নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিচেম্বৰত দক্ষিণ আফ্রিকালৈ টীম ইণ্ডিয়া

নিয়মীয়া বাৰ্তা, ১০ ছেপ্টেম্বৰ: তিনিখন টেষ্ট, তিনিখন এদিনীয়া আৰু চাৰিখন টি–২০ মেচত অংশগ্রহণ কৰাৰ উদ্দেশ্যে চলিত বছৰৰ ডিচেম্বৰত দক্ষিণ আফ্রিকা ভ্রমণ কৰিব টীম ইণ্ডিয়াই৷ ভাৰতীয় ক্রিকেট দলটোৰ ১৭ ডিচেম্বৰৰ পৰা দক্ষিণ আফ্রিকা ভ্রমণ আৰম্ভ হ’ব৷ টীম ইণ্ডিয়া আৰু দক্ষিণ আফ্রিকাৰ মাজৰ শৃংখলাৰ সূচীও ঘোষণা কৰিছে দক্ষিণ আফ্রিকা ক্রিকেট ব’র্ডে৷ সূচী অনুযায়ী দুয়ো দেশৰ মাজৰ টেষ্ট শৃংখলাটো ১৭ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব৷ প্রথমখন টেষ্ট ১৭ ডিচেম্বৰৰ পৰা জোহান্সবার্গত, দ্বিতীয় টেষ্ট ২৬ ডিচেম্বৰৰ পৰা চেঞ্চুৰিয়নত আৰু তৃতীয়খন টেষ্ট ৩ জানুৱাৰীৰ পৰা জোহান্সবার্গত অনুষ্ঠিত হ’ব৷ ইপিনে, এদিনীয়া শৃংখলাটো ১১, ১৪ আৰু ১৬ জানুৱাৰীত অনুষ্ঠিত হোৱাৰ বিপৰীতে টি–২০ শৃংখলাটো ১৯, ২১, ২৩ আৰু ২৬ জানুৱাৰীত অনুষ্ঠিত হ’ব৷

You might also like