ATMৰ পৰা ফটা নোট ওলালে কি কৰিব জানক আজিয়েই…
নিয়মীয়া বাৰ্তা ৮ ছেপ্টেম্বৰঃ বিমুদ্ৰাকৰণৰ পিছত, এটিএম কাৰ্ড আৰু অনলাইন ধনৰ লেনদেন বৃদ্ধি পাইছে। কিন্তু তথাপিও নগদ ধনৰ প্ৰয়োজনীয়তা এতিয়াও আছে। যাৰ ফলত, এ.টি.এমেই. নগদ ধনৰ উলিৱাৰ একমাত্ৰ সমল। কিন্তু সদায় এটিএমৰ পৰা নতুন নোট ওলাব বুলি কোনো নিশ্চয়তা নাই। কেতিয়াবা ফটা নোট এ.টি.এমৰ পৰা ওলাই। এনে পৰিস্থিতিৰ সন্মুখীন হ’লে চিন্তিত হ’ব নালাগে। কিন্তু মনত ৰাখিব যে কেইটামান অতি সৰল পদক্ষেপত ফটা টকা সলাব পাৰে।
কিন্তু তাৰ বাবে টকা উলিওৱাৰ সময়ত এ.টি.এমৰ পৰা স্লিপ সংগ্ৰহ কৰিব লাগিব । এই স্লিপৰ সৈতে, বেংকৰ ব্ৰাঞ্চত গৈ ফটা নোট সলনি কৰি ভাল নোট দিব।
যদি কোনো গ্ৰাহকে এটিএমৰ পৰা ফটা নোটখন ওলায়, তেন্তে ফটা নোটখন সলনি কৰিবলৈ গ্ৰাহক জনে বেংকৰ ব্ৰাঞ্চলৈ যাব লাগিব। বেংকৰ ব্ৰাঞ্চত টকা সলনি কৰিবলৈ গ্ৰাহকজনে এখন প্ৰপত্ৰ পূৰণ কৰিব লাগিব লগতে, গ্ৰাহকে এটিএমৰ পৰা ওলোৱা স্লিপখন গাঠি দিব লাগিব। ৰিজাৰ্ভ বেঙ্কৰ নিয়ম অনুসৰি, যিটো শাখাৰ পৰা ধন উলিয়াই লোৱা হৈছে সেই বেঙ্কৰ যিকোনো শাখাত নোটৰ বিনিময় সম্ভৱ।