জটিয়াত বাইকত অহা দুর্বৃত্তই লুটিলে বেংক গ্রাহকৰ ৫ লাখ
নিয়মীয়া বাৰ্তা ১০ ছেপ্টেম্বৰঃ আৰক্ষী–নিৰাপত্তাৰক্ষ্ গিজগিজাই থকা গুৱাহাটী মহানগৰীত ক্রমাৎ বৃদ্ধি পাইছে চুৰি, ডকাইতি আৰু অন্যান্য অপৰাধজনিত ঘটনা৷ ৰাজধানী দিছপুৰৰ গাতে লাগি থকা জটিয়াৰ পৰা বৃহস্পতিবাৰে দিন–দুপৰতে বাইকত অহা দুর্বৃত্তই এজন লোকৰ ৫ লাখ টকাৰ বেগ লৈ উধাও হয়৷
আৰক্ষী সূত্রই জনোৱা মতে বৃহস্পতিবাৰে দুপৰীয়া প্রায় ১১.১৫ বজাত জটিয়া এছ বি আইৰ শাখাৰ পৰা জাপৰিগোগৰ পৰেশ শৰণীয়া (৫১) নামৰ লোকজনে পাঁচ লাখ টকা তুলি লৈ বেংকৰ পৰা ওলাই আহে৷ বেংকৰ সমীপত ৰখাই থোৱা গাড়ীত ব্যক্তিজনে টকাৰ বেগটো থৈ চালকৰ আসনত বহাৰ সময়তে এজন যুৱক আহি গাড়ীৰ পাছফালে ব্যক্তিজনৰ টকা পৰি যোৱা বুলি কয়৷ যুৱকজনৰ কথাত চালকৰ আসনৰ পৰা ব্যক্তিজন নামি আহি বাহনৰ পাছফালে কেইখনমান ১০ টকীয়া নোট পৰি থকা প্রত্যক্ষ কৰি বুটলি লোৱাৰ সময়তে বাহনৰ ভিতৰত থকা তেওঁৰ পাঁচ লাখ টকাভর্তি বেগটো লৈ উধাও হয়৷
এই ঘটনা প্রত্যক্ষ কৰি এগৰাকী মহিলাই চিঞৰ–বাখৰ কৰে যদিও কোনো লোক আগবাঢ়ি নহাত বাইকত অহা দুর্বৃত্তই পলায়ন কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে ব্যক্তিজনে ঘৰ বনোৱাৰ বাবে বেংকৰ পৰা পাঁচ লাখ টকা উঠাইছিল৷ ঘটনা সন্দর্ভত ভুক্তভোগী ব্যক্তিজনে ভগদত্তপুৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে যদিও দুর্বৃত্তৰ সন্ধান উলিয়াব পৰা নাই৷