নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কার্বি শান্তি চুক্তি

অসমত শান্তি প্রতিষ্ঠাৰ বিষয়টোৱে শনিবাৰৰ দিনটোত এক নতুন মাত্রা লাভ কৰিলে৷ ১৯৮৫ চনৰ পৰা সুকীয়া ৰাজ্যৰ দাবীৰে সশস্ত্র সংগ্রাম অব্যাহত ৰখা কার্বি আংলঙৰ ৬টাকৈ বিদ্রোহী সংগঠনে কেন্দ্র–ৰাজ্য চৰকাৰৰে ত্রিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰি মূলসুঁতিলৈ ঘূৰি অহাৰ লগে লগে পাহাৰীয়া জিলাখনত শান্তি স্থাপনৰ বাট মুকলি হ’ল৷ কার্বি পাহাৰত সশস্ত্র কার্যকলাপেৰে বিগত সময়ছোৱাত অশান্তিৰ সৃষ্টি কৰি অহা বিদ্রোহী সংগঠন ক্রমে কার্বি লংৰি নর্থ কাছাৰ হিল্ছ লিবাৰেচন ফ্রণ্ট (কে এন এল এফ), পিপল্ছ ডেম’ক্রেটিক কাউন্সিল অৱ কার্বি লংৰি (পি ডি চি কে), ইউনাইটেড পিপল্ছ লিবাৰেচন আর্মী (ইউ পি এল এ), কার্বি পিপল্ছ লিবাৰেচন টাইগার্ছ (কে পি এল টি)ৰ তিনিটা গোটে শান্তি চুক্তিত স্বাক্ষৰ কৰাটো আজিৰ তাৰিখত যথেষ্ট গুৰুত্বপূর্ণ ৰূপে বিবেচিত হৈছে৷ এইক্ষেত্রত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে গ্রহণ কৰা ভূমিকা নিঃসন্দেহে প্রশংসনীয়৷ একেদৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে প্রদর্শন কৰা ইতিবাচক মনোভাবৰ কথাও এইক্ষেত্রত উল্লেখ কৰিব লাগিব৷ এটা কথা অনস্বীকার্য যে এই ৬টাকৈ বিদ্রোহী সংগঠনে মূলসুঁতিলৈ ঘূৰি অহাৰ লগে লগে পাহাৰীয়া জিলাখনৰ উন্নয়নৰ পথ নিশ্চিতভাৱে প্রশস্ত হ’ব৷ কিয়নো শান্তি চুক্তিৰ চর্ত অনুসৰি চৰকাৰৰ তৰফৰ পৰা এহাজাৰ কোটি টকাৰ বিশেষ আর্থিক পেকেজ ঘোষণা কৰা হৈছে৷ এই আর্থিক পেকেজৰ ৫০০ কোটি টকা কেন্দ্রীয় চৰকাৰে আৰু বাকী ৫০০ কোটি টকা ৰাজ্য চৰকাৰে আগবঢ়াব বুলি কোৱা হৈছে৷ বছৰি ২০০ কোটি টকাকৈ আগবঢ়াবলগীয়া আর্থিক পেকেজৰ জৰিয়তে পাহাৰীয়া জিলাখনৰ জনসাধাৰণে বিকাশৰ দিশে অগ্রসৰ হ’ব বুলি ইতিমধ্যে মন্তব্য প্রকাশ কৰিছে৷ যদিহে এই আর্থিক পেকেজ সঠিকভাৱে ব্যৱহাৰ হয়, তেন্তে কার্বি আংলং জিলাৰ উন্নয়ন নিশ্চিতভাৱে ত্বৰান্বিত হ’ব বুলি ক’ব পাৰি৷ আর্থিক পেকেজৰ উপৰি শনিবাৰে নতুন দিল্লীত সম্পাদিত শান্তি চুক্তিৰ জৰিয়তে কার্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদক অধিক ক্ষমতা প্রদান কৰাৰ বাবেও কেন্দ্র–ৰাজ্য চৰকাৰে কার্যতঃ মত পোষণ কৰিছে৷ কার্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ বর্তমান সদস্য সংখ্যা ২৬জন৷ কিন্তু শান্তি চুক্তিখনৰ জৰিয়তে ইয়াৰ সদস্য সংখ্যা ৫০জনলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ ইয়াৰ জৰিয়তে পাহাৰীয়া জিলাখনৰ জনসাধাৰণে শাসন ক্ষমতাত প্রতিনিধিত্ব কৰাৰ অধিক সুযোগ লাভ কৰিব৷ অকল পাহাৰীয়া জিলাখনত বসবাস কৰা কার্বি জনগোষ্ঠীয়েই নহয়, ভৈয়ামত বসবাস কৰা জনগোষ্ঠীটোৰ লোকসকলেও এই শান্তি চুক্তিখনৰ দ্বাৰা মর্যাদা পাব বুলি ধাৰণা কৰা হৈছে৷ কিয়নো শান্তি চুক্তিৰ চর্ত অনুসৰি কার্বিসকলৰ সংৰক্ষণ তথা ভাষাৰ বিকাশ সাধন কৰাৰ লক্ষ্যৰে ভৈয়ামত বসবাস কৰা জনগোষ্ঠীটোৰ লোকসকলক অনুসূচিত জনজাতি (পাহাৰ)ৰ মর্যাদা দিয়াৰ বিষয়টো ৰাজ্য চৰকাৰে বিবেচনা কৰিব বুলি কোৱা হৈছে৷ একে সময়তে ভৈয়ামৰ কার্বিসকলৰ বাবে উন্নয়ন পৰিষদ গঠনৰ কথাও উল্লেখ কৰা হৈছে শান্তি চুক্তিখনত৷
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে অসমত শান্তি আৰু সংহতি প্রতিষ্ঠাৰ বাবে কালি সম্পাদিত কার্বি চুক্তিৰ দিনটোক অসমৰ বুৰঞ্জীত সোণালী আখৰেৰে লিখা থাকিব বুলি সংবাদ মাধ্যমৰ আগত স্পষ্টভাৱে উল্লেখ কৰিছে৷ কেন্দ্রীয় চৰকাৰে কার্বি চুক্তিৰ দফাসমূহক যথাসম্ভৱ শীঘ্রে কার্যকৰী কৰাৰ পদক্ষেপ গ্রহণ কৰিলে নিশ্চিতভাৱে ই অসমৰ বুৰঞ্জীত সোণালী অধ্যায় হৈ ৰ’ব বুলি একেষাৰতে ক’ব পাৰি৷ কিয়নো এই চুক্তিখনৰ জৰিয়তে কার্বি আংলঙত কেন্দ্র–ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ক্রমে ১৬ আৰু ২১টা উন্নয়নমূলক প্রকল্প গ্রহণ কৰাৰ কথা সদৰী কৰা হৈছে৷ বিশেষকৈ পাহাৰীয়া জিলাখনত এখন গ্রীন ফিল্ড বিমানবন্দৰ, ডিফুত হোটেল এণ্ড ট্যুৰিজম মেনেজমেণ্ট ইনষ্টিটিউট, পশ্চিম কার্বি আংলঙত দূৰদর্শন–নাতাঁৰ কেন্দ্র, ডিফু–ডংকামোকামত এখনকৈ পশু চিকিৎসা মহাবিদ্যালয় হাস্পতাল, হামৰেণত চৰকাৰী মহাবিদ্যালয় স্থাপনকে ধৰি এনেধৰণৰ উন্নয়নমূলক প্রকল্পসমূহে পাহাৰীয়া জিলাখনৰ উন্নয়নৰ দিশলৈ নতুন মাত্রা আনিব বুলি কালি চুক্তি স্বাক্ষৰ হোৱাৰ পাছতে সচেতন মহলে মত আগবঢ়াইছে৷ চুক্তিত সন্নিৱিষ্ট আন এক গুৰুত্বপূর্ণ বিষয়টো হৈছে– কার্বি আংলঙত চৰকাৰী ভাষা হ’ব কার্বি৷ শিক্ষানুষ্ঠানত কার্বি ভাষাৰ উপৰি অসমীয়া, হিন্দী আৰু ইংৰাজীও শিকোৱা হ’ব৷ যিটোৱে কার্বি জনগোষ্ঠীৰ সামগ্রিক উন্নয়নৰ লগতে ভাষাটোৰ উৎকর্ষ সাধনৰ প্রতিও এক গুৰুত্বপূর্ণ পদক্ষেপ বুলি ক’ব পাৰি৷ শনিবাৰে শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ পাছতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰিছে যে বড়ো শান্তি চুক্তিৰ আর্হিত কার্বি বিদ্রোহীসকলৰ পুনৰ সংস্থাপন কৰা হ’ব৷ কেন্দ্র তথা ৰাজ্য চৰকাৰে মূলসুঁতিলৈ উভতি অহা এই বিদ্রোহীসকলৰ পুনৰ সংস্থাপনৰ বিষয়টোত অধিক গুৰুত্ব দিয়াৰ প্রয়োজন আছে৷ ভৱিষ্যতে যাতে এইসকল বিদ্রোহীয়ে পুনৰ হাতত অস্ত্র লৈ জংঘললৈ যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি নহয়, সেই বিষয়টোত আৰম্ভণিৰে পৰাই গুৰুত্ব প্রদান কৰিলে আশা কৰা ধৰণে স্থায়ী শান্তি প্রতিষ্ঠাৰ বাট মুকলি হ’ব৷

You might also like