নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভুৱা ৰচিদেৰে চৰকাৰী ধন আত্মসাৎ গোপজিৎ দাসৰ

তথ্য–সম্প্রচাৰ মন্ত্রালয়ৰ অধীনস্থ আৰ’বিত বিত্তীয় খেলিমেলিৰ অভিযোগ

নিয়মীয়া বাৰ্তা ২ ছেপ্টেম্বৰঃ তথ্য আৰু সম্প্রচাৰ মন্ত্রালয়ৰ অধীনস্থ গুৱাহাটীৰ ৰিজ’নেল আউটৰিচ্চ ব্যুৰ’ (আৰ’বি)ত ব্যাপক আর্থিক খেলিমেলি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ সংঘটিত হৈছে৷ প্রেছ ইনফৰমেচন ব্যুৰ’ (পিআইবি) আৰু আৰ’বিৰ মিডিয়া আৰু কমিউনিকেচন বিষয়া গোপজিৎ দাসৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ নতুন দিল্লীস্থিত ব্যুৰ’ অৱ আউটৰিচ্চ কমিউনিকেচনৰ নিৰীক্ষণ শাখাত দাখিল কৰা অভিযোগ অনুসৰি বিগত সময়ছোৱাত গোপজিৎ দাস নামৰ বিষয়াজনক বেআইনীভাৱে পূর্বৰ সঞ্চালক জেনেৰেল এল আৰ বিশ্বনাথৰ বিশেষ কর্তব্যৰত বিষয়া হিচাপে নিযুক্তি দিয়া হৈছিল৷ এই সময়তে বিভিন্ন কার্যসূচী অনুষ্ঠিত কৰাৰ নামত চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে দাসৰ বিৰুদ্ধে৷ প্রাপ্ত তথ্য অনুসৰি চৰকাৰী কার্যসূচী আয়োজনৰ নামত গোপজিৎ দাসে নিজৰ ব্যক্তিগত একাউণ্টত চৰকাৰী ধন জমা কৰিছিল৷

বিগত বর্ষৰ জানুৱাৰী আৰু ফেব্রুৱাৰী মাহত মঙলদৈত এটা কার্যসূচী অনুষ্ঠিত কৰাৰ নামত ৬.৩০ লাখ টকাৰ এখন চেক নিজৰ নামত লৈছিল দাসে৷ কিন্তু প্রকৃত যোগনীয়াৰসকলক তেওঁ কোনোধৰণৰ ধন প্রদান কৰা নাছিল৷ সেই সময়ৰ সঞ্চালকপ্রধান এন আৰ বিশ্বনাথৰ ছত্রছায়াত গোপজিৎ দাসে অনুমোদন নোহোৱাকৈ মেচার্ছ হেলথিফাই নামৰ প্রতিষ্ঠানৰ নামত ক্রয় কৰিছিল ১.৯২ লাখ টকাৰ ছেনিটাইজাৰ৷ পৰৱর্তী সময়ত চলোৱা অনুসন্ধানত পোহৰলৈ আহিছিল যে দাসে প্রকৃততে কোনো ছেনিটাইজাৰ ক্রয় নকৰাকৈ এই ধন উলিয়াই নিছিল৷

উক্ত প্রতিষ্ঠানটো দাসৰ এজন বন্ধুৰ মালিকানাধীন প্রতিষ্ঠান হোৱাৰ বাবে ভুৱা ৰচিদেৰে এই ধন উলিয়াই নিবলৈ সক্ষম হৈছিল দাসে৷ তদুপৰি বিভিন্ন অনুষ্ঠান আয়োজনৰ পাছত নিজৰ আত্মীয়–স্বজন অথবা পৰিয়ালৰ সদস্যৰ নামত থকা প্রতিষ্ঠানৰ পৰা সামগ্রী ক্রয় কৰা দেখুৱাইছিল অভিযুক্ত বিষয়াজনে৷ প্রকৃততে এই প্রতিষ্ঠানসমূহৰ পৰা কোনো সামগ্রী ক্রয় নকৰাকৈয়ে ৰাজকোষৰ ধন আত্মসাৎ কৰি আহিছে এই বিষয়াজনে৷ সমান্তৰালভাৱে গোপজিৎ দাসৰ কর্মক্ষেত্র শ্বিলং যদিও একাংশ উচ্চপদস্থ বিষয়াক সন্তুষ্ট কৰি বিগত দুবছৰ ধৰি গুৱাহাটীতে কাম কৰি আহিছে তেওঁ৷ বিভিন্ন সময়ত তেওঁৰ বিৰুদ্ধে অভিযোগ দাখিল কৰি আহিছে যদিও আজি পর্যন্ত তেওঁৰ বিৰুদ্ধে কোনোধৰণৰ বিভাগীয় তদন্ত হোৱা নাই৷ ইয়াৰ বিপৰীতে নিজৰ স্বার্থৰ বাবে একাংশ বিষয়া–কর্মচাৰীয়ে গোপজিৎ দাসক সুৰক্ষা প্রদান কৰাৰ অভিযোগ উত্থাপিত হৈছে৷

You might also like