নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হার্ট এটেক অথবা ক’ৰনাৰী আর্টাৰী ৰোগ

সমগ্র বিশ্বত বেছিভাগ মানুহৰ মৃত্যু হোৱাৰ মুখ্য কাৰণটোৱেই হ’ল হৃদৰোগ৷ প্রতিবছৰে মুঠ ৩০ শতাংশ লোকৰ মৃত্যু হয় কেৱল হৃদৰোগজনিত কাৰণত৷ ক’ৰনাৰী আর্টাৰী ৰোগ হ’ল ইয়াৰ প্রধান কাৰণ৷ ক’ৰনাৰী আর্টাৰী ৰোগ বুলিলে আমাৰ হৃদপিণ্ডৰ ধমনী–উপ–ধমনীবোৰ্ কলেষ্টেৰল জাতীয় পদার্থ জমা হোৱাটো বুজায়, যাৰ ফলত হার্ট এটেক হোৱাৰ সম্ভাৱনা অত্যধিক হৈ পৰে৷ অর্থাৎ তেজৰ ধমনী সম্পূর্ণভাৱে বন্ধ হৈ যোৱাৰ বাবে হৃদপিণ্ডৰ মাংসপেশী নষ্ট হ’ব পাৰে৷ অতি কম সময়ৰ ভিতৰতে চিকিৎসা নকৰিলে ৰোগীজনৰ স্থায়ীভাৱে হৃদপিণ্ড দুর্বল হ’ব পাৰে নাইবা মৃত্যুমুখতো পৰিব পাৰে৷
এই মাৰাত্মক ৰোগৰ পৰা আঁতৰি থাকিবলৈ আমি সুস্থ হৃদপিণ্ডৰ জীৱনশৈলীৰ বিষয়ে Heart healthy life style) সকলোৱে সজাগ হোৱা উচিত৷ স্বভাৱগত তথা বংশগত দুয়োটা কাৰণতে আমাৰ দেশত ক’ৰনাৰী আর্টাৰী ৰোগৰ প্রভাৱ বেছি৷ ক’ৰনাৰী আর্টাৰী ৰোগৰ কাৰণ বুলিলে মুখ্যতঃ বয়স/লিংগ/বংশগত উচ্চ ৰক্তচাপ, ডায়েবেটিছ, অত্যধিক কলেষ্টেৰেল, মেদবহুলতা, অত্যধিক ধূমপান তথা মদ্যপান, অত্যধিক চর্বিযুক্ত আহাৰ গ্রহণ কৰা, মানসিক চাপ, পৰিশ্রমৰ অভাৱ, বয়স বঢ়াৰ লগে লগে হৃদৰোগ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়৷ মহিলাতকৈ পুৰুষৰ হৃদৰোগত আক্রান্তৰ হাৰ বেছি৷
ক’ৰনাৰী আর্টাৰী ৰোগৰ লক্ষণঃ বুকুৰ বিষ বা গধুৰ গধুৰ ভাব৷ যদি পৰিশ্রম কৰোঁতে বা বেগাই খোজ কাঢঁোতে বুকুখন বিষায় বা গধুৰ গধুৰ ভাব অনুভৱ হয়, যাৰ ফলত ব্যক্তিগৰাকী ৰৈ বা বহিবলগীয়া হয় আৰু তেতিয়া ক্রমান্বয়ে বুকুৰ বিষ কমি যায়৷ এই লক্ষণবোৰত ভোগা ব্যক্তিসকলৰ হূদৰোগ হোৱাৰ সম্ভাৱনা বেছি৷
চিকিৎসাঃ যদি কোনো লোকে হূদৰোগৰ লক্ষণসমূহ অনুভৱ কৰে, তেতিয়াহ’লে অতি সোনকালেই ডাক্তৰৰ পৰামর্শ ল’ব লাগে৷ চিকিৎসকে প্রাথমিক পৰীক্ষা, ইচিজি আৰু তেজৰ পৰীক্ষা cardiac biamarkors- trop I, CKMB etc.) আৰুEcho cardiography বাবে উপদেশ দিব পাৰে৷ পৰৱর্তী পর্যায়ত তেজৰ নলীত ব্লক আছে নে নাই তাক চাবলৈ ক’ৰনাৰী এঞ্জি’গ্রাফী কৰা হয়৷ যদিহে হূদপিণ্ডৰ তেজৰ নলীত কোনো বাধা থাকে, তেন্তে অতি সোনকালেই তাক এঞ্জি’প্লাষ্টি বা বাইপাছ ছার্জাৰী কৰি খুলি দিব লাগে৷
এইখিনি চিকিৎসা অতি কম সময়ৰ ভিতৰত নাপালে ৰোগীজন স্থায়ীভাৱে হৃদপিণ্ড দুর্বল বা মৃত্যুমুখত পৰিব পাৰে৷
প্রতিৰোধঃ
আমি সকলোৱে হৃদৰোগৰ আটাইবোৰ সমস্যা প্রতিৰোধ কৰিব নোৱাৰোঁ যদিও ইয়াক নিয়ন্ত্রণ কৰি ৰাখিবলৈ তলত দিয়া নিয়মসমূহ মানি চলা উচিত৷
১৷ ধূমপানৰ পৰা বিৰত থকা৷
২৷ ৰক্তচাপ আৰু তেজৰ শর্কৰাৰ পৰিমাণ নিয়মিত ৰূপে পৰীক্ষা কৰা আৰু তাক নিয়ন্ত্রণ কৰি ৰখা৷
৩৷ ওজন কমোৱা৷
৪৷ দৈনিক ব্যায়াম৷ খৰকৈ খোজকঢ়া, দৌৰা ইত্যাদি কমেও ৩০ মিনিট দৈনিক কৰিব লাগে৷
৫৷ মানসিক চাপ কমোৱা৷ মেডিটেচন বা যোগাভ্যাস ইত্যাদি৷
৬৷ সুষম আহাৰ৷ প্রচুৰ পৰিমাণে শাক–পাচলি আৰু ফলমূল খোৱা৷

 

হৃদৰোগ বিশেষজ্ঞ
জিএনআৰচি, ছয়মাইল
ফোনঃ ৮০০৩৪–৫০০২২

You might also like