এনএইচপিচিৰ মুখ্য প্রৱেশদ্বাৰত উত্তাল প্রতিবাদ
নামনি সোৱণশিৰি প্রকল্প সম্পূর্ণৰূপে ভাঙি দিয়াৰ দাবী কৃষক মুক্তিৰ
নিয়মীয়া বাৰ্তা ১৪ ছেপ্টেম্বৰঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প সম্পূর্ণৰূপে ভাঙি দিয়াৰ দাবীত আজি কৃষক মুক্তি সংগ্রাম সমিতিয়ে গেৰুকামুখত ধর্ণা কার্যসূচী ৰূপায়ণ কৰে৷ সোৱণশিৰি উপত্যকাক সম্পূর্ণৰূপে নিঃশেষ কৰি দিব পৰা এই জলবোমাৰ নির্মাণকার্য চলাই থকা এন এইচ পি চি, কেন্দ্রীয় চৰকাৰ আৰু বান্ধ লবীক সকীয়নি দি কৃষক মুক্তি সংগ্রাম সমিতি আৰু ছাত্র মুক্তি সংগ্রাম সমিতিৰ নেতৃত্বই এয়া দ্বিতীয় পর্যায়ৰ সংগ্রামৰ আৰম্ভণি বুলি ঘোষণা কৰি দুই শতাধিক প্রতিবাদকাৰীয়ে এন এইচ পি চিৰ মুখ্য প্রৱেশদ্বাৰত উত্তাল পৰিৱেশ সৃষ্টি কৰে৷ পুলিচ–চি আৰ পি এফৰ বেষ্টনী ভেদি সংগঠনটোৱে আন্দোলন আগুৱাই নিয়ে৷
উল্লেখ্য যে ২০১১ চনৰ পৰা কৃষক মুক্তি সংগ্রাম সমিতি আৰু কেইবাটাও সংগঠনৰ তীব্র গণ আন্দোলনৰ ফলতেই বৃহৎ নদীবান্ধ নির্মাণৰ কাম–কাজ বন্ধ হৈ আছিল৷ ২০১৫ চনত কেন্দ্রীয় চৰকাৰ, নদীবান্ধবিৰোধী দল–সংগঠন আৰু ৰাজ্য চৰকাৰৰ মাজত হোৱা ত্রিপাক্ষিক বৈঠকৰ পাছত নদীবান্ধ নির্মাণৰ কাম বন্ধ ৰাখি অসমৰ ৪জন বিশেষজ্ঞ আৰু কেন্দ্রীয় চৰকাৰৰ ৪জন বিশেষজ্ঞক লৈ এখন পুনৰীক্ষণ সমিতি গঠন কৰা হৈছিল৷ সেই পুনৰীক্ষণ সমিতিৰ প্রতিবেদন, অসমৰ বিশেষজ্ঞৰ মতামত ৰাজহুৱা কৰা নহ’ল৷ সাম্প্রতিক ক’ৰোনা মহামাৰীৰ সুযোগ লৈ এন এইচ পি চিয়ে নদীবান্ধৰ কাম ত্বৰান্বিত কৰিলে৷
ধর্ণাস্থলীত অনুষ্ঠিত প্রতিবাদী সভাত ছাত্র মুক্তি সংগ্রাম সমিতিৰ কার্যকৰী সভাপতি মানস কোঁৱৰে কয়– অসমৰ জনতাই নদীবান্ধ নির্মাণৰ বিৰোধিতাৰে কৰা আন্দোলনে নদীবান্ধ নির্মাণৰ কাম বন্ধ কৰি ৰাখিছিল৷ চৰকাৰে জনতাৰ মতক আওকাণ কৰি ভিতৰি ভিতৰি লুকাই–চুৰকৈ যি নির্মাণকার্য চলাই আছে, সেয়া কৃষক মুক্তি সংগ্রাম সমিতি আৰু ছাত্র মুক্তি সংগ্রাম সমিতিয়ে কোনো কাৰণতে হ’বলৈ নিদিয়ে৷ প্রতিবাদী কার্যসূচীত কৃষক মুক্তি সংগ্রাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই কয় যে অসমৰ মানৱতাবাদী আৰু প্রকৃতিপ্রেমী জনগণই এন এইচ পি চিয়ে বনাবলৈ আৰম্ভ কৰাৰ পৰাই নদীবান্ধৰ বিৰোধিতা কৰি আহিছে৷ অসমৰ কোনো এজন মানুহে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পক সমর্থন কৰা নাছিল৷
নামনি অংশৰ মানুহৰ তথা উত্তৰ অসমৰ সভ্যতা, সংস্কৃতি আৰু জীৱন–সম্পত্তিক নিৰাপত্তাহীন কৰি তোলা বৃহৎ নদীবান্ধৰ বিৰুদ্ধে আজিৰ পৰা কৃষক মুক্তি সংগ্রাম সমিতিৰ দ্বিতীয় পর্যায়ৰ আন্দোলনৰ আৰম্ভণি ঘটিল৷ প্রতিবাদী জনতাৰ সন্মুখত ছাত্র মুক্তি সংগ্রাম সমিতিৰ সভাপতি বিতু সোণোৱালে কয় যে কৃষক মুক্তি সংগ্রাম সমিতিৰ আন্দোলনে বৃহৎ নদীবান্ধবিৰোধী আন্দোলনক অসমৰ ৰাজনীতিৰ কেন্দ্রীয় বিষয় হিচাপে প্রতিষ্ঠা কৰা কাৰণেই ৰাজনাথ সিঙে গেৰুকামুখত আহি নদীবান্ধৰ বিৰোধিতা কৰিছিল৷ সেই বিজেপিয়ে এতিয়া ওলোটাখৰ মাৰি লখিমপুৰ, ধেমাজি, মাজুলীৰ মূৰৰ ওপৰত এই জলবোমা নির্মাণ কৰিছে৷ নিয়াই আমাক গ্রেপ্তাৰ কৰাৰ অন্তৰালত নদীবান্ধ লবীৰ হাত আছিল৷ অখিল গগৈ আৰু কৃষক মুক্তিৰ নেতৃত্বই এই বন্দিত্বৰ সময়ত নিয়াই নদীবান্ধ মানি লোৱাৰ বাবে দিয়া প্রস্তাৱক অমান্য কৰিছিল৷ আজিৰপৰা আৰম্ভণি হোৱা নদীবান্ধবিৰোধী গণ আন্দোলন অনাগত দিনত অধিক সুতীব্র ৰূপত গঢি তোলাৰ হুংকাৰ দিয়ে কৃষক মুক্তি সংগ্রাম সমিতিয়ে৷