ৰাজ্যৰ ক’লা বজাৰত নতুন সংযোজনঃ চুপাৰিৰ নামত চেৱা গছৰ গুটিৰে সাধাৰণ ৰাইজক খুৱাইছে বৰবিহ
নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ নির্দেশত ৰাজ্যৰ আৰক্ষী প্রসাশনে ক’লা ব্যৱসায়ীৰ বিৰুদ্ধে অধিক কঠোৰ স্থিতি গ্রহণ কৰাৰ সময়তে ৰাজ্যৰ ক’লা বজাৰত এক নতুন সামগ্রীৰ সংযোজন ঘটাৰ কথা জানিব পৰা গৈছে৷ এইবাৰ চুপাৰিৰ নামত চেৱা গছৰ গুটিৰ (চেৱা তামোল,Cryota Urens) এক বিশাল সাম্রাজ্যৰে ব্যাপক ৰূপত ক’লা বজাৰ দখলৰ দিশে আগবাঢ়িছে এটা অসাধু চক্রই৷ উজনিৰ পৰা নামনিলৈ দৈনিক সৰবৰাহ হয় চেৱা গুটি৷
উল্লেখ্য যে গুট্খা, পাণমছলা ইত্যাদি প্রস্তুতকৰণত ব্যৱহূত অসমৰ থলুৱা তামোলৰ পৰা উৎপাদিত চুপাৰিৰ এক বিশেষ চাহিদা আছে অসমৰ বজাৰত৷ অতি মূল্যৱান এই চুপাৰিক লৈ ৰাজ্যত বৈধভাৱে এক বৃহৎ অংকৰ পঁূজিৰে এখন বজাৰ চলি থকাৰ সমান্তৰালভাৱে চোৰাং চুপাৰিক লৈও কোটি কোটি টকাৰ এখন অবৈধ বজাৰ পৰিচালিত কৰি আহিছে এটা অসাধু চক্রই৷
ইয়াৰ মাজতে এই চুপাৰিৰ নামতে এতিয়া চেৱা গছৰ গুটিৰ আন এক নতুন ক’লা বজাৰ সৃষ্টি কৰিছে মাফিয়া চক্রই৷ মানুহে খোৱা সামগ্রীৰ ভিতৰত নপৰে যদিও এই চেৱা গছৰ গুটি দেখাত সাইলাখ চুপাৰিৰ দৰেই৷ আৰু ইয়াৰেই সুযোগ গ্রহণ কৰি এটা বৃহৎ অসাধু তথা মাফিয়া চক্রই চুপাৰিৰ নামত উজনিৰ তিনিচুকীয়া, ডিব্রুগড ইত্যাদি জিলাৰ পৰা দৈনিক এই চেৱা গুটি সৰবৰাহ কৰি উপার্জন কৰিছে লাখ লাখ টকাৰ ক’লা ধন৷
জানিব পৰা মতে, নগাঁও জিলাৰ এটা অসাধু চক্রই তিনিচুকীয়া জিলাৰ ছৈখোৱা, ডাঙৰী, কাকপথাৰ আদি অঞ্চলত এই চেৱা গছৰ গুটি সংগ্রহৰ বাবে নিয়োগ কৰিছে বিশেষ এজেণ্ট৷ এই এজেণ্টসকলে গাঁৱৰ বিভিন্ন ব্যক্তিৰ ঘৰৰ বাৰীৰ পৰা পানীৰ দৰত এই চেৱা গছৰ গুটি ক্রয় কৰি পৰৱর্তী সময়ত একাংশ দুর্নীতিগ্রস্ত আৰক্ষীৰ সহযোগত ছৈখোৱাৰ পৰাই নৈশবাছৰ জৰিয়তে বস্তাই বস্তাই সৰবৰাহ কৰে নগাঁও জিলাকে ধৰি নামনিৰ ভিন্ন প্রান্তলৈ৷ পৰৱর্তী সময়ত এই অতি কম দামতে লাভ কৰ চেৱা গছৰ গুটিসমূহক শুকুৱাই চুপাৰিৰ সৈতে মিহলি কৰি অতি উচ্চ দৰত বজাৰত বিক্রী কৰি সাধাৰণ জনতাক বৰবিহ খুৱাই আহিছে এই অসাধু চক্রটোৱে৷
আনহাতে ছৈখোৱাৰ ধলা বজাৰত দিন–দুপৰতে ৰখাই থোৱা নৈশবাছত বস্তাই বস্তাই এই চেৱা গছৰ গুটি উঠাই থকা হয় যদিও এইক্ষেত্রত নীৰৱ ভূমিকা সমীপতে থকা শদিয়া জিলা আৰক্ষী প্রশাসনৰ অন্তর্গত ধলা আৰক্ষী থানাৰ আৰক্ষী৷
অভিযোগ উত্থাপন হৈছে শীর্ষ আৰক্ষী বিষয়াক অন্ধকাৰত ৰাখি থানাখনৰ দুজন দুর্নীতিগ্রস্ত আৰক্ষীয়ে এই চেৱা গছৰ গুটি সৰবৰাহকাৰীৰে গোপন সম্পর্ক ৰক্ষা কৰি আহিছে৷ যাৰ পৰিপ্রেক্ষিতত অনায়াসে বিনাদ্বিধাই ছৈখোৱাৰ পৰা নৈশবাছেৰে নামনি অসমলৈ এই চেৱা গছৰ গুটি মাফিয়া চক্রটোৱে সৰবৰাহ কৰিবলৈ সক্ষম হৈছে বুলি ৰাইজৰ মাজত চর্চা হোৱা পৰিলক্ষিত হৈছে৷ এইক্ষেত্রত শীঘ্রেই এই চেৱা গছৰ গুটি সৰবৰাহকাৰী চক্রটোক উৎখাত কৰিবলৈ প্রশাসনক দাবী জনাইছে সচেতন সমলে৷