নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি বিশ্ব খনিকৰ বিশ্বকর্মা পূজা

নিয়মীয়া বাৰ্তা, ১৭ ছেপ্টেম্বৰঃ আজি বিশ্ব খনিকৰ বিশ্বকর্মা পূজা৷ ৰাজ্যৰ প্রান্তে প্রান্তে ক’ভিড বিধি মানি আয়োজন কৰা হৈছে বিশ্বকর্মা পূজা৷ বিগত দুটা বছৰ ধৰি ক’ভিড সংক্রমণৰ বাবে উৎসৱ–পার্বণ অনুষ্ঠিত কৰাৰ ক্ষেত্রত কেতবোৰ কঠোৰ নীতি–নির্দেশনা জাৰি কৰা হৈছিল৷

বর্তমান ক’ভিডৰ সংক্রমণ যথেষ্ট হ্রাস পোৱাৰ লগতে ৰাজ্যৰ অধিকাংশ লোকে ক’ভিড ভেকচিন লাভ কৰাৰ বাবে সীমিত পৰিসৰৰ মাজত বিশ্বকর্মা পূজাৰ আয়োজন কৰা হৈছে৷ এই উপলক্ষে মহানগৰীৰ গণেশগুৰি, মালিগাঁৱকে ধৰি বিভিন্ন স্থান ভৰি পৰিছে মৃণ্ময় মূর্তিৰে৷ সৰু–বৰ বিভিন্ন আকৃতিৰ মৃণ্ময় মূর্তি ক্রয় কৰাৰ বাবে গ্রাহকে ভিৰ কৰা পৰিলক্ষিত হয়৷ সমান্তৰালভাৱে পূজাত ব্যৱহূত বিভিন্ন সামগ্রীও বজাৰত উপলব্ধ হৈছে৷ ফুল–তুলসী, মাটিৰ চাকি, কলপুলি আদিও মহানগৰীৰ বজাৰত উপলব্ধ হৈছে৷

উল্লেখ্য যে ক’ভিডৰ প্রতি লক্ষ্য ৰাখি সুকীয়া নীতি–নির্দেশনা জাৰি কৰা হোৱা নাই যদিও দুর্গাপূজা আয়োজনৰ বাবে এছ অ’ পি প্রকাশ কৰিছে ৰাজ্য চৰকাৰে৷ সকলো ধৰণৰ ক’ভিড প্রট’কল অনুসৰণ কৰি বিশ্বকর্মা পূজা আয়োজন কৰিবলৈ ৰাজ্য চৰকাৰে আহ্বান জনাইছে৷

You might also like