নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“সন্তুষ্ট হ’ব ঈশ্বৰ আৰু গাঁৱত হ’ব বৰষুণ!”- এই বিশ্বাসতে যুৱতীক উলংগ কৰি গোটেই গাঁও ঘূৰালে গাঁওবাসীয়ে!

নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰঃ  গাঁওখনত খৰাং সদৃশ পৰিস্থিতি। সকলোৱে বৰষুণ বিচাৰিছে। যাৰ বাবে, ছগৰাকীকৈ ছোৱালীক গাঁওবাসীয়ে উলংগ কৰি গাঁওখনৰ চাৰিওফালে শোভাযাত্ৰা কৰিলে। গাঁওবাসীৰ বিশ্বাস, এনে কৰিলে বৰুণ দেৱতা সন্তুষ্ট হ’ব।

এই আশ্চয্যজনক ঘটনাটো সংঘটিত হৈছে মধ্য প্ৰদেশৰ দামো জিলাৰ বানিয়া গাঁৱত।

দামো আৰক্ষী অধীক্ষক ডি আৰ তানিয়াৰে ঘটনা সন্দৰ্ভত কয় যে স্থানীয় ৰীতি মতে বৰষুণৰ আশাত কিছু সংখ্যক কিশোৰীক উলংগ কৰি গাঁৱত পেৰেড কৰাৰ খবৰ ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিছে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। তেওঁ লগতে কয় যে যুৱতীসকলক বলপূৰ্বক উলংগ কৰিলে কঠোৰ ব্যৱস্থা লোৱা হ’ব।

ছ’চিয়েল মিডিয়াত প্ৰচাৰিত এটা ভিডিঅ’ত যুৱতীক উলংগ হৈ খোজ কাঢ়ি থকা দেখা গৈছে। তেওঁৰ কাষত ভজন গাই থকা মহিলাৰ এটা গোট আছে।

You might also like