ক’ভিড আতংকঃ অনিশ্চয়তাৰ মাজত আজিৰে পৰা ভাৰত–ইংলেণ্ডৰ অন্তিম টেষ্ট
নিয়মীয়া বাৰ্তা, ১০ ছেপ্টেম্বৰ: অ’ভেল টেষ্টত স্মৰণীয় জয় সাব্যস্ত কৰি আত্মবিশ্বাসী হৈ থকা টীম ইণ্ডিয়াই আজিৰে পৰা ইংলেণ্ডৰ বিৰুদ্ধে পঞ্চম তথা অন্তিম টেষ্টত খেলপথাৰত নামিব৷ ২–১ৰ অগ্রগতি অর্জন কৰি থকা দলটোৱে মানচেষ্টাৰত আন এক সাফল্যৰে ঐতিহাসিক শৃংখলা জয়ৰ লক্ষ্যৰে ইংলেণ্ডৰ বিৰুদ্ধে অৱতীর্ণ হ’ব৷
অধিনায়ক বিৰাট কোহলিৰ বাবেও মেচখন অত্যন্ত গুৰুত্বপূর্ণ বিবেচিত হৈছে৷ কিয়নো ভাৰতৰ প্রথমগৰাকী অধিনায়ক হিচাপে তেওঁ অষ্ট্রেলিয়া–ইংলেণ্ডৰ মাটিত টেষ্ট শৃংখলা জয়ৰ সুবর্ণ সুযোগ লাভ কৰিছে৷
ইফালে, এই গুৰুত্বপূর্ণ মেচৰ পূর্বে মহামাৰী ক’ভিড–১৯ৰ প্রাদুর্ভাৱে টীম ইণ্ডিয়াৰ শিবিৰত আতংকৰ সৃষ্টি কৰিছে৷ প্রশিক্ষক ৰবি শাস্ত্রীকে ধৰি ছাপ’ৰ্ট ষ্টাফৰ তিনিগৰাকীকৈ সদস্য ক’ভিডত আক্রান্ত হোৱাৰ পিছত খেলুৱৈসকলৰ মাজতো চিন্তা বাঢ়িছে৷
খেলুৱৈসকলক ক’ভিডৰ সংক্রমণৰ পৰা আঁতৰাই ৰাখিবলৈ দলীয় মেনেজমেণ্টে কালি টীম ইণ্ডিয়াৰ অনুশীলন বাতিল কৰে৷ আনহাতে, অভিজ্ঞ মিডল অর্ডাৰ বেটছমেন তথা সহঃ অধিনায়ক আজিংক্য ৰাহানেৰ শোচনীয় ফর্মে আলহী দলটোক চিন্তাত পেলাইছে৷
শেহতীয়া সাতটা ইনিংছৰ ছটাতে ব্যর্থ হোৱা ৰাহানেৰ স্থানত আজিৰে উদীয়মান তাৰকা সূর্যকুমাৰ যাদৱৰ টেষ্ট অভিষেক ঘটাৰ সম্ভাৱনা আছে৷ অৱশ্যে শেষ মুহূর্তত অধিনায়ক কোহলিয়ে অভিজ্ঞতাৰ ফালৰ পৰা ৰাহানেক আন এক সুযোগ দিয়াৰ সিদ্ধান্ত ল’ব পাৰে৷
ইফালে, চলিত শৃংখলাত ইতিমধ্যে ১৫১ অভাৰ বলিং কৰি কিছু ভাগৰুৱা হৈ পৰা তাৰকা বেগী বলাৰ যশপ্রীত বুমৰাহক পঞ্চম টেষ্টত বিশ্রাম দিয়াৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ তেওঁৰ স্থানত আজিৰে মহম্মদ ছামী খেলপথাৰত নামিব৷ আঘাতৰ বাবে চতুর্থ টেষ্টত খেলিব নোৱাৰা তাৰকা বেগী বলাৰগৰাকী সুস্থ হৈ উঠিছে বুলি দলীয় সূত্রই প্রকাশ কৰিছে৷
আনহাতে, ঘৰুৱা দল ইংলেণ্ডে অ’ভেলৰ ব্যর্থতা পাহৰি মানচেষ্টাৰত জয়েৰে শৃংখলা বচোৱাৰ লক্ষ্যৰে খেলপথাৰত নামিব৷ জেমছ এণ্ডাৰছন আৰু ক্রেইগ অভাৰটনৰ স্থানত কাইলৈ ইংলেণ্ডে তাৰকা বেগী বলাৰ মার্ক উড আৰু ক্রিছ ৱ’কছক মূল একাদশত অন্তর্ভুক্ত কৰাৰ সম্ভাৱনা আছে৷ সহঃ অধিনায়ক জ’ছ বাটলাৰো দললৈ উভতিছে৷
খেলৰ সময়ঃ বিয়লি ৩.৩০ বজা৷