‘ভূপেনদা– তোমাৰ কণ্ঠ বাদ দি
মই মোৰ জন্মভূমিৰ নক্সা আঁকিব নোৱাৰোঁ
ক’ত জন্ম হ’ল এই কণ্ঠৰ?
কর্দমত নে অমৃতত?
নাই– এয়া মোৰ প্রশ্ণ নহয়৷
কিন্তু কেনে কণ্ঠ এয়া?
যি কণ্ঠই অমৃত হৈ স্পর্শ কৰে
মোৰ জন্মভূমিৰ অগণন হূদয়ক
এয়া কেনে কণ্ঠ?
যি কণ্ঠই হূদয়ৰ গহ্বৰত
সোমাব জানে– কিন্তু নাজানে ওলাই অহাৰ বাট৷’– মামণি ৰয়ছম গোস্বামী বাইদেউৰ কাপত নিগৰা মাত্র এই কবিতাটোৱেই যথেষ্ট চিৰনমস্য মহীৰূহগৰাকীক জানিবলৈ কিম্বা বুজিবলৈ৷
নিভাঁজ অসমীয়া কথাৰে–সুৰেৰে–কণ্ঠে লুইতৰ দুটি পাৰ জিলিকাই অসমীয়াক বিশ্বমুখী কৰা ব্যক্তিগৰাকীয়েই ড০ ভূপেন হাজৰিকা৷ যিগৰাকী ব্যক্তিক বাদ দি বৃহত্তৰ অসমীয়া জাতি অসম্পূর্ণ৷ অসমীয়াই কোনোকালে ঋণ পৰিশোধ কৰি শেষ কৰিব নোৱাৰা ব্যক্তিগৰাকীয়েই ড০ ভূপেন হাজৰিকা৷ বৃহত্তৰ অসমীয়া জাতিৰ এনে এটা দিশ নাই, এনে এটা সমস্যা নাই, য’ত ড০ ভূপেন হাজৰিকাৰ ভূমিকা নাই৷ গীতেৰে–কথাৰে–কণ্ঠে অহৰহ সকীয়াই থকা ব্যক্তিগৰাকীয়েই ড০ ভূপেন হাজৰিকা৷ সেয়ে কায়িকভাৱে মহীৰূহ আঁতৰি যোৱাৰ পিছৰ অসমীয়া সমাজ জীৱনৰ প্রতিটো বিপর্যয়ত বাৰুকৈয়ে অনুভৱ হৈছে তেওঁৰ সবল অনুপস্থিতিৰ৷ যি কথা অসমীয়া সমাজে মর্মে মর্মে উপলব্ধি কৰিছে৷ নিৰুপায় অসমীয়া সমাজে সেয়ে তেওঁৰ গীতকে আওৰাই পাৰ কৰিছে জটিল সময়৷ কি ‘কা’ আন্দোলন, কি ক’ভিড জর্জৰিত সময়– অসমীয়া সমাজ জীৱনৰ চৰম বিপর্যয়ৰ এই সময়ত বাৰুকৈয়ে উপলব্ধি কৰা হৈছে তেওঁৰ সদম্ভ অনুপস্থিতি৷ কি এক বিশাল ব্যক্তিত্ব, যাৰ অবিহনে অসমীয়া সমাজ জীৱন শূন্য৷
সম্পূর্ণ এক অসমীয়া শৈলীৰে নিজকে আবৃত কৰি অসমীয়াৰ বিশ্বমুখী যাত্রাৰ হয়তো প্রথম আৰু প্রধান হোতা আছিল ড০ ভূপেন হাজৰিকা৷ জ্যোতিপ্রসাদ, বিষ্ণু ৰাভাৰ হাতে হাত ধৰি আগুৱাই যোৱা ড০ হাজৰিকাৰ একক প্রচেষ্টাতেই যেন অসমীয়াই বিশ্বৰ শৰীৰত অংগ শোভা কৰিছে৷ যদিওবা তেওঁ ‘তুমি বিশ্বৰ শৰীৰত পংগু অংগ হ’লে বিশ্বই জানো ভাল পাব’ বুলি সদম্ভে অসমীয়াক সকীয়াই থৈ গৈছে৷ লুইতৰ বুকুৰ পৰাই আঁজুৰি অনা সুৰবোৰতেই যেন ঢ়ালি দি তৃপ্ত কৰিলে মিঠা সুৰৰ ৰাগি৷ যি ৰাগিত মাতাল হৈ পৰিল চৌদিশ–চৌপাশ৷ জাতি–জনজাতিৰ কৃষ্টি–সংস্কৃতিৰ মালাধাৰি গাঁঠি বোৱাই দিলে আকাশে–বতাহে৷ জোনৰ পোহৰৰ দৰেই স্বচ্ছ অথচ গা জুৰ পৰি যোৱা যি অম্লান সুৰ… সেই সুৰ যি কোনো কালে জঁই পৰি যাব বুলি মনে নধৰে৷ লুইতৰ পানীৰ দৰেই যেন বৈ থাকিব অসমীয়াৰ দেহ–মন একাকাৰ কৰি৷
অতি নিপুণতাৰে শব্দ প্রয়োগ কৰি অসমীয়া গীতি সাহিত্যক যিদৰে চহকী কৰিলে, সেয়া ভংগ কৰিবলৈ আৰু কোনো দ্বিতীয়গৰাকী অসমীয়া ওলাব বুলিও মনে নধৰে৷ শদিয়া–নাজিৰা–তেজপ্ শৈশৱ অতিবাহিত কৰা সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই আহৰণ কৰিছিল এগৰাকী সম্পূর্ণ অসমীয়াৰ সম্পূর্ণ বৈশিষ্ট্য৷ যিয়েই তেওঁৰ সৃষ্টিৰাজিক দিছিল অন্তৰত সাঁচ বহি যোৱা নিভাঁজ অসমীয়া শব্দ সুষমা৷ যি শব্দ সুষমাৰ মধুৰতাত মুগ্ধ হৈছিল অনুৰাগী৷ অসমীয়া সমাজ জীৱনৰ স’তে সংযুক্ত প্রতিটো উৎসৱ, অনুষ্ঠান, জাতি–জনজাতীয় পৰম্পৰা তথা মহাপুৰুষ দুজনাৰ অমৰ সৃষ্টিৰাজিৰ পৰা শব্দমালা বুটলি বুটলি যি অনুপম অমৃততুল্য সাহিত্যৰাজি উপহাৰ দিলে, সেয়া জানো কোনো অসমীয়াই অস্বীকাৰ কৰিব পাৰিব৷ গীতি সাহিত্যৰ পৰা অন্য সাহিত্যৰাজিসহিতে তেওঁৰ কথা কোৱাৰ শৈলীলৈকে এই প্রভাৱ বিদ্যমান৷ ‘… কোন সুন্দৰৰে শিল্পীয়ে পদুম ফুলৰ নাৱেৰে/ময়ূৰপংখী ৰহণবোৰ দিয়ে ছটিয়াই…’৷ ‘পদুম ফুলৰ নাও’, ‘ময়ূৰপংখী ৰহণবোৰ’… কি অনুপম শব্দগাথা৷ ঠিক তেনেদৰে ‘ভেদাভেদ পৰিহৰি’য়ে যেন লৈ যায় মহাপুৰুষজনালৈ৷ ‘ৰংমন’, ‘টুলুঙা নাও’ আদি শব্দৰ প্রয়োগ অসমীয়া গীতি সাহিত্যৰ বাবে যেন মণিকাঞ্চন সংযোগ হৈহে ধৰা দিলে৷ ডিঙা, ডিঙৰা, পানচৈ, বাটচ’ৰা, পহু, পণ, চেনেহ, কালনাগিনী আদি কিমান যে আছে অপূর্ব শব্দ সুষমা৷ শেষ হৈ নোযোৱা যেন এক অনুপম শব্দগাথা৷ সাতভনীৰ সম্প্রীতি বর্তাই আৰু এঢ়াপ আগুৱাই ‘ৰিণিকি ৰিণিকি দেখিলোঁ খুনচা বস্তি’, ‘টাংচাই’, ‘এবান্ধো আমি পাহাৰ শিখৰতে মহান চিয়েমক’, ‘কাঃ মঙাইহ চেঃ মিজোৰাম’ (মিজোৰাম তোমালৈ মৰম জনাইছোঁ), ‘খাতৰী’, ‘তিলিকমণি’, ‘দিচাংমুখৰ ডেকাটি’, ‘মিবু গালুক চোলাটি’, ‘পেৰেৰুম্বং চাদৰখন’, ‘সাঁতুৰি গদাধৰ নৈ’, ‘জন্ম ল’লোঁ ইয়াতেই, মৰোঁ যেন ইয়াতেই’ আদি অনুপম শব্দগাথাৰেই যেন তেওঁ পাহাৰ–ভৈয়াম, জাতি–জনজাতিৰ ঊর্ধ্বত আৰোহণ কৰি এগৰাকী সম্পূর্ণ অসমীয়াৰ আৱেশ ঢ়ালি পৰিপুষ্ট কৰি তুলিছিল অসমীয়া জাতীয় জীৱনক৷
অনুপম শব্দগাথাত আকৌ সুৰৰ মৌ ঢ়ালি ভাবৰ ৰূপসুধা প্রকাশ কৰাৰ অপৰূপ গায়নশৈলী জানো কোনোৱে উলাই কৰিব পাৰে৷ সুৰৰ মায়াজালেৰে গীত পৰিৱেশনশৈলীৰ অদমনীয় ক্ষমতা থকা শিল্পী আৰু দ্বিতীয়গৰাকী ওলাব বুলি মনে নধৰে৷ ভাব প্রকাশৰ অদমনীয় শক্তিয়েই সুৰেৰে মূর্ত ৰূপত তুলি ধৰাৰ অতুলনীয় ক্ষমতাই মন্ত্রমুগ্ধ কৰি ৰাখে অনুৰাগীক৷ অমৃত কণ্ঠৰ গীত অমৃত কণ্ঠতেই যেন বৰষে মৌ বৰষা দি৷ বিৰল সেই কণ্ঠৰ শৈলী বিৰল হৈয়েই ৰয় অন্য কণ্ঠত৷ যাৰ বাবে তেওঁ কথাৰে প্রকাশ কৰা শৈলীও যেন গীত হৈ–সুৰ হৈ ধৰা দিয়ে অনুৰাগীৰ মনত৷ হয়তো সেইবাবেই তেওঁৰ গীত লুইতৰ জলধাৰাৰ দৰেই সজীৱ–সতেজ হৈ থাকিব অসমীয়াৰ মনত–সমীয়াৰ প্রাণত যুগে যুগে৷
খাটি অসমীয়াৰূপে জন্ম লভি বিশ্ব নাগৰিক হোৱা ড০ ভূপেন হাজৰিকা যেন যুগে যুগে অসমীয়াৰ Evergreen Hero’ হৈয়েই ৰ’ব৷ জাতি চহকী হেনো হ’বই নোৱাৰে যদিহে সেই জাতিত Hero’ নাথাকে৷ যদিহে সেয়াই সঁচা হয়, তেন্তে অসমীয়াক সর্বতোপ্রকাৰে সম্ভ্রান্ত কৰি গঢ় দি ধন্য কৰিলে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই৷ যাৰ ঋণ অসমীয়াই কোনোকালে পৰিশোধ কৰিব নোৱাৰে৷ মাথোঁ পণ ল’ব পাৰে সাধ্যানুসৰি যুগে যুগে ঋণ পৰিশোধ কৰাৰ৷