নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৱেব প’র্টেল–সামাজিক মাধ্যমক সমালোচনা ছুপ্রিম ক’ৰ্টৰ

নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰঃ যোৱা বছৰ ক’ভিড পৰিস্থিতিৰ মাজতে তবলিগি জামাতৰ সমাৱেশক লৈ এটাৰ পিছত এটাকৈ ভুৱা সংবাদ প্রকাশ পাইছিল ফেচবুক, টুইটাৰ আৰু ইউটিউবত৷ সাম্প্রদায়িক দৃষ্টিকোণৰ পৰাই বহু সংবাদ পৰিৱেশন কৰা হৈছিল বুলি অভিযোগ তুলি উচ্চতম ন্যায়ালয়ত এক আবেদন জনোৱা হৈছিল৷ এই আবেদনৰ শুনানি গ্রহণ কৰি দেশৰ শীর্ষ আদালতখনে বৃহস্পতিবাৰে ৱেব প’র্টেলসমূহক কঠোৰ ভাষাৰে সমালোচনা কৰিছিল৷

দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰমানাই উল্লেখ কৰে যে কেইবাটাও সংবাদ মাধ্যমে সাম্প্রদায়িকতাক উচটনি দি সংবাদ প্রকাশ কৰিছিল৷ ইয়াৰ ফলত দেশৰ বদনাম হোৱা বুলিও উল্লেখ কৰে মুখ্য ন্যায়াধীশগৰাকীয়ে৷ ৱেব প’র্টেলবোৰে এতিয়া কেৱল ক্ষমতাৱানসকলৰ কথাহে মানি চলে বুলিও আক্ষেপ কৰে মুখ্য ন্যায়াধীশ ৰমানাই৷ এইক্ষেত্রত কেন্দ্রই কি ব্যৱস্থা গ্রহণ কৰিছে সেই কথাও জানিব বিচাৰে উচ্চতম ন্যায়ালয়ে৷

You might also like