নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিঙিৰ বিষ আৰু কম্পিউটাৰ

বহাৰ ত্রুটিপূর্ণ ভংগীয়ে ডিঙিৰ ৰাজহাডত অত্যধিক চাপৰ সৃষ্টি কৰে৷ ৰাজহাডৰ টুকুৰাসমূহ স্বাভাৱিক স্থিতিত নাথাকে৷ ডিঙিৰ মাংসপেশী, সন্ধিৰ ওপৰত অত্যধিক টান পৰে৷ এনে পৰিস্থিতিত ক্লান্তি, ডিঙিৰ বিষ আৰু পিঠিৰ উপৰিভাগৰ বিষ হয়৷
দেহভংগী স্বাভাৱিক কৰি ৰখাৰ কৌশল–
–পিঠিৰ তলৰ অংশ পোনাই ৰাখিবলৈ কুছন ব্যৱহাৰ কৰক৷
–চকীৰ কুছন কোমল হ’ব নালাগে, বৰং কিছু পৰিমাণে কঠিন হ’ব লাগে৷
–মূৰ পোনাই ৰাখক, আগলৈ হাউলি নবহিব৷
–চকীৰ পিছফালে পিঠিখন টানকৈ লগাই ৰাখিব৷
–চকীৰ উচ্চতা এনেধৰণে ৰাখিব যাতে বহোঁতে আঁঠু দুটা কঁকালতকৈ সামান্য তলত ৰাখি ভৰিৰ পতা মজিয়াত থৈ বহিব পাৰি৷
–বহি থকা সময়ত পিঠিৰ তলছোৱা যদি বেছি ভাঁজ খায়, তেনেহ’লে ভৰি দুখন এখনৰ ওপৰত আনখন তুলি ৰাখিব৷ পাওদানিত ভৰি তুলি থ’লেও হ’ব৷
–মূৰটো স্বাভাৱিক অৱস্থাত ৰখাৰ চেষ্টা কৰক৷ ত্রুটিপূর্ণ দেহভংগী পৰিহাৰ কৰক৷ অত্যধিক আগলৈ হাউলি কাম নকৰিব৷
–কীব’ড ব্যৱহাৰ কৰাৰ সময়ত কিলাকুটিৰ ভাঁজ ৯০০ কৰি ৰাখিব৷
–ডিঙিৰ বিষ হ’লে বিষনাশক ঔষধ ব্যৱহাৰ কৰি বিষ দমন কৰাতকৈ চিকিৎসকৰ পৰামর্শ গ্রহণ কৰি লঘু ব্যায়ামৰ অভ্যাস কৰিব৷
–কম্পিউটাৰত কাম কৰোঁতে মাজে মাজে উঠি ৫ মিনিট খোজকাঢ়ি পুনৰ কাম আৰম্ভ কৰক৷ মনত ৰাখিব– দেহা থাকিলেহে বেহা৷

You might also like