ প্রতিনিধি আৰু বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে৷ আজিৰ এই অনুষ্ঠানত মুখ্য সচিব জিষ্ণু বৰুৱাকে ধৰি ৰাজ্যিক প্রশাসনৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে৷

You might also like