নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উপ–নির্বাচনত বাঘে–ছাগে একে ঘাটত পানী খালেও বিজেপিৰ কোনো ক্ষতি নহয়ঃ ভৱেশ কলিতা

নিয়মীয়া বাৰ্তা ৬ ছেপ্টেম্বৰঃ আগন্তুক উপ–নির্বাচনত বাঘে–ছাগে লগ লাগিলেও বিজেপিৰ কোনো ক্ষতি নহয়৷ কাৰণ তেওঁলোকক ৰাইজে বিশ্বাস আৰু আস্থাত নলয়৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত অসমত বিকাশ আৰু প্রগতিৰ এক নতুন গতি লাভ কৰিছে৷ সেইবাবে উপ–নির্বাচনত ৬টা সমষ্টিতে বিজেপিয়ে জয়লাভ কৰিব৷ –এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ৷

‘নিয়মীয়া বার্তা’ৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত সভাপতি কলিতাই কয় যে আসন্ন উপ–নির্বাচনত বিৰোধী বিধ্বস্ত হোৱাটো নিশ্চিত৷ বিৰোধীয়ে মিত্র দলসমূহকে একত্রিত কৰি ৰাখিব পৰা নাই৷ কোন কাৰ লগত থাকে কোনো ঠিক নাই৷ অজাপই যোৱাটো নির্বাচনত চৰকাৰ গঠন কৰিব বুলি ব্যাপক প্রচাৰ চলাইছিল৷ কিন্তু উক্ত নির্বাচনত খাটাই খুলিব নোৱাৰা লুৰিণজ্যোতিৰ দলক কোনেও আৰু বিশ্বাসত নলয় বুলি তেওঁ দোহাৰে৷ কংগ্রেছে ৰাজ্যখনত অধিকাংশ সময় শাসনৰ গাদী দখল কৰি আছিল৷ কিন্তু অসমৰ কোনো উন্নয়ন সাধিবলৈ নোৱাৰা কংগ্রেছক ৰাইজে আৰু শাসনভাৰৰ সুযোগ নিদিয়ে বুলি সভাপতিগৰাকীয়ে মন্তব্য কৰে৷

You might also like