ড্রাগ্ছ আসক্ত সম্পর্কীয় ভাতৃয়ে নৃশংসভাৱে হত্যা কৰিছিল ডিম্পলক
নিয়মীয়া বাৰ্তা ৩ ছেপ্টেম্বৰঃ অৱশেষত উজান বজাৰৰ জনাকীর্ণ ৱার্ড ষ্ট্রীটত সংঘটিত ডিম্পল কুমাৱাটৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ৰহস্য ভেদ কৰিলে মহানগৰ আৰক্ষীয়ে৷ ডিম্পলক সম্পর্কীয় ককায়েক আশ্বিক গুপ্তাই হত্যা কৰিছিল৷ আৰক্ষীৰ জেৰাত ঘাতক আশ্বিকে ডিম্পলক হত্যা কৰা বুলি স্বীকাৰ কৰে৷ মধ্য আৰক্ষী জিলাৰ ডিচিপি ৰাজবীৰে সংবাদ মাধ্যমক আনুষ্ঠানিকভাৱে এই কথা সদৰী কৰে৷ আৰক্ষীৰ জেৰাত ১৩ বছৰীয়া ভগ্ণী ডিম্পলক কেনেদৰে নৃশংসভাৱে হত্যা কৰিছিল, সেই কথাও অকপটে স্বীকাৰ কৰিছে ঘাতক আশ্বিকে৷ কালি দিনৰ প্রায় ১০.৪৫ বজাত কোনো কথাক লৈ ডিম্পল আৰু আশ্বিকৰ মাজত কাজিয়াৰ সূত্রপাত হৈ দুয়োৰে মাজত মাৰপিট হয়৷ আশ্বিকে ভগ্ণী ডিম্পলক ওচৰতে থকা এটা প্রেছাৰ কুকাৰেৰে প্রচণ্ড জোৰেৰে প্রহাৰ কৰে৷ ডিম্পল বিছনাত পৰি যোৱাত আশ্বিকে প্রথমে ছুৰীৰে পেটত আৰু পাছত পিঠিত দহবাৰকৈ হানি–খুঁচি হত্যাৰ চেষ্টা চলায়৷ তেতিয়াও ডিম্পল জীয়াই থকাত পটাগুটিৰে মূৰত প্রচণ্ড জোৰেৰে আঘাত কৰে৷ ঘাতক আশ্বিকে মূৰত পটাগুটিৰে প্রহাৰ কৰাত তেজে তুমৰলি হৈ পৰে কোঠাটো৷ এই আঘাত ইমানেই প্রচণ্ড আছিল ডিম্পলৰ দেহৰ পৰা ওলোৱা তেজৰ ছিটিকনিৰেকোঠাটোৰ বেৰ ৰাঙলি হৈছিল৷
ডিম্পলক হত্যা কৰি আশ্বিকে বাথৰুমত গাত লাগি থকা তেজ ধুই পুনৰ হত্যাকাণ্ড সংঘটিত কৰা কোঠাটোলৈ আহে৷ তেনে সময়তে ডিম্পলৰ পিতৃৰ ফোন অহাত আশ্বিকে ফোনটো ৰিচিভ কৰে৷ পিতৃ অশোক কুমাৱাটে ডিম্পলৰ কথা সোধাত আশ্বিকে ডিম্পলে গা ধুবলৈ যোৱা বুলি কয়৷ ইয়াৰ কিছু সময়ৰ পাছতে ঘাতক আশ্বিকে ডিম্পলৰ ম’বাইলৰ পৰা বন্ধু কৰণলৈ ফোন কৰি ঘৰৰ পৰা ওলাই যায়৷ ঘাতক আশ্বিকে প্রায় ১১.২০ বজাত ডিম্পলৰ পিতৃৰ উজান বজাৰৰ ব্যৱসায়িক প্রতিষ্ঠানলৈ যায়৷ ডিম্পলৰ পিতৃয়ে আশ্বিকক কিছু টকা দি ঘৰলৈ খোৱাবস্তু লৈ যাবলৈ কয়৷ ডিম্পলৰ পিতৃৰ পৰা আশ্বিকে টকা লৈ উজান বজাৰৰ আৰিকাটিবস্তিত গাঞ্জা সেৱন কৰে৷ তাৰ পাছত বাৰোৱাৰী ৰে’লৱে কলনীত থকা বন্ধু চিণ্টু দাসৰ ঘৰলৈ গৈ ডিম্পলৰ ম’বাইল ফোনটো কাপোৰেৰে মেৰিয়াই এটা ড্রামৰ তলত লুকাই থয়৷ ডিম্পলৰ হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ অহাৰ কিছু সময়ৰ পাছতেই আশ্বিকে ঘটনাস্থলীত উপস্থিত হৈ ভগ্ণীৰ মৃত্যুত চিঞৰি চিঞৰি কান্দি উঠে৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাত আৰক্ষীকো সকলো ক্ষেত্রতে সহযোগিতা আগবঢ়াইছিল আশ্বিকে৷ আনকি আৰক্ষীয়ে স্নিফাৰ ডগ লৈ ঘটনাস্থলীত ক্লু বিচাৰি অভিযান চলাওঁতে আশ্বিক আৰক্ষীৰ পিছে পিছে গৈছিল৷
ডিম্পলৰ চাঞ্চল্যকৰ হত্যাকাণ্ড সন্দর্ভত লতাশিল থানাত ৰুজু হোৱা ৩০৩/২১ নম্বৰৰ গোচৰটোৰ ভিত্তিত আৰক্ষীয়ে কালি নিশা প্রায় ৯.৩০ বজাত সন্দেহবশতঃ আশ্বিক গুপ্তা ওৰফে আশ্বিক, বন্ধু কৰণ আৰু হত্যাকাণ্ড সংঘটিত হোৱা বাসগৃহটোত ভাৰাতীয়া হিচাপে থকা এজন যুৱকক সোধা–পোছাৰ বাবে আটক কৰে৷ আৰক্ষীৰ জেৰাত আশ্বিকে হত্যাকাণ্ড সংঘটিত কৰা বুলি স্বীকাৰ কৰাত লতাশিল থানাৰ আৰক্ষীয়ে ঘাতক আশ্বিকক গ্রেপ্তাৰ কৰে৷ আৰক্ষীয়ে ঘাতকৰ স্বীকাৰোক্তিৰ ভিত্তিত ডিম্পলৰ ম’বাইল ফোন আৰু ভঙা ছিমখন বাৰোৱাৰীৰ বন্ধুৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰে৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, আশ্বিকে ড্রাগ্ছ সেৱন কৰিছিল৷ ড্রাগ্ছ আসক্ত আশ্বিকে কেইমাহমান পূর্বে গডৰেজৰ লকাৰ ভাঙি পিতৃয়ে জমা কৰি থোৱা পাঁচ লাখ টকা চুৰি কৰি নিছিল৷
ইয়াৰ পাছৰে পৰা ঘাতক আশ্বিক ডিম্পলহঁতৰ ঘৰতে আছিল৷ বিগত প্রায় দুমাহ ধৰি ডিম্পলহঁতৰ ভাৰাঘৰত থকা আশ্বিকে অতি নৃশংসতাৰে ভগ্ণী ডিম্পলক হত্যা কৰা ঘটনাক লৈ সমগ্র অঞ্চলটোত তীব্র উত্তেজনাই বিৰাজ কৰিছে৷ ইফালে আজি স্থানীয় মহিলা সমিতি আৰু দল–সংগঠনে ডিম্পলৰ হত্যাকাৰীক কঠোৰ শাস্তি প্রদানৰ দাবীত উজান বজাৰত প্রতিবাদ সাব্যস্ত কৰে৷ ইয়াৰ পাছতে প্রতিবাদকাৰীসকলে লতাশিল থানা ঘেৰাও কৰি হত্যাকাৰীক কঠোৰতকৈ কঠোৰ শাস্তি প্রদানৰ দাবী জনায়৷ আজি জি এম চি এইচত মৰণোত্তৰ পৰীক্ষাৰ অন্তত ডিম্পলৰ নিথৰ দেহ উজান বজাৰৰ বাসগৃহলৈ অনা হয়৷ ডিম্পলৰ মৃতদেহ উজান বজাৰলৈ অনাৰ পাছতেই এক শোকাকুল পৰিৱেশ সৃষ্টি হয়৷ ডিম্পলৰ মৃতদেহত অঞ্চলটোৰ ৰাইজে শেষ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছতেই নৱগ্রহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয়৷