ভয়াৱহ মানৱীয় বিপর্যয়ৰ দিশে আফগানিস্তান
উদ্বিগ্ণ ৰাষ্ট্রসংঘৰ শৰণার্থী সংস্থাঃ ৩৫ লাখ লোক স্থানচ্যুত
নিয়মীয়া বাৰ্তা ৩১ আগষ্টঃ আফগানিস্তান তালিবানে পুনৰ দখল কৰাৰ পিছতে দেশখনৰ পৰিস্থিতি ক্রমাৎ ভয়াৱহ হৈ পৰিছে৷ ৰাষ্ট্রসংঘৰ শৰণার্থী সংস্থাই অধিক সংকট আহি থকা বুলি ইতিমধ্যে সতর্কবাণী কৰিছে৷ ৰাষ্ট্রসংঘৰ শৰণার্থীৰ বাবে থকা উচ্চায়ুক্ত (ইউ এন এইচ চি আৰ)ই তালিবান আৰু আফগানিস্তানৰ অন্য সকলো পক্ষকে মানৱ অধিকাৰ ৰক্ষাৰ বিষয়টোত গুৰুত্ব প্রদান কৰিবলৈ আহ্বান জনাইছে৷
বিশেষকৈ মহিলা আৰু কিশোৰী–যুৱতীসকলক্ বিপর্যয়ৰ মুখলৈ ঠেলি নিদিবলৈ আহ্বান জনাইছে ইউ এন এইচ চি আৰে৷ সংস্থাটোৰ মতে আফগানিস্তানত ভয়াৱহ সংকটৰ আৰম্ভণিহে৷ দেশখনৰ ৩৯ নিযুত লোক অতি বিপর্যয়ৰ সন্মুখীন হোৱাৰ আশংকা আছে৷ ইউ এন এইচ চি আৰ ফিলিপ্পো গ্রাণ্ডিয়ে উল্লেখ কৰিছে যে মানৱীয়তাৰ খাতিৰত সকলো দেশে আফগান শৰণার্থীসকলক আশ্রয় দান কৰা উচিত৷
ইৰান আৰু পাকিস্তানক আফগান শৰণার্থীৰ বাবে সীমান্ত পথ মুকলি কৰি ৰাখিবলৈও আহ্বান জনাইছে গ্রাণ্ডিয়ে৷ লক্ষণীয়ভাৱে চলিত বর্ষৰ শেষলৈকে আফগানিস্তানৰ পৰা ৫ লক্ষাধিক লোকে আশ্রয় বিচাৰি অন্য দেশলৈ পলায়ন কৰিব পাৰে বুলি আশংকাও প্রকাশ কৰিছে শৰণার্থী সংস্থাটোৱে৷ ৰাষ্ট্রসংঘৰ শৰণার্থী সংস্থাটোৰ মতে ইতিমধ্যে আফগানিস্তানৰ পৰা স্থানচ্যুত হৈছে ৩৫ লাখ লোক৷ ইফালে, ভয়াৱহ খাদ্য সংকটেও আফগানবাসীৰ জীৱন দুর্বিষহ কৰি তুলিছে৷