নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজাৰত মূল্যবৃদ্ধিৰ জুইঃ ক’ভিডৰ মাজতে ৰাজ্যবাসীৰ মূৰত ৰামটাঙোন

নিয়মীয়া বাৰ্তা, ১৭ ছেপ্টেম্বৰঃ  ক’ভিডৰ সংক্রমণে ৰাজ্যৰ স্বাভাৱিক জীৱনযাত্রা বিগত দুটা বছৰ ধৰি ব্যাহত কৰি ৰাখিছে৷ দীর্ঘদিনীয়া লকডাউন, কঠোৰ নীতি–নির্দেশনাই কোঙা কৰিছে সাধাৰণ জনতাক৷ উপার্জনহীন হৈ পৰিছে বহু লোক৷ ইয়াৰ মাজতে অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজৰ মূৰত মাধমাৰ শোধাইছে৷ শেহতীয়াকৈ নিত্য ব্যৱহার্য সামগ্রীৰ মূল্য আকাশলংঘী হাৰত বৃদ্ধি পাইছে৷ মচুৰ দাইল–চেনি–আলু–কণী– আদিকে ধৰি ব্যাপক হাৰত মূল্যবৃদ্ধি ঘটিছে খাদ্য–সামগ্রীৰ৷ বজাৰ মূল্য অনুসৰি বিগত এসপ্তাহৰ ভিতৰতে প্রতিকিলোগ্রাম মচুল দাইলৰ মূল্য ১০ৰ পৰা ৩০ টকা পর্যন্ত বৃদ্ধি হৈছে৷

সম্প্রতি বজাৰত ডাঙৰ, মজলীয়া আৰু সৰু মচুল দাইলৰ খুচুৰা মূল্য হৈছে ক্রমে ১১০ টকা, ১২০ টকা আৰু ১৩০ টকা৷ পূর্বে এই মূল্য আছিল ক্রমে ৮০ টকা, ৮৫ টকা আৰু ৯০ টকা৷ পাইকাৰী বজাৰত প্রতিকুইণ্টলত হঠাৎ মচুল দাইলৰ মূল্য বৃদ্ধি পোৱাৰ ফলতে খুচুৰা বজাৰতো ইয়াৰ দাম বাঢ়িছে৷ সেইদৰে দাম বাঢ়িয়েই আছে মিঠাতেলৰ৷ একেৰাহে কেইবামাহো ধৰি ব্যাপক হাৰত মূল্যবৃদ্ধি ঘটা মিঠাতেলৰ মূল্য যোৱা মাহত সামান্য হ্রাস পাইছিল৷ ২২০ টকাৰ পৰা প্রতিলিটাৰ মিঠাতেলৰ মূল্য যোৱা মাহত ১৭০ টকালৈ হ্রাস পাইছিল৷ কিন্তু চলিত সপ্তাহত পুনৰ হোৰাহোৰে বাঢ়িছে মিঠাতেলৰ দাম৷ বজাৰত পুনৰ প্রতিলিটাৰ মিঠাতেলৰ দাম ২২০ টকা পর্যন্ত বৃদ্ধি পাইছে৷ একেদৰে দাম বৃদ্ধি হৈছে চেনিৰো৷

পূর্বে খুচুৰা বজাৰত প্রতিকিলোগ্রাম চেনিৰ মূল্য আছিল ৪০ টকা৷ কিন্তু চলিত সপ্তাহত চেনিৰ মূল্য খুচুৰা বজাৰত প্রতি কিলোগ্রামত ৫০ টকা পর্যন্ত বৃদ্ধি পাইছে৷ পাইকাৰী বজাৰত পূর্বে প্রতিকুইণ্টল চেনিৰ মূল্য আছিল ৩,৬০০ টকা৷ সম্প্রতি এই মূল্য ৪,২০০ টকালৈ বৃদ্ধি পাইছে৷ আনহাতে পুনৰ বৃদ্ধি হৈছে কণীৰ মূল্য৷ প্রতি কার্টন কণীৰ মূল্য ১০০ টকা পর্যন্ত বৃদ্ধি হৈছে৷ পূর্বে প্রতি কার্টন কণীৰ মূল্য আছিল ১,০৩০ টকা৷ ইয়াৰ বিপৰীতে আজি এই মূল্য প্রতি কার্টনত ১,১২০ টকালৈ বৃদ্ধি হৈছে৷ যাৰ বাবে খুচুৰা বজাৰত কণীৰ মূল্য প্রতিযোৰত ১২ টকাৰ পৰা ১৪ টকালৈ বৃদ্ধি পাইছে৷ সেইদৰে সামান্য পৰিমাণে বৃদ্ধি পাইছে আলুৰ মূল্য৷ আগ্রা আলুৰ মূল্য পাইকাৰী বজাৰত প্রতিকুইণ্টলত ১,৬০০ৰ পৰা ১,৮০০ টকালৈ বৃদ্ধি হৈছে৷

আনহাতে অত্যাৱশ্যকীয় আন সামগ্রীৰ লগতে বজাৰত ভিন্ন ধৰণৰ চাউলৰ মূল্যও ১৬০ টকা পর্যন্ত বৃদ্ধি হৈছে৷ প্রতি ২৫ কিলোগ্রাম উখুৱা চাউলৰ মূল্য ৮৭০ টকাৰ পৰা ৯৬০ টকালৈ বৃদ্ধি পাইছে৷ যাৰ বাবে খুচুৰা বজাৰত প্রতি কিলোগ্রাম উখুৱা চাউলৰ মূল্য ৪০ৰ পৰা ৫০ টকালৈ বৃদ্ধি হৈছে৷ সেইদৰে সোণাশক্তি চাউলৰ মূল্য প্রতি ২০ কিলোগ্রামত বৃদ্ধি হৈছে ২০ টকা৷ আইজং চাউলৰ প্রতি ২৫ কিলোগ্রামৰ বেগৰ মূল্য ৭০০ৰ পৰা ৭৬০ টকালৈ বৃদ্ধি হৈছে৷

লক্ষণীয়ভাৱে শেহতীয়াকৈ বিভিন্ন ব্রেণ্ডৰ বিস্কুটৰ মূল্যও যথেষ্ট পৰিমাণে বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷ ইন্ধন, ৰন্ধন গেছৰ মূল্য বৃদ্ধিৰ সমান্তৰালকৈ শাক–পাচলি, ফলমূল, মাছ–মাংসৰ মূল্যবৃদ্ধিৰ লগতে নিত্য ব্যৱহার্য গেলামাল সামগ্রীৰ দাম বৃদ্ধিয়ে স্বাভাৱিকতে সাধাৰণ ৰাইজৰ মাজত হাহাকাৰ সৃষ্টি কৰিছে৷

মূল্যবৃদ্ধি নিয়ন্ত্রণ কৰিবলৈ বিভিন্ন দল–সংগঠনৰ লগতে ৰাইজে সঘনাই দাবী উত্থাপন কৰি আহিছে যদিও এইক্ষেত্রত ৰাজ্য চৰকাৰৰ অসামৰিক খাদ্য যোগান বিভাগে প্রদর্শন কৰি আহিছে অনীহা৷ আনকি এই বিভাগটোৰ মন্ত্রী ৰঞ্জিত কুমাৰ দাসে শেহতীয়াকৈ মূল্যবৃদ্ধি সন্দর্ভত সংবাদ মাধ্যমৰ আগত প্রতিক্রিয়া প্রকাশ কৰি কৰা কেইবাটাও মন্তব্যই ৰাইজৰ মাজত প্রতিক্রিয়াৰহে সৃষ্টি কৰিছে৷

You might also like