আজিৰে পৰা গুৱাহাটীত ১৪ বছৰ অনূর্ধ্ব ৰাষ্ট্রীয় টেনিছ
নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰঃ অসম টেনিছ সন্থাৰ উদ্যোগত মহানগৰীৰ চচল টেনিছ প্রকল্পত কাইলৈৰ পৰা আৰম্ভ হ’ব ১৪ বছৰ অনূর্ধ্ব অইল আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্রীয় টেনিছ প্রতিযোগিতা৷ ল’ৰা আৰু ছোৱালীৰ একক তথা ডাবলছ শাখাৰ মেচ হ’ব লগা প্রতিযোগিতাখনত দেশৰ ১৪খন ৰাজ্যৰ প্রায় ৭০গৰাকী খেলুৱৈয়ে অংশ ল’ব বুলি আজি ব্যক্ত কৰিছে অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই৷ তেওঁ জনোৱা অনুসৰি অসমসহ অংশগ্রহণ কৰা ৰাজ্য অন্যকেইখন হ’ল ওড়িশা, মহাৰাষ্ট্র, দিল্লী, তেলেংগানা, অন্ধ্রপ্রদেশ, হাৰিয়ানা, বংগ, গুজৰাট, কর্ণাটক, বিহাৰ, তামিলনাডু, ৰাজস্থান আৰু চণ্ডীগড়৷
উল্লেখ্য যে ১৪ বছৰ অনূর্ধ্ব ছুপাৰ ছিৰিজ ৰাষ্ট্রীয় প্রতিযোগিতাখনত অসমৰ অন্তৰীশ তামুলীয়ে ল’ৰাৰ একক শাখাত ৰেংকিঙত দ্বিতীয় স্থান লাভ কৰাৰ বিপৰীতে চতুর্থ স্থানত আছে অসমৰে বেদ আদিত্য কলিতা৷ পাঁচদিনীয়া প্রতিযোগিতাখনৰ সামৰণি পৰিব অহা ১০ ছেপ্ঢেম্বৰত৷
ইফালে, দুদিন ধৰি অসম টেনিছ সন্থাৰ চচল টেনিছ প্রকল্পত অনুষ্ঠিত হয় প্রতিযোগিতাৰ কোৱালিফায়িং ৰাউণ্ডৰ মেচ৷ ল’ৰাৰ একক শাখাত বংগৰ সিদ্ধান্ত মহাপাত্রই ৩–৬, ৬–১, ৬–৪ৰ ব্যৱধানত অসমৰ অগ্ণিৱ বৰদলৈক, অসমৰ পার্থিৱ কলিতাই ৬–১, ৬–২ৰ ব্যৱধানত অসমৰে ৰাজদ্বীপ হাজৰিকাক, অসমৰ আয়ান ভূঞাই ৰাজ্যৰে বর্ণিল বিহান বৰাক ৬–৪, ৪–৬, ৬–০ৰ ব্যৱধানত, অসমৰ আয়ান শর্মাই ৬–০, ৬–১ৰ ব্যৱধানত অসমৰে ইশান্ত দত্তক, অসমৰ অভিলেষ বর্মনে ৰাজ্যৰে ৰামানুজ তালুকদাৰক ৬–০, ৬–৪ৰ ব্যৱধানত, অসমৰ চান্দজ্ঞা পাঠকে ৬–১, ৬–০ৰ ব্যৱধানত অসমৰ অভয় ভৰালীক আৰু অসমৰ নিবৰাছ হুছেইনে ৰাজ্যৰে অভিৰাজ দত্তক ৬–২, ৩–৬, ৬–৩ৰ ব্যৱধানত পৰাস্ত কৰি মূল ৰাউণ্ডত প্রৱেশ কৰে৷
ইফালে, ছোৱালীৰ একক শাখাৰ কোৱালিফায়িং ৰাউণ্ডৰ মেচত অসমৰ উর্শিতা পাঠকে ৬–০, ৬–১ৰ ব্যৱধানত অসমৰে নাওদিতা শুক্লাক, দিল্লীৰ মনবী ৰাথিয়ে ৬–৪, ৬–৩ৰ ব্যৱধানত অসমৰ নাবিহা মৰিয়মক, বংগৰ শ্রীনিয়া সৰকাৰে ৬–০, ৬–০ৰ ব্যৱধানত ছিকিমৰ ছের্নিয়া লাক, অসমৰ ৰশ্বনি ভৰদ্বাজে ৰাজ্যৰে অন্তৰীক্ষা কুশলক ৬–০, ৬–০ৰ ব্যৱধানত, অসমৰ অর্ণবি দেৱনাথে ৬–২, ৬–৩ৰ ব্যৱধানত অসমৰ নিষ্ঠা বেজবৰুৱাক, উত্তৰ প্রদেশৰ ছ’নী প্রজাপতিয়ে ৬–১, ৪–৬, ৬–৩ৰ ব্যৱধানত অসমৰে নিষ্ঠা বেজবৰুৱাক, উত্তৰ প্রদেশৰ ছ’নী প্রজাপতিয়ে ৬–১, ৪–৬, ৬–৩ ব্যৱধানত অসমৰ অভিনীতা দাসক, অসমৰ নায়িম হুছেইনে ৰাজ্যৰে কমল কৌডক ৬–৩, ২–৬, ৭–৬ৰ ব্যৱধানত আৰু অসমৰ অঞ্চিতা শুক্লাই ৬–১, ৬–০ত অসমৰ শ্রীবালি গগৈক হৰুৱায়৷