‘টচিলিজুমাব’ক ব্যৱহাৰত অনুমতি ডিচিজিআইৰ
ৰাজ্যত সোমবাৰে নতুনকৈ পজিটিভ ৬৩৬, প্রাণহানি ১১জনৰঃ গুৱাহাটীত আক্রান্ত ১২৪ঃ ১.৮৭ কোটি লোকক ভেকচিন প্রদান
নিয়মীয়া বাৰ্তা ৭ ছেপ্টেম্বৰঃ ক’ভিড–১৯ৰ তৃতীয় জোৱাৰৰ সম্ভাৱনাক লৈ দেশবাসী শংকিত হৈ থকাৰ সময়তো এটা ইতিবাচক খবৰ৷ ক’ভিড–১৯ যুঁজখন অধিক শক্তিশালী হ’ব৷ ঘাতক ক’ভিড–১৯ত আক্রান্ত ৰোগীৰ চিকিৎসাৰ কাৰণে ঔষধ কোম্পানী হিটেৰ’ৰ বায়’চিমিলাৰ সংস্কৰণ টচিলিজুমাব জৰুৰীকালীন ব্যৱহাৰত অনুমতি প্রদান কৰিছে ড্রাগ কণ্ড্র’লাৰ জেনেৰেল অৱ ইণ্ডিয়া, চমুকৈ ডি চি জি আয়ে৷ বিশ্বখ্যাত কোম্পানী হিটেৰ’ৰ গ্রুপৰ চেয়াৰমেন ডি পার্থ সাৰধি ৰেড্ডীয়ে প্রকাশ কৰা মতে ডি চি জি আইৰ টচিলিজুমাব জৰুৰীকালীন ব্যৱহাৰত অনুমতি প্রদান কৰিছে৷ দেশৰ বজাৰত ব্রেণ্ড নাম ‘টচিৰা’ৰ অধীনত এই ঔষধবিধ বিক্রী কৰা হ’ব৷
এই ঔষধবিধ ছেপ্টেম্বৰৰ শেষৰ পৰা দেশৰ বজাৰত উপলব্ধ হ’ব৷ গ্রুপ চেয়াৰমেন ৰেড্ডীয়ে প্রকাশ কৰা মতে ডি চি জি আয়ে এই ঔষধবিধ জৰুৰীকালীন ব্যৱহাৰত অনুমোদন জনোৱাৰ লগে লগে ক’ভিড–১৯ ৰোগীৰ চিকিৎসাৰ ক্ষেত্রত চিকিৎসকে ফলপ্রসূ হ’ব৷ আন্তর্জাতিক বজাৰত টচিলিজুমাবৰ নাটনিৰ বিবেচনা কৰি ভাৰতে এই ঔষধবিধ যোগানৰ ক্ষেত্রত বিশেষ গুৰুত্ব দিব বুলি ৰেড্ডীয়ে প্রকাশ কৰিছে৷ হায়দৰাবাদৰ জাডছের্লাত হিটেৰ’ বায়’ফার্মা প্রতিষ্ঠানত এই ঔষধবিধ প্রস্তুত কৰা হ’ব৷ ঔষধবিধ ৪০০ মিলিগ্রাম/২০ মিলিলিটাৰ আকাৰত লাভ কৰিব৷
ৰাজ্যত পুনৰ ক’ভিডত আক্রান্ত ৬৩৬, মৃত ১১
ৰাজ্যত পুনৰ ক’ভিডত আক্রান্ত হৈছে ৬৩৬জন লোক৷ আক্রান্তসকলৰ ভিতৰত সর্বাধিক ১২৪জন কামৰূপ মহানগৰ জিলাৰ৷ তদুপৰি শিৱসাগৰৰ ৪৯জন, যোৰহাটৰ ৪৩জন আৰু নলবাৰীৰ ৪০জন লোক ক’ভিডত আক্রান্ত হৈছে৷ ইপিনে, ক’ভিডত প্রাণ হেৰুৱাইছে ১১জন লোকে৷ মৃত্যু হোৱা লোকসকলৰ ভিতৰত সর্বাধিক দুজন লোক ডিব্রুগড় জিলাৰ৷ একে সময়তে বাক্সা, গোলাঘাট, হোজাই, যোৰহাট, কোকৰাঝাৰ, লখিমপুৰ, মৰিগাঁও, শোণিতপুৰ আৰু ওদালগুৰিৰ এজনকৈ লোকৰ ক’ভিডত মৃত্যু হৈছে৷ আজি ক’ভিডৰ পৰা সুস্থ হৈছে ৫৫৬জন লোক৷ সম্প্রতি চিকিৎসাধীন ৰোগীৰ সংখ্যা হৈছে ৫,০৬৮জন৷ ইফালে, আজিপর্যন্ত ৰাজ্যত ১,৮৭,৭২,১৫৬জন লোকক ভেকচিন প্রদান কৰা হৈছে৷